পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯ )


ৰামে বোলে বীৰ তুমি যুদ্ধত প্ৰধান।
শৰ প্ৰহাৰোহোঁ মই হোৱা সাবধান॥
এহি বুলি ধনুশৰ ধৰি ৰঘুৰাই।
গাৱে শৰ মাৰে তাৰ ভ্ৰুভঙ্গ নাই॥
স্বৰ্গত লাগিল দেহ মুণ্ড দানৱৰ।
নপৰয় শৰ তাৰ আঠুৰ উপৰ॥
পাছে শতস্কন্ধ বীৰে হাতে ধৰি গদা।
সমস্তে সেনাক নাশ কৰিলে সৰ্ব্বদা॥
ৰথধ্বজ পদাতি কৰিলে সবে চন্ন।
হাতে পাৱে ধৰি নিল ৰাম যে লক্ষ্মণ॥
ডাঙ্গি ধৰি পুনৰ্ব্বাৰ অযোধ্যাত থৈলা।
বজ্ৰ হাতে আঁটিলেক চেতন হৰিলা॥
কতো বেলি সুস্থ ভৈল ৰঘুবংশ নাথ।
লাজে অধোমুখ হুয়া ছপৰাইলা মাথ॥
লক্ষ্মণক বোলে বাপু কিবা চাস আৰ।
দূত পঠাই বীৰ বাপু অনাও আমাৰ॥
বিভীষণ, অঙ্গদ, সুগ্ৰীৱ, হনুমান।
সমস্তে আসোক অস্ত্ৰ শস্ত্ৰও প্ৰধান॥
তেতিক্ষণে দূত পঠাই দিলন্ত লক্ষ্মণ।
তিনি অক্ষৌহিণী সেনা নিশানৰগণ॥
ৰঙ্গ কৰি আসিলেক বিভীষণ ৰায়।
সুগ্ৰীৱ অঙ্গদ আইল ৰাঘৱৰ ঠাই॥