ভাৰখন নমোৱা মাত্ৰকে কমলে উধাতু খাই লৰি লৈ মানুহটিক গবামাৰি ধৰিলে। শান্তিৰাম গোহাঞি বৰুৱা তধা লাগিল। গোহাঞি-বৰুৱানীয়েও বুলনীৰপৰাই চাই বিস্ময় মানিলে ৷ কিয়? সেইটি নো কোন্?—সেইটি আন নহয়, সেই নাও বুৰি তল যোৱা ভোগৰাম লিগিৰা। সি এতিয়া এটি গহপুৰীয়া গঞা। এই দৰেই বিয়াৰ চাৰি-পাঁচ দিনৰ আগতে দুয়ো ঘৰত সকলো আয়োজন যুগুত হৈ উঠিল। বিয়াৰ দিন যিমানেই চাপি আহিল, গাৱৰ মানুহৰ গা-মন উলাহত সিমান বেচিকৈ উৰুলীকৃত হবলৈ ধৰিলে। যথাসময়ত শুভ-বিয়াৰ উৎসৱ আৰম্ভ হল। মহা আড়ম্বৰ আৰু ধুম্ধামেৰে পামপুৰৰ মানুহৰ অতি হেঁপাহৰ সাদিনীয়া বিয়াৰ শুভকাৰ্য্য নিৰাপদে সম্পাদিত হল। আজি ইমান দিনে অনেক লীলা-খেলা দেখুৱাই লীলাময় পৰমেশ্বৰে লাহৰী-কমলৰো বহুদিনৰ মনোবাঞ্ছা সিদ্ধি কৰিলে। লাহৰী-কমলেও সেই দীনবন্ধু দয়াময় পৰমেশ্বৰৰ অভয়-চৰণত তেওঁবিলাকৰ একান্ত ভক্তি গাঢ়তৰ কৰি মহাসুখেৰে দিন নিয়াবলৈ ধৰিলে।
পামপুৰৰ সেই মহোৎসৱৰ আনন্দৰ ঢৌ লাহৰী-কমলৰ শুভ-বিয়া সম্পাদন হৈ যোৱাৰ বছেৰেকৰ পাচলৈকো পামপুৰীয়া সুখী-দুখী আৰু বিষয়াসকলৰ হিয়াত মাৰ যোৱা নাছিল। এনে আনন্দৰ বুৰ্বুৰণিৰ মাজে দি লাহৰী-কমলৰ পৱিত্ৰ দাম্পত্য সুখৰ সোঁত নিৰুদ্বেগে ববলৈ ধৰিলে।দুপৰ-সুৰুজৰ দক্মকীয়া কিৰণৰ দৰে সিবিলাকৰ নৱ সংসাৰৰ পুণ্যপ্ৰভা জক্মকাই উঠিল। লাহৰী-কমল এতিয়া মিলন-মালা পিন্ধি আপোন-পাহৰা পৱিত্ৰ ভাবত বিভোল। মাজে মাজে মাখোন লাজে সেই সৰল প্ৰাণী দুটিক মনমোহা সাজেৰে সজাই সিবিলাকৰ মিলন-জ্যোতিৰ জেউতি চৰায়; পৰৰ সুখত অনুপম সুখ অনুভৱ কৰিব জনা পামপুৰৰ সৰল মানুহবিলাকে তাকে চাই অতুল সুখৰ অধিকাৰী হয় ৷ সৰুৰেপৰা হাতত ধৰাধৰিকৈ উঠা, মনত পৰাৰেপৰা দুয়ো মুকলি মনেৰে মনোভাৱ সলনা-সলনি কৰি পৃথিৱীতে