ধৰিলে। এনে সময়তে, পুনৰোদয়ত সূৰ্য্যৰ ভুমুকনিৰ দৰে ফুলনিৰ পূব চুকেদি কমলে দেখা দিলেহি। সেই ছেগতে, লাহৰীয়ে লৰি গৈ কমলক সাবটি ধৰি, মিলনৰ এটি হেঁপাহ-ভৰা চেপা দি তেওঁৰ মুখলৈ চাই আধাভঙ্গা মাতেৰে সম্বোধন কৰিলে “প্ৰাণনাথ!”—কমলেও লাহৰীৰ জেটুলীপকা যেন ৰঙ্গা ওঁঠটিত দুটি আঙ্গুলিৰে চেনেহৰ চেপা এটি দি সমিধান দিলে,“প্ৰিয়া”। এনে অৱস্থাতে, লাহৰীক ক্ষন্তেকলৈ নেদেখি আতুৰা হোৱা আহিনী বাই আহি উপস্থিত! কমলে তাইক দেখা মাত্ৰকে লাহৰীক তাতে এৰি তাৰপৰা বিজুলী-চমকনিৰে ছঁয়া কাটিলে। লাহৰীয়ে “কি বাই, কি লাগে?” এই বুলি মিচিকি মিচিকি হাঁহিবলৈ ধৰিলে। এইবাৰ কমলে লোকে দেখাৰ ভয়ত চঁকি পলোৱা নাই,—তেওঁক লাজৰ টানে হে নিলগাই নিলে। এইবাৰ লাহৰীয়েও শোকৰ খুন্দাত ভগা-ভগা মাতেৰে কমলক সম্বোধন ধৰা নাছিল,—আনন্দৰ ওপচনিয়ে হে তেওঁৰ হিয়া-ভৰা ভাবক ভেটি ধৰি মাত ভগা-ভগা কৰিছিল!
“লাহৰী আকৌ ঘৰত ওলাইছেহি” এই সুখৰ বাতৰি ক্ষন্তেকৰ ভিতৰতে পামপুৰৰ ইমূৰৰপৰা সিমূৰলৈকে বিয়াপি পৰিল। যেয়ে যতে যি কৰিছিল, সেয়ে হাতৰ কাম-বন তাতে পেলাই থৈ কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ মুখে পখিলা-উৰা দি উৰিবলৈ ধৰিলে; ডেৰঘণ্টামানৰ ভিতৰতে গোটেই পামপুৰৰ গঞা উবুৰি খাই পৰিলহি। কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰত বাজে-ভিতৰে মানুহৰ মাজত বিৰ দি বাট পাবলৈ নোহোৱা হল। তাৰ পাচত বিষয়াসকল আহি উপস্থিত। সিবিলাকে শান্তিৰাম গোহাঞি-বৰুৱাক বহু দিনৰ হেৰোৱা আদৰৰ ধন পোৱা দি পাই আনন্দত সকলোটিয়ে তেওঁৰে সৈতে আলিঙ্গন সলনাসলনি কৰিবলৈ ধৰিলে। ক্ষন্তেকৰ নিমিত্তে পামপুৰ আকৌ আনন্দৰ ৰম্যপুৰি আৰু শান্তিধাম যেন হৈ উঠিল। বিষয়াসকলৰ মাজত কমলৰ ধৰ্ম্মপিতৃ কৃষ্ণৰাম গোহাঞি-ফুকনো আছিল ৷ কীৰ্ত্তিনাথ গোহাঞি ফুকনে