ভিতৰি দুয়ো সেই অজলা সৰল প্ৰাণীবোৰক ধৰি আনি বুকুত সুমাই লবলৈ হে মন কৰে। বাহিৰৰ জঞ্জালৰপৰা গা সৰাই লাহৰী-কমল যেতিয়া নিজান কুঁঠৰীৰ মিলনপীৰাত বহি প্ৰেমালাপত মগ্ন হয়, তেতিয়া সিবিলাকে সেই সৰল প্ৰাণীবোৰৰ কথা, ফুলি ফুলি শলাগ লোৱা ফুল কেইপাহীৰ কথা, কেঁৰাকেঁৰিকৈ চকু দি সিবিলাকৰ লাজ বঢ়োৱা বোৱাৰী-জীয়াৰীসকলৰ কথাৰেই হে পৱিত্ৰ প্ৰেমালাপৰ পকনি তোলে! পুৰণি সোৱঁৰণীৰে সৈতে দুয়ো নিতৌ নতুন প্ৰেমভাবৰ নৱ ৰস ওপচাই লয়। ইটিয়ে সিটিক তাহানিৰ চিঠিৰ কথা সোৱঁৰাই চেনেহৰ লাজ দিয়া-দিয়ি কৰে! যতনেৰে সাঁচি থোৱা চিঠিৰ একোখনি উলিয়াই ইটিয়ে সিটিক ধৰা পেলোৱা-পেলুই কৰে। বিপদৰ সময়ত দুইকো দুয়ো বুজনি দিয়া-দিয়ি কৰা কথা উলিয়াই আনন্দৰ ৰাগী চৰায়! কমলক ধৰি নিয়া দেখি লাহৰীয়ে বিপদত জাঁপ দিয়া আৰু লাহৰীৰ নিমিত্তেই কমলে মানহঁতৰ গঁতা-ঘোঁকটা খাই আধামৰা হোৱাৰ সোৱঁৰণীয়ে মাথোন ক্ষন্তেকৰ নিমিত্তে অন্তৰৰ তপত ভাব জেকা কৰে; মান হাত এৰাই পলাওঁতে বাটত লাহৰীৰ গাৰ দুৰ্গতিৰ বৰ্ণনা আৰু ইফালে ধৈৰ্য্যতাৰ আধাৰ স্বৰূপ কমলৰ বাতুল অৱস্থাৰ বিষয় উনুকিয়নিৰ বেজাৰ-সোৱঁৰণীৰ প্ৰেমালাপত উতলি তৰল হোৱা প্ৰেমৰস আগতকৈও ডাঠ্ হয়। এই দৰেই লাহৰী-কমলৰ সুদিনৰ সোঁত গম্ ধৰিব নোৱাৰাকৈ ৰৈ ৰৈ যাবলৈ ধৰিলে।
পামপুৰৰ সেই শুভ-বিয়া সম্পাদন হৈ যোৱাৰ পাঁচ বছৰ পাৰ হৈ গল। ইয়াৰ ভিতৰত নৱ দম্পতীৰ সুখ-সম্ভোগ আৰু পৱিত্ৰ মিলনত বিৰিঙ্গি উঠা প্ৰেম-পৰিচয়ৰ বিষয়ে অনেক, অলেখ কথা কবলৈ থাকিল। থাকিল থাওক, তাক অনুমান লবলৈকে থোৱা হল। এই দম্পতীৰ পুৰ্ব্বৰাগৰ চিত্ৰৰে ