লাহৰী/বিংশ আধ্যা
আহিবলৈ ধৰিলে। বুঢ়া-বুঢ়ীয়েও লাহৰীক পাই যেন হাততে মৰমৰ হেৰোৱা পুতেকক আকৌ পালে, এনে ভাবিলে; আৰু দিনক-দিনে লাহৰীৰ প্ৰতি সিবিলাকৰ আন্তৰিক মায়া-মোহ বাঢ়িবলৈ ধৰিলে।
এনে অপাৰ আনন্দত বিভোল হৈ বুঢ়া-বুঢ়ী আৰু লীলাময়ী লাহৰীয়ে পৃথিবীতে স্বৰ্গ-সুখ ভুঞ্জি আৰু এমাহ কটালে। সেই আনন্দ অপ্ৰতুল কৰিছিল মাথোন কমল আৰু লাহৰীৰ আইতাক-দেউতাক সকলোটিৰ সন্মিলনৰ অভাৱে। সেই কাৰণে, তিনিওৰে ইচ্ছাসোঁতে একে সোঁতা হৈ সিবিলাকৰ মহানন্দ অপূৰ্ণ কৰা বাকী তিনি প্ৰাণীক বিচাৰি যাবলৈ ঢাল খালে। কমলৰ আইতাকে পোন-প্ৰথমেই প্ৰস্তাৱটি আগ বঢ়ালে; আৰু কমলৰ দেউতাকে ততালিকে সমৰ্থন কৰিলে; শেহত লাহৰীৰ অনুমোদনৰে সৈতে সেই প্ৰস্তাৱ গৃহীত হল। যথাসময়ত সকলো আয়োজন কৰি লৈ, ঘৰৰ লগুৱা দুটা, লিগিৰী এজনী আৰু গাঁৱৰ চুবুৰীয়া দুজন মান মানুহ লগত লৈ সিবিলাকে পামপুৰলৈ যাত্ৰা কৰিলে। আহিবৰ সময়ত ঘৰত লৰা-তিৰোতা-লগা লগুৱা এটাক বয়-বস্তু ভালকৈ গতাই দি অহা হল ৷ সিবাৰৰ দুৰ্ঘটনা ঘটিবৰেপৰা বুঢ়া-বুঢ়ীয়ে আজি হে আকৌ নাৱত উঠিবলগীয়া হৈছে ৷ এইবাৰ গোহাঞি-বৰুৱা ডাঙৰীয়াই বৰনৈ পাৰ হবলৈ বুলি নাৱত ভৰি দিয়াৰ আগতে সকলোকে সতৰ্ক কৰি দিছিল; আৰু নিজেও বিশেষ সাৱধানে আছিল; বিশেষকৈ লাহৰীৰ ওপৰত তেওঁ বৰকৈ চকু ৰাখিছিল। তথাপি, বৰনৈৰ মাজ পাওঁতে বৰুৱানীৰ গা কঁপি উঠিল, বৰুৱাৰো মন-প্ৰাণ অস্থিৰ হৈ পৰিছিল ৷ নাৱৰীয়াহঁতে সিবিলাকৰ মনৰ অৱস্থা বুজিব পাৰি, কোবাকুবিকৈ নাও মাৰি, সকলোটিকে নিৰ্বিঘ্নে সিপাৰত তুলি দিলেগৈ ৷
আগবঢ়াই থবলৈ যোৱা চুবুৰীয়া মানুহ সকলোটি বৰনৈৰ ইপাৰৰপৰাই উভতিল ৷ লাহৰী আৰু বুঢ়া-বুঢ়ী প্ৰমুখ্যে উত্তৰপৰীয়া হোৱা দলে মানুহক সুধি সুধি উজনিৰ ন-ভগনীয়া বিষয়াসকলে ন-কৈ পতা পামপুৰলৈ বাট ললে ৷ বাটে বাটে আনন্দৰ কথা-বাৰ্ত্তা পাতি যাওঁতে যাওঁতে সিবিলাক পামপুৰ সোমালগৈ। আৰু দুঘৰ-তিনিঘৰ পাৰ হৈ অলপ বাট যাওঁতেই কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ ফালে ঘূৰিবলগীয়া বাটৰ পাকটো পোৱা গল। সেই খিনিত ভৰি দিওঁতে লাহৰীৰ গোটেই গাত কি যে এক