পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬ )


দানৱ দলন দুষ্ট সব বিনাশন।
ভকত জনৰ গতি দাতা নাৰায়ণ॥
সৃষ্টি নষ্ট যাই দেখা মৰে দেৱগণ॥
পূৰ্ব্বে আমাসাক কেনে কৰিলা সৃজন॥
তোমাৰেসে ভাৰ্য্য সীতাদেবী ভগৱতী।
তোমাৰ বিহনে নষ্ট কৰয় সম্প্ৰতি॥
এহি বুলি সবে দেৱে কৰি কৃতাঞ্জলি॥
উঠিলা লক্ষ্মণ ৰামদেৱ “মহাবলি’’॥
সমস্তে দেৱক পাছে প্ৰণাম কৰিলা।
হনুমন্তে আগে পাছে কাৰ্য্য নিয়মিলা॥
হনুমন্তে বোলে প্ৰভু দেৱ ৰঘুপতি।
তোমাৰ বিহনে সীতা হৈছে বিসঙ্গতি॥
শ্যামাৰূপ ধৰি শতস্কন্ধ সংহাৰিলা।
সমস্তে জগতে ঘোৰ প্ৰলয় মিলিলা॥
পাছে ৰামচন্দ্ৰে সেহি ৰূপক দেখিলা।
দেৱতাগণৰ মাজে উঠিলৰ দিলা॥
ভয়ঙ্কৰ ৰূপ স্বৰ্গ চুই আছে কায়।
ৰিঙ্গপাৰি দশন প্ৰকটি ফুৰে ধাই॥
পাছে আলচিয়া সবে কথা গুণি পাইলা।
হনুক চাহিয়া সবে বচন বুলিলা॥
শুনা বাপু শান্ত কৰা সীতাৰ “কোপক
সীতাৰ দুৰ্ঘোৰ ৰূপ গুচাওক তাক॥