পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৩ )


ৰাম।— দ্বাৰি ময় আকৌ যুদ্ধলৈ আহিলে ৰজাৰ আগত কগৈ।

( দ্বাৰিৰ প্ৰস্থান ) শতস্কন্ধৰ ওচৰ চাপি।

দ্বাৰি।— মহাৰাজ যুদ্ধৰ সাজেৰে ৰাম আকৌ আহিল।

শতস্কন্ধ।— ৰামৰ ওচৰলৈ গৈ। শতস্কন্ধ ( ৰামক চাই ) এনে নিলাজ ৰাম তোমাক এবাৰ খেদিলো আকৌ আহিলি চি, চি,।

ৰাম।— সেই কথা কব নেলাগে ময় শৰ কৰো এই সাৱধান হবি।

শতস্কন্ধ।— তোৰ মহত এতিয়া মই বুজিব পাৰিম। ৰামে শৰ মাৰে শতস্কন্ধে হাত মেলি ধৰি আকৌ অযোধ্যাত পেলাই দিলে সকলো দেখি আচৰিত হল।

আছৰিত কথা॥— সকলোৱে ভাবী চানে এতাই বোৰ, মিছা, জগতৰ ঈশ্বৰ ৰামচন্দ্ৰে এনে কাম কৰে বুলি কোনে জানিব। এতিয়া এনে কাম কৰিলে, আমাক সকলোয়ে, মন্দ বুলিব, নহয় জানো। শতস্কন্ধ ৰাৱণে, ৰামচন্দ্ৰক এবাৰকৈ নহয় দুবাৰ অযোধ্যাত হাট মেলি থলে। একি সামান্য কাম, ছমাহৰ বাত। তেও যে ৰাম ঘুৰি আহি আকৌ যুদ্ধ খোযে, শতস্কন্ধ অতি সভ্য বাবে, তেওৰ প্ৰাণ বধ নকৰি, দুবাৰ ক্ষেমিলে। প্ৰথম