হৰ্ষ-বিষাদৰ পিৰ্পিৰণি উঠিছিল, তাক কথাৰে ফুটাই কবলৈ টান। লাহৰীয়ে মাটিত ভৰি পেলাইছে আৰু কিবা এক শক্তিয়ে যেন লাচতে তেওঁৰ খোজ তুলি তুলি দিছে! বাস্তৱতে, আজি কীৰ্ত্তিনাথ গোহাঞিৰ পদূলিৰ শোভা দেখিলে বেজাৰত জঠৰ হোৱা মানুহৰ গাতো আনন্দৰ পিৰ্পিৰণি উঠে! সবাৱৰে আগত বাট দেখুৱা মানুহ এটি, তাৰ পাচত শান্তিৰাম গোহাঞি-বৰুৱা, তেওঁৰ পাচত তেওঁৰ ভাৰ্য্যা, তেওঁৰ পাচতে তেওঁবিলাকৰ ভাবী-বোৱাৰী লাহৰী, তেওঁৰ পাচত লিগিৰীজনী, সকলোৰে পাচত লগৰীয়া লগুৱা আৰু ভাৰী দুটাই লানী পাতি পদূলি শুৱনি কৰি সোমাইছেগৈ। কীৰ্ত্তিনাথ গোহাঞি বাজ-চ’ৰাতে কমলক কাষত বহুৱাই লৈ বহি কথা পাতি আছিল;এনেতে আলহীসকল চাপি আগতে থিয় দিলেগৈ। কীৰ্ত্তিনাথ গোহাঞি-ফুকনে তধা লাগি চিনোঁ চিনোঁ ভাৱেৰে শান্তিৰাম গোহাঞিবৰুৱাৰ মুখলৈ চায়ে ৰল; কমলেও সপোনেই নে দিঠকেই তত ধৰিব নোৱাৰি বিস্ময় মানি চাবলৈ ধৰিলে। কিন্তু, পিচ মুহূৰ্ত্ততে “ঔ, আইতাঔ, মোৰ দেউতাঔ, লাহৰীঔ” বুলি কমলে আইতাক আৰু দেউতাকৰ পাৱত আকোঁৱাল মাৰি ধৰিলে গৈ; ইফালে উভলি-পৰা কল-পুলিটিৰ দৰে আকুল হৈ লাহৰী নিজৰ দেউতাকৰ পাৱত পৰিলহি ! এই দৰে দুই ঘোৰাৰে হেঁপাহৰ আন্দোলনিত কোঢ়াল লাগি উঠিল; এনেতে ভিতৰত লাহৰীৰ আইতাকে তাৰ গম্ পালে। ‘লাহৰী’ নাম তেওঁৰ কাণত পৰা মাত্ৰকে তেওঁ সকলো পাহৰি হাতৰ কাম হাততে লৈ অলপ পৰ তধা মানি ৰল। তাৰ পাচত, “ঔ, সঁচাকৈয়ে মোৰ আই ওলাইছেহি নে ঔ?” বুলি উৰি যোৱা দি গৈ, তেওঁ লাহৰী আৰু দেউতাকৰ মাজত সোমাই বিস্ময়জনক আনন্দৰ চিয়ঁৰেৰে খলক্ লগাবলৈ ধৰিলে। তাৰ পাচত, কীৰ্ত্তিনাথ গোহাঞি-ফুকন আৰু শান্তিৰাম গোহাঞি-বৰুৱাই ধৈৰ্য্য ধৰি,মাক-জীয়েক আৰু মাক-পুতেকক আলিঙ্গনৰ হেঁপাহ গুচাবলৈ এৰি দি, দুয়ো সাদৰৰ আলিঙ্গন দিয়াদিয়িত ধৰিলে। এই মহা আনন্দৰ ঢৌ অলপ মাৰ নিয়াই লাহৰী আইতাকেও কমলৰ আইতাকক আকোঁৱাল মাৰি ধৰি আদৰৰে সৈতে ভিতৰলৈ লৈ গ'ল। ইতিমধ্যেত লাহৰী কমলেও চকুৱে-চকুৱে পুনৰ্ম্মিলনৰ আন্তৰিক আলিঙ্গন জনাই লাজৰ ঢাকনি পিন্ধি মুহূৰ্তৰ ভিতৰতে দুয়ো দুফালে ছঁয়াকাটিলে। কীৰ্ত্তিনাথ গোহাঞি-ফুকনে আগৰ পুৰণি বন্ধু