পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )


পাছে হনু সবাহৰ পাৱে প্ৰণামিলা।
দেবীৰ পাৱত দুই হাত আৰোপিলা॥
পাৱেপৰি বায়ুসুতে আছে স্তুতি কৰি।
মহাক্ৰোধে সীতা দেবী ফুৰয় লৱৰি॥
অসংখ্যাত স্তুতি কৰি আছে হনুমান।
শান্ত হৈয়া সীতা পাছে দিলা সমিধান॥
স্বামী বধিকৈক গৈল কহ নিষ্ট কৰি।
হনু বোলে শুনামাৱ সিটো গৈলমৰি॥
দেখা ৰাম লক্ষ্মণ, সুগ্ৰীব, বিভীষণ।
জীৱন্তে আছয় দেখা বালিৰ নন্দন॥
দেৱতাগণক প্ৰতি বুলিলাত হিত।
অধোমুখ হৈয়া মাৱ ভৈলেক লজ্জিত॥
সমস্তে দেৱতা গৈল নিজ নিজ স্থান।
ৰামৰ চৰণ সেবি কৰিলা পয়ান॥
অযোধ্যাক গৈল “ৰামচন্দ্ৰ ৰঙ্গমন”।
শুনা সমাজিক ইটো কথা ৰামায়ণ॥
দেখা দেখা নৰলোক গোবিন্দৰ লীলা।
সীতাপতি ভৰ্ত্তা প্ৰভু আপুনি ৰাখিলা॥
ভকত বৎসল “ৰাম” দেৱ নাৰায়ণ।
জানিয়া সত্বৰে সেৱা ৰামৰ চৰণ॥
মিচা ধনজন পুত্ৰ ভাৰ্য্যা অকাৰণ॥
চাইমাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