পৃষ্ঠা:লাহৰী.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭৫
লাহৰী
 

আহিবলৈ ধৰিলে। বুঢ়া-বুঢ়ীয়েও লাহৰীক পাই যেন হাততে মৰমৰ হেৰোৱা পুতেকক আকৌ পালে, এনে ভাবিলে; আৰু দিনক-দিনে লাহৰীৰ প্ৰতি সিবিলাকৰ আন্তৰিক মায়া-মোহ বাঢ়িবলৈ ধৰিলে।

  এনে অপাৰ আনন্দত বিভোল হৈ বুঢ়া-বুঢ়ী আৰু লীলাময়ী লাহৰীয়ে পৃথিবীতে স্বৰ্গ-সুখ ভুঞ্জি আৰু এমাহ কটালে। সেই আনন্দ অপ্ৰতুল কৰিছিল মাথোন কমল আৰু লাহৰীৰ আইতাক-দেউতাক সকলোটিৰ সন্মিলনৰ অভাৱে। সেই কাৰণে, তিনিওৰে ইচ্ছাসোঁতে একে সোঁতা হৈ সিবিলাকৰ মহানন্দ অপূৰ্ণ কৰা বাকী তিনি প্ৰাণীক বিচাৰি যাবলৈ ঢাল খালে। কমলৰ আইতাকে পোন-প্ৰথমেই প্ৰস্তাৱটি আগ বঢ়ালে; আৰু কমলৰ দেউতাকে ততালিকে সমৰ্থন কৰিলে; শেহত লাহৰীৰ অনুমোদনৰে সৈতে সেই প্ৰস্তাৱ গৃহীত হল। যথাসময়ত সকলো আয়োজন কৰি লৈ, ঘৰৰ লগুৱা দুটা, লিগিৰী এজনী আৰু গাঁৱৰ চুবুৰীয়া দুজন মান মানুহ লগত লৈ সিবিলাকে পামপুৰলৈ যাত্ৰা কৰিলে। আহিবৰ সময়ত ঘৰত লৰা-তিৰোতা-লগা লগুৱা এটাক বয়-বস্তু ভালকৈ গতাই দি অহা হল ৷ সিবাৰৰ দুৰ্ঘটনা ঘটিবৰেপৰা বুঢ়া-বুঢ়ীয়ে আজি হে আকৌ নাৱত উঠিবলগীয়া হৈছে ৷ এইবাৰ গোহাঞি-বৰুৱা ডাঙৰীয়াই বৰনৈ পাৰ হবলৈ বুলি নাৱত ভৰি দিয়াৰ আগতে সকলোকে সতৰ্ক কৰি দিছিল; আৰু নিজেও বিশেষ সাৱধানে আছিল; বিশেষকৈ লাহৰীৰ ওপৰত তেওঁ বৰকৈ চকু ৰাখিছিল। তথাপি, বৰনৈৰ মাজ পাওঁতে বৰুৱানীৰ গা কঁপি উঠিল, বৰুৱাৰো মন-প্ৰাণ অস্থিৰ হৈ পৰিছিল ৷ নাৱৰীয়াহঁতে সিবিলাকৰ মনৰ অৱস্থা বুজিব পাৰি, কোবাকুবিকৈ নাও মাৰি, সকলোটিকে নিৰ্বিঘ্নে সিপাৰত তুলি দিলেগৈ ৷

 আগবঢ়াই থবলৈ যোৱা চুবুৰীয়া মানুহ সকলোটি বৰনৈৰ ইপাৰৰপৰাই উভতিল ৷ লাহৰী আৰু বুঢ়া-বুঢ়ী প্ৰমুখ্যে উত্তৰপৰীয়া হোৱা দলে মানুহক সুধি সুধি উজনিৰ ন-ভগনীয়া বিষয়াসকলে ন-কৈ পতা পামপুৰলৈ বাট ললে ৷