শান্তিৰাম গোহাঞিবৰুৱাক লগ পাই পৰম প্ৰীতি লাভ কৰিলে। তেওঁ অতি আদৰেৰে গোহাঞি-বৰুৱাক একাষতে বহুৱাই লৈ আনন্দৰ আলাপ কৰিবলৈ ধৰিলে। ভিতৰত সিফালে দুই আইতাকৰ আনন্দৰ সীমা নোহাৱা হল। এগৰাকীয়ে কয়,“মোৰ নহয়, আপোনাৰ হে জীয়েক”, ইগৰাকীয়ে সমিধান দিয়ে, “মোৰ নহয়, আপোনাৰ হে পুতেক”। এই দৰেই দুইৰ সঘন আলিঙ্গনত বুলনী ঘৰ আনন্দৰ চমকনিত চক্মকাই জলি উঠিল; এই ভাৱে বহুপৰৰ পাচত, দুয়ো মহা আনন্দৰ মেল পাতিবলৈ বহিলে; ইফালে লাহৰীয়ে ইবিলাকক আনন্দৰ উতলনিতে এৰি, তেওঁৰ মৰমৰ আহিনী বাইক বিচাৰি পালেগৈ। আহিনীৰ মুখত কথা নুফুটে। এহাতে আনন্দৰ চকু-লো মছে, ইহাতেৰে লাহৰীক আকোঁৱাল মাৰি ধৰি, তাই এতিয়া নেৰে! লাহৰীয়ে মৰমৰ বুজনিয়ে আহিনীৰ চেনেহৰ বান্ধনী ক্ষন্তেকলৈ এৰাই, একেলগে তেওঁৰ হেঁপাহৰ ফুলনিত সোমালে গৈ ৷ সোমাই,প্ৰত্যেক জুপি ফুলৰ ওচৰলৈকে গৈ তেওঁ দেখে,দেখোন এজুপি ফুলৰো এপাহীও ফুলা নাই ৷ কমলৰ যত্ন-পানীত ফুল আটাইকেইওজুপি জীয়াই আছে হয়,কিন্তু লাহৰীৰ বিয়োগ-বেজাৰত যেন আটাইটি ম্লান পৰি নুফুলাকৈ আছে ! লাহৰীয়ে মৰমৰ লৰা-ছোৱালীক মৰম-বুলনি দিয়াৰ দৰে প্ৰত্যেক জুপি ফুলকে লাৰি-চাৰি আদৰ কৰিবলৈ ধৰিলে। এনে সময়তে, পুনৰোদয়ত সূৰ্য্যৰ ভুমুকনিৰ দৰে ফুলনিৰ পূব চুকেদি কমলে দেখা দিলেহি। সেই ছেগতে, লাহৰীয়ে লৰি গৈ কমলক সাবটি ধৰি, মিলনৰ এটি হেঁপাহ-ভৰা চেপা দি তেওঁৰ মুখলৈ চাই আধাভঙ্গা মাতেৰে সম্বোধন কৰিলে “প্ৰাণনাথ!”—কমলেও লাহৰীৰ জেটুলীপকা যেন ৰঙ্গা ওঁঠটিত দুটি আঙ্গুলিৰে চেনেহৰ চেপা এটি দি সমিধান দিলে,“প্ৰিয়া”। এনে অৱস্থাতে, লাহৰীক ক্ষন্তেকলৈ নেদেখি আতুৰা হোৱা আহিনী বাই আহি উপস্থিত! কমলে তাইক দেখা মাত্ৰকে লাহৰীক তাতে এৰি তাৰপৰা বিজুলী-চমকনিৰে ছঁয়া কাটিলে। লাহৰীয়ে “কি বাই, কি লাগে?” এই বুলি মিচিকি মিচিকি হাঁহিবলৈ ধৰিলে। এইবাৰ কমলে লোকে দেখাৰ ভয়ত চঁকি পলোৱা নাই,—তেওঁক লাজৰ টানে হে নিলগাই নিলে। এইবাৰ লাহৰীয়েও শোকৰ খুন্দাত ভগা-ভগা মাতেৰে কমলক সম্বোধন ধৰা নাছিল,—আনন্দৰ ওপচনিয়ে হে তেওঁৰ হিয়া-ভৰা ভাবক ভেটি ধৰি মাত ভগা-ভগা কৰিছিল!
