পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হনুৰ বিলাপ।
ৰামৰ শোকত কান্দে।

হা’ হৰি হৰি,   কিকৰিলা বিধি,
  এভো প্ৰাণ নেজাই মৰি।
কোন দোষে মোক,   এৰিলাহা নাথ,
  আমাক অনাথ কৰি॥
ৰাৱণক মাৰি,   সবংশে সংহাৰি,
  আনিলা সীতা গোসাণী।
আসি অযোধ্যাত,   লৈলা ৰাজ্য পাত,
  সেৱে সযাগৰ প্ৰাণী।
এবে মই আজি,   কিকৰিবো বুন্ধি,
 অযোধ্যা অনাথ কৈলা।
শতস্কন্ধ হাতে,   মৰিলা সবংশে
  অযোধ্যা শ্মশান কৈলা॥
উঠ। প্ৰভু দেৱ,   চৰণত সেৱ,
  কৰো তিনি সাত বাৰ।
কমল চন্দ্ৰ দীন,   ভকতি বিহিন;
  গুৰুপদে নমস্কাৰ॥


হনু।—মই আত কান্দি থাকিলে কি হব মাতৃৰ গুৰিলৈ যাও।

 জাপ মাৰী আযোধ্যা পাই সীতাক সকলো বৃত্তান্ত কয় সীতাৰ মৰিল দগধ হল হনুমানৰ দিঙ্গিও ধৰি বহুত কান্দিলে।