পৃষ্ঠা:লাহৰী.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭৯
লাহৰী ।


আদ্যোপান্ত ভাঙ্গি কৈ, কৃষ্ণৰাম গোহাঞি-ফুকনক ভেঁটাই দিয়াত, শান্তিৰাম গোহাঞি-বৰুৱাই অতি কৃতজ্ঞ অন্তৰেৰে তেওঁক আলিঙ্গন কৰিলে। কৃষ্ণৰাম গোহাঞি ফুকনেও সেই আনন্দত উতলি আজি হে তেওঁৰ প্ৰকৃত চিনাকি দিলে, তেওঁ খাৰঘৰীয়া গোহাঞি ফুকনৰ ঘৰৰ বংশধৰ বুলি। পোন্-প্ৰথম মান-ভগনৰ দিনতে তেওঁ সপৰিয়ালে ভাগি আহি, ন-পমুৱা বিষয়াবৰ্গৰ আগেয়েই, সেই ঠাইত থিতাপি হৈ আছিল। বিষয়াসকলে তেওঁৰ আঁতিগুৰিৰ প্ৰকৃত কথা জানিবলৈ পাই আকৌ এক নতুন আনন্দৰ ঢৌ তুলি দিলে। একে দৰেই ভিতৰতো বিষয়ানীসকলৰে সৈতে দুই আইতাকৰ আলাপ-পৰিচয়ত আনন্দৰ সীমা নোহোৱা হল। সেই একে দৰেই সকলোৱে নিজ নিজ কামলৈ পাহৰি কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰতে সন্ধিয়ালৈকে বিভোল হৈ থাকি, ৰাতি হে ঘৰাঘৰি হল। কীৰ্ত্তিনাথ গোহাঞি ফুকনে তাৰ পাচত মহা আয়োজনেৰে মিত্ৰ-ভোজন কৰাই পৰম সন্তোষ লাভ কৰিলে; আৰু ৰাতিটোৰ নিমিত্তে সকলোটিয়ে সপোনত স্বৰ্গসুখ ভুঞ্জি নিদ্ৰাদেৱীৰ কোলাত বিশ্ৰাম ললেগৈ।

 এপষমানলৈকে এই মিলনৰ আনন্দৰ ঢৌ মাৰ যোৱা নাই। প্ৰত্যেক দিনে বিষয়াসকল চাপি কীৰ্ত্তিনাথ গোহাঞি ফুকনৰ চ'ৰাত বহি মেল পাতেহি। শান্তিৰাম গোহাঞি-বৰুৱাই নিজৰ জীৱনৰ ঘটনাৱলী দিনৌ বৰ্ণাবলৈ ধৰিলে। ভিতৰৰ ফালৰ বিষয়ে নকলেও হয়; যি তিৰোতা সমাজৰ মেলৰ গম্-গতি কেতিয়াবা পাই থৈছে, তেওঁ কমলৰ আইতাক আৰু দেউতাকে বৰনৈৰ বুকুৰপৰা কেনে আচৰিতভাৱে উদ্ধাৰ পালে তাৰ বৰ্ণনা অনুভৱতে উপভোগ কৰিব পাৰিব৷ তাকে পাবলৈ তিৰোতাসকলে একাণপতীয়া মনোযোগ দি শুনিবলৈ ধৰিলে ৷ এই দৰেই আৰু এপৰমান যাব লগা হলহি ৷ সিমানতে,বিষয়াসকলে পুৰণি মিত্ৰ শান্তিৰাম গোহাঞি-বৰুৱাক সিবিলাকৰ পামপুৰতে থিতাপিত হবৰ কাৰণে প্ৰস্তাৱ কৰিলে ৷ গোহাঞি-বৰুৱা