“লাহৰী আকৌ ঘৰত ওলাইছেহি” এই সুখৰ বাতৰি ক্ষন্তেকৰ ভিতৰতে পামপুৰৰ ইমূৰৰপৰা সিমূৰলৈকে বিয়াপি পৰিল। যেয়ে যতে যি কৰিছিল, সেয়ে হাতৰ কাম-বন তাতে পেলাই থৈ কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ মুখে পখিলা-উৰা দি উৰিবলৈ ধৰিলে; ডেৰঘণ্টামানৰ ভিতৰতে গোটেই পামপুৰৰ গঞা উবুৰি খাই পৰিলহি। কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰত বাজে-ভিতৰে মানুহৰ মাজত বিৰ দি বাট পাবলৈ নোহোৱা হল। তাৰ পাচত বিষয়াসকল আহি উপস্থিত। সিবিলাকে শান্তিৰাম গোহাঞি-বৰুৱাক বহু দিনৰ হেৰোৱা আদৰৰ ধন পোৱা দি পাই আনন্দত সকলোটিয়ে তেওঁৰে সৈতে আলিঙ্গন সলনাসলনি কৰিবলৈ ধৰিলে। ক্ষন্তেকৰ নিমিত্তে পামপুৰ আকৌ আনন্দৰ ৰম্যপুৰি আৰু শান্তিধাম যেন হৈ উঠিল। বিষয়াসকলৰ মাজত কমলৰ ধৰ্ম্মপিতৃ কৃষ্ণৰাম গোহাঞি-ফুকনো আছিল ৷ কীৰ্ত্তিনাথ গোহাঞি ফুকনে আদ্যোপান্ত ভাঙ্গি কৈ, কৃষ্ণৰাম গোহাঞি-ফুকনক ভেঁটাই দিয়াত, শান্তিৰাম গোহাঞি-বৰুৱাই অতি কৃতজ্ঞ অন্তৰেৰে তেওঁক আলিঙ্গন কৰিলে। কৃষ্ণৰাম গোহাঞি ফুকনেও সেই আনন্দত উতলি আজি হে তেওঁৰ প্ৰকৃত চিনাকি দিলে, তেওঁ খাৰঘৰীয়া গোহাঞি ফুকনৰ ঘৰৰ বংশধৰ বুলি। পোন্-প্ৰথম মান-ভগনৰ দিনতে তেওঁ সপৰিয়ালে ভাগি আহি, ন-পমুৱা বিষয়াবৰ্গৰ আগেয়েই, সেই ঠাইত থিতাপি হৈ আছিল। বিষয়াসকলে তেওঁৰ আঁতিগুৰিৰ প্ৰকৃত কথা জানিবলৈ পাই আকৌ এক নতুন আনন্দৰ ঢৌ তুলি দিলে। একে দৰেই ভিতৰতো বিষয়ানীসকলৰে সৈতে দুই আইতাকৰ আলাপ-পৰিচয়ত আনন্দৰ সীমা নোহোৱা হল। সেই একে দৰেই সকলোৱে নিজ নিজ কামলৈ পাহৰি কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰতে সন্ধিয়ালৈকে বিভোল হৈ থাকি, ৰাতি হে ঘৰাঘৰি হল। কীৰ্ত্তিনাথ গোহাঞি ফুকনে তাৰ পাচত মহা আয়োজনেৰে মিত্ৰ-ভোজন কৰাই পৰম সন্তোষ লাভ কৰিলে; আৰু ৰাতিটোৰ নিমিত্তে সকলোটিয়ে সপোনত স্বৰ্গসুখ ভুঞ্জি নিদ্ৰাদেৱীৰ কোলাত বিশ্ৰাম ললেগৈ।
এপষমানলৈকে এই মিলনৰ আনন্দৰ ঢৌ মাৰ যোৱা নাই। প্ৰত্যেক দিনে বিষয়াসকল চাপি কীৰ্ত্তিনাথ গোহাঞি ফুকনৰ চ'ৰাত বহি মেল পাতেহি। শান্তিৰাম গোহাঞি-বৰুৱাই নিজৰ জীৱনৰ ঘটনাৱলী দিনৌ বৰ্ণাবলৈ ধৰিলে। ভিতৰৰ ফালৰ বিষয়ে নকলেও হয়; যি তিৰোতা সমাজৰ মেলৰ গম্-গতি কেতিয়াবা পাই থৈছে, তেওঁ কমলৰ আইতাক আৰু দেউতাকে বৰনৈৰ বুকুৰপৰা কেনে আচৰিতভাৱে উদ্ধাৰ পালে তাৰ বৰ্ণনা অনুভৱতে উপভোগ কৰিব পাৰিব৷ তাকে পাবলৈ তিৰোতাসকলে একাণপতীয়া মনোযোগ দি শুনিবলৈ ধৰিলে ৷ এই দৰেই আৰু এপৰমান যাব লগা হলহি ৷ সিমানতে,বিষয়াসকলে পুৰণি মিত্ৰ শান্তিৰাম গোহাঞি-বৰুৱাক সিবিলাকৰ পামপুৰতে থিতাপিত হবৰ কাৰণে প্ৰস্তাৱ কৰিলে ৷ গোহাঞি-বৰুৱা ডাঙৰীয়াই, বুঢা কালত পতা সিখন ঘৰৰ মোহ এৰিব নোৱাৰি পোনতে মান্তি হবলৈ টান পাইছিল। কিন্তু, সমান মিত্ৰ আৰু জ্ঞাতি-কুটুম্বৰ লগ-সঙ্গৰ আশাই তেওঁৰ সেই মায়া-মোহ জিনি পেলালে। বিষয়াসকলে, বিশেষকৈ কীৰ্ত্তিনাথ আৰু কৃষ্ণৰাম গোহাঞি ফুকনদ্বয়ে টানি ধৰাত তেওঁ নতুনকৈ পতা ঘৰ তুলি আনি পামপুৰতে নিগাজীকৈ ঘৰ পাতিবলৈ স্থিৰ কৰিলে। অহঃ, সেই সুখৰ সিদ্ধান্তটিয়ে লাহৰী-কমলৰ অন্তৰত কি যে মৌ-বৰষাইছিল ! ঘৰ নো কি তুলি আনিব, বিষয়াসকলে গোহাঞি বৰুৱাৰ সেই ন-পমুৱা ঘৰত এৰি অহা লৰা-তিৰোতা-লগা লগুৱাটোৰে সৈতে বয়-বস্তু অনাই সিবিলাকৰ মাজতে এখন আহল-বহল বাৰীত তেওঁক নিয়মীয়াকৈ বিষয়াৰ যোগ্য ঘৰ-বাৰী যুগুত কৰি দিলে। শান্তিৰাম গোহাঞি-বৰুৱায়ো পুত্ৰ-পৰিয়ালৰে সৈতে মহাসুখে নতুন ঘৰ-বাৰীত বাস কৰিবলৈ ধৰিলে। কিন্তু, কমলৰ হলে তেতিয়াও দুখন ঘৰ; তেওঁ, যেতিয়াই মন যায়, কৃষ্ণৰাম গোহাঞি-ফুকনৰ ঘৰতো আগৰ দৰেই থাকেগৈ ৷
শান্তিৰাম গোহাঞি-বৰুৱাই নতুন ঘৰ-বাৰী পাতি সুখেৰে বাস কৰি থকাও ভালেমান দিন হল। ইয়াৰ ভিতৰত লাহৰী-কমলৰ বিয়া সম্বন্ধীয় কথা ঘৰে-ঘৰে সদায় কোৱা-মেলা হৈয়ে থাকে; তথাপি দেশাচাৰ মতে খোজা-বঢ়া আদি হোৱা নাই এথোন। পিচে, এদিন কৃষ্ণৰাম গোহাঞি-ফুকনে শান্তিৰাম গোহাঞি-বৰুৱাৰ চ’ৰাত জনচাৰেক বিষয়াৰে সৈতে বহি থাকোঁতে ছেগ বুজি লাহেকৈ প্ৰস্তাৱটি তুলিলে; বিষয়া কেইজনেও পাহৰি থকা কথা মনত পেলাই দিয়াৰ দৰে হে ভাবিলে। সিবিলাকে তেতিয়াই স্থিৰ কৰিলে যে, দুই-চাৰি দিনৰ ভিতৰতে কন্যাৰ ঘৰত শৰাই পেলোৱাগৈ হওক; আৰু, অহা ফাগুণ মাহতে বিয়াৰ শুভদিন স্থিৰ কৰা যাওক। তালৈকো সৰহ দিন নাই, মাজতে মাঘ মাহটো মাথোন আছে ৷ পিচে, যথাসময়ত কৃষ্ণৰাম গোহাঞিফুকন আৰু শান্তিৰাম গোহাঞিবৰুৱাই বিষয়াসকলক চপাই লৈ কীৰ্ত্তিনাথ গোহাঞিৰ চ'ৰাত ছোৱালী খুজিবলৈ বহিলহি। বাহিৰে-ভিতৰে আনন্দত ঠাই নাই; কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ মৰমৰ ভাৰ্য্যাই আনন্দৰ মিচিকিয়া হাঁহি সামৰিব পৰা নাই। মানুহক বন দিহাই ফুৰোঁতেও মাজে-সময়ে অৰ্থশূন্য হাঁহি মাৰি সিবিলাক ধৰা পৰিছে। কিন্তু পাঠক, সেই সময়ত সেই আনন্দৰ ঢৌ আমাৰ লাহৰী-কমলৰ হিয়াত কি দৰে খেলাইছিল, অনুমানত এবাৰ অনুভৱ কৰি চাওক। হাঁয়, সেইদিন আৰু এইদিন! সেইবাৰ ছোৱালী খুজিবলৈ অহাত লাহৰীৰ অৱস্থা; আৰু আজি তিৰোতাৰ সমাজত লাহৰী!—আন্ধাৰ আৰু পোহৰৰ ৰিজনি! খোজা-বঢ়াৰ ফল কি ধৰিল, আমি নৌ কওঁতেই পাঠকসকলে বুজিলেই; এতেকে তাক বৰ্ণাবৰ সকাম নাই।
ফাগুণ মাহ পালেহি। বসন্তৰ উলাহত প্ৰকৃতি দেবীয়ে মোহিনী সাজেৰে গা দেখা দিলেহি। ৰিব্ৰিব্কৈ মলয়া বতাহে প্ৰেমিক-প্ৰেমিকাৰ কাণে কাণে মধু-মিলনৰ শুভ বাতৰি বিলাবলৈ ধৰিলে। গতিকে, আমাৰ পুৰণি চিনাকী প্ৰেমিক-প্ৰেমিকাৰো হিয়াৰ ভাব মলয়-কটকীৰ জৰীয়তেই দিয়া-দিয়ি হল। ঘৰে-বাহিৰে সকলোৰে মন-প্ৰাণ বিয়াৰ বতাহে অলপ অচৰপকৈ নচুৱাবলৈ ধৰিলে। ‘লাহৰী আইদেউৰ বিয়া চাপিছে’ এই ভাবত ঘৰে ঘৰে লৰা, ডেকা, বুঢ়া, মুনিহ, তিৰোতা, জীয়াৰী, বোৱাৰী, দুখীয়া, সুখীয়া, সৰু, বিষয়া, বিষয়ানী সকলোৰে মন উলাহত নাচিবলৈ ধৰিলে। বহু দূৰণিৰপৰাও গঞা বন্ধুসকলে সুখী-দুখী অৱস্থাৰে যেয়ে যি পাৰিছিল একোখন বিয়া-ভাৰ-ভেঁটীৰেসৈতে বিয়াৰ যো-জা কৰি দি, বিয়াঘৰীয়া দুঘৰক উপযাচি সহায় কৰিবলৈ ধৰিলে। বিষয়াসকলে বিশেষকৈ দৰাৰ ঘৰত সহায় কৰিবলৈ মন কৰিলে। এনেতে, এথোকা তামোল, এনুৰা পাণ, একাষি মালভোগ কল, এযোৰ কেৰিগুৰ, এটেকেলি দৈ, এটোম কোমল চাউলৰ ভাৰ এখনৰে সৈতে আদহীয়া গঞা এটি দৰাঘৰত উপস্থিত হ'লহি; কাষৰপৰা ভাৰখন নমোৱা মাত্ৰকে কমলে উধাতু খাই লৰি লৈ মানুহটিক গবামাৰি ধৰিলে। শান্তিৰাম গোহাঞি বৰুৱা তধা লাগিল। গোহাঞি-বৰুৱানীয়েও বুলনীৰপৰাই চাই বিস্ময় মানিলে ৷ কিয়? সেইটি নো কোন্?—সেইটি আন নহয়, সেই নাও বুৰি তল যোৱা ভোগৰাম লিগিৰা। সি এতিয়া এটি গহপুৰীয়া গঞা। এই দৰেই বিয়াৰ চাৰি-পাঁচ দিনৰ আগতে দুয়ো ঘৰত সকলো আয়োজন যুগুত হৈ উঠিল। বিয়াৰ দিন যিমানেই চাপি আহিল, গাৱৰ মানুহৰ গা-মন উলাহত সিমান বেচিকৈ উৰুলীকৃত হবলৈ ধৰিলে। যথাসময়ত শুভ-বিয়াৰ উৎসৱ আৰম্ভ হল। মহা আড়ম্বৰ আৰু ধুম্ধামেৰে পামপুৰৰ মানুহৰ অতি হেঁপাহৰ সাদিনীয়া বিয়াৰ শুভকাৰ্য্য নিৰাপদে সম্পাদিত হল। আজি ইমান দিনে অনেক লীলা-খেলা দেখুৱাই লীলাময় পৰমেশ্বৰে লাহৰী-কমলৰো বহুদিনৰ মনোবাঞ্ছা সিদ্ধি কৰিলে। লাহৰী-কমলেও সেই দীনবন্ধু দয়াময় পৰমেশ্বৰৰ অভয়-চৰণত তেওঁবিলাকৰ একান্ত ভক্তি গাঢ়তৰ কৰি মহাসুখেৰে দিন নিয়াবলৈ ধৰিলে।
পামপুৰৰ সেই মহোৎসৱৰ আনন্দৰ ঢৌ লাহৰী-কমলৰ শুভ-বিয়া সম্পাদন হৈ যোৱাৰ বছেৰেকৰ পাচলৈকো পামপুৰীয়া সুখী-দুখী আৰু বিষয়াসকলৰ হিয়াত মাৰ যোৱা নাছিল। এনে আনন্দৰ বুৰ্বুৰণিৰ মাজে দি লাহৰী-কমলৰ পৱিত্ৰ দাম্পত্য সুখৰ সোঁত নিৰুদ্বেগে ববলৈ ধৰিলে।দুপৰ-সুৰুজৰ দক্মকীয়া কিৰণৰ দৰে সিবিলাকৰ নৱ সংসাৰৰ পুণ্যপ্ৰভা জক্মকাই উঠিল। লাহৰী-কমল এতিয়া মিলন-মালা পিন্ধি আপোন-পাহৰা পৱিত্ৰ ভাবত বিভোল। মাজে মাজে মাখোন লাজে সেই সৰল প্ৰাণী দুটিক মনমোহা সাজেৰে সজাই সিবিলাকৰ মিলন-জ্যোতিৰ জেউতি চৰায়; পৰৰ সুখত অনুপম সুখ অনুভৱ কৰিব জনা পামপুৰৰ সৰল মানুহবিলাকে তাকে চাই অতুল সুখৰ অধিকাৰী হয় ৷ সৰুৰেপৰা হাতত ধৰাধৰিকৈ উঠা, মনত পৰাৰেপৰা দুয়ো মুকলি মনেৰে মনোভাৱ সলনা-সলনি কৰি পৃথিৱীতে স্বৰ্গৰাজ্য পতা, সৰল ভাবত ভিজি ধৰাধৰিকৈ কৰুণ দৃষ্টিৰে লাজৰ পাখি কাটি মুকলিমুৰীয়াকৈ ফুৰা লাহৰী-কমলৰ এতিয়া মানুহে দেখাকৈ দেখা দেখি হলেও চকুত চাঁট্ মাৰে; মানুহৰ আগতে দুয়ো মনৰ ভাব সলাব লগা হলে চকু মুদ খাই যায়; হঠাৎ ওচৰা-উচৰি বা ভেঁটা-ভেঁটী হওঁতে কাপোৰৰ বা-লাগি যোৱা ধৰা পৰিলেও দুয়ো লাজত জঁয় পৰে ৷ লাহৰীৰ আগত “দেউতাৰাৰ ঘৰ” বুলিলে, তেওঁক কি যে এক আনন্দ-বেজাৰে ভেটি ধৰেহি তেওঁ কব নোৱাৰে, কিন্তু তেওঁৰ মুখৰ সঘন বৰণ-সলনিয়ে তাৰ চিনাকি দিয়ে ৷ লাহৰীয়ে এতিয়াও তেওঁৰ মৰমৰ ফুলনি বাৰীলৈ পাহৰিব পৰা নাই, এতিয়াও তেওঁ মাজে মাজে ছেগ বুজি একোপাকত চাই প্ৰাণ জুৰ কৰি আহেগৈ ! কিন্তু, ঘৰৰ বা পৰৰ কোনোবাই তাত ধৰা পেলালে হে তেওঁ নিলাজী জুপিৰ দৰে সেই পোনেই জঁয় পৰি যায় ! বিশেষকৈ, কেতিয়াবা তেনে অৱস্থাত কমলৰে সৈতে দেখা-দেখি হব লগাত পৰিলে, তেওঁ ওলমি-পৰা গোলাপৰ পাহীটিৰ দৰে লাজভৰা লাহৰী মুখখনি ওলমাই শুৱনি ফুলনিৰ চতুৰ্গুণে শোভ বঢ়ায় ৷ তাকে চাই চাই সৰল প্ৰাণী ডালৰ কপৌ-কপৌৱনীয়েও প্ৰেমৰ ৰাগীত চকু পিৰিকিয়াই উঠে ! বিষয়াসকলৰ কোনোবা এঘৰৰ পোহনীয়া হৰিণাযুৰিৰে ডিঙ্গি ভঙ্গা বেঁকা দৃষ্টিৰে তাকে চাই যেন অনুপম সুখত পমিয়েই যায় ৷ পামৰ চালুকীয়া লৰা-ছোৱালীয়ে লাহৰীক সেই অৱস্থাত লগ পাই সৰলভাৱে আনন্দত উধাও হৈ জঁপিয়াবলৈ ধৰে ৷ দেহি! লাহৰী-কমল দেখোন কেনিও ওলাবই নোৱাৰা হল ! যেনিয়েই চকু মেলে, সেই ফালৰেপৰা কিবা অৰ্থশূন্য মিহলি ভাবৰ চমকনিয়ে লাহৰী-কমলৰ চকুত চাঁট মাৰেহি ৷ কিন্তু, সেই বুলি লাহৰী-কমলৰ অশান্তি নে ? সেই বুলি ৰং-চোৱা কপৌ-কপৌৱনী, হৰিণা-হৰিণী, লৰা-ছোৱালীৰ প্ৰতি সিবিলাকৰ অন্তৰত বিৰক্তি ভাব ওপজে নে ? লাহৰী-কমলে দেখোন বাহিৰত চকু মেলিৰ নোৱাৰে যদিও, ভিতৰি দুয়ো সেই অজলা সৰল প্ৰাণীবোৰক ধৰি আনি বুকুত সুমাই লবলৈ হে মন কৰে। বাহিৰৰ জঞ্জালৰপৰা গা সৰাই লাহৰী-কমল যেতিয়া নিজান কুঁঠৰীৰ মিলনপীৰাত বহি প্ৰেমালাপত মগ্ন হয়, তেতিয়া সিবিলাকে সেই সৰল প্ৰাণীবোৰৰ কথা, ফুলি ফুলি শলাগ লোৱা ফুল কেইপাহীৰ কথা, কেঁৰাকেঁৰিকৈ চকু দি সিবিলাকৰ লাজ বঢ়োৱা বোৱাৰী-জীয়াৰীসকলৰ কথাৰেই হে পৱিত্ৰ প্ৰেমালাপৰ পকনি তোলে! পুৰণি সোৱঁৰণীৰে সৈতে দুয়ো নিতৌ নতুন প্ৰেমভাবৰ নৱ ৰস ওপচাই লয়। ইটিয়ে সিটিক তাহানিৰ চিঠিৰ কথা সোৱঁৰাই চেনেহৰ লাজ দিয়া-দিয়ি কৰে! যতনেৰে সাঁচি থোৱা চিঠিৰ একোখনি উলিয়াই ইটিয়ে সিটিক ধৰা পেলোৱা-পেলুই কৰে। বিপদৰ সময়ত দুইকো দুয়ো বুজনি দিয়া-দিয়ি কৰা কথা উলিয়াই আনন্দৰ ৰাগী চৰায়! কমলক ধৰি নিয়া দেখি লাহৰীয়ে বিপদত জাঁপ দিয়া আৰু লাহৰীৰ নিমিত্তেই কমলে মানহঁতৰ গঁতা-ঘোঁকটা খাই আধামৰা হোৱাৰ সোৱঁৰণীয়ে মাথোন ক্ষন্তেকৰ নিমিত্তে অন্তৰৰ তপত ভাব জেকা কৰে; মান হাত এৰাই পলাওঁতে বাটত লাহৰীৰ গাৰ দুৰ্গতিৰ বৰ্ণনা আৰু ইফালে ধৈৰ্য্যতাৰ আধাৰ স্বৰূপ কমলৰ বাতুল অৱস্থাৰ বিষয় উনুকিয়নিৰ বেজাৰ-সোৱঁৰণীৰ প্ৰেমালাপত উতলি তৰল হোৱা প্ৰেমৰস আগতকৈও ডাঠ্ হয়। এই দৰেই লাহৰী-কমলৰ সুদিনৰ সোঁত গম্ ধৰিব নোৱাৰাকৈ ৰৈ ৰৈ যাবলৈ ধৰিলে।
পামপুৰৰ সেই শুভ-বিয়া সম্পাদন হৈ যোৱাৰ পাঁচ বছৰ পাৰ হৈ গল। ইয়াৰ ভিতৰত নৱ দম্পতীৰ সুখ-সম্ভোগ আৰু পৱিত্ৰ মিলনত বিৰিঙ্গি উঠা প্ৰেম-পৰিচয়ৰ বিষয়ে অনেক, অলেখ কথা কবলৈ থাকিল। থাকিল থাওক, তাক অনুমান লবলৈকে থোৱা হল। এই দম্পতীৰ পুৰ্ব্বৰাগৰ চিত্ৰৰে ৰিজাই, এই ছোৱাৰ মনে-পতা এটি চিত্ৰ চায়ে পাঠকে মন পতিয়াওক। যোৱা পাঁচ বছৰৰ আনন্দময় সংসাৰৰ শুভ-ফল ভুঞ্জি লাহৰী-কমল বা সিবিলাকৰ মৰমৰ পিতৃ-মাতৃ সদায় আনন্দত আপোন-পাহৰা। আৰু, তাৰ ফল স্বৰূপ, তেতিয়া লাহৰীৰ কোলাত এটি বছেৰেকীয়া চালুকীয়া পুত্ৰধন আৰু কমলৰ কোলাত তিনি-বছৰীয়া এটি কন্যাৰত্ন। ছোৱালীটি লৰি ফুৰে, কথা কব পৰাও হৈছে। ঘৰৰ সকলোৱে ছোৱালীটিক ‘মইনি’ বুলি মাতে। মইনিয়ে বাহিৰত উমলি থাকোতে যি দেখে, যি শুনে সকলো আইতাৰ আগত বৰ্ণায়হি। এই দৰে সুখৰ দিন ৰৈ-বৈ গৈছে। এনেতে, এদিন শান্তিৰাম গোহাঞি-বৰুৱাৰ চোতালত এটা চেৰাবলিয়া জঁটীয়া বৰাগীয়ে লাউ-টোকাৰি বাই হাঁহি-কিৰিলিৰে নাচোন ধৰিলেহি। মইনিয়ে দেখিয়েই ভিতৰলৈ লৰি সোমাই আনন্দত উধাও হৈ, এহাতে দেউতাক আৰু ইহাতে আইতাকক আঙ্গুলিত ধৰি বাহিৰলৈ টানি আনিলেগৈ। বলিয়া বৰাগীয়ে মূৰ জোকাৰি টোকাৰি বায় আৰু ঘোঁৰাৰ দৰে ঢেক্ঢেকাই অৰ্থশূন্য হাঁহি মাৰে। লাহৰী-কমলে অলপ পৰ মন পাৰি চাই চিনিলে, দেহি, সেইটি তাহানিৰ ৰত্নেশ্বৰ ধুনীয়া ডেকা! তাৰ পিচমুহূৰ্ত্তৰপৰা সেই বলিয়া বৰাগী কোন্ফালে কলৈ গলগৈ কেৱে কব নোৱাৰে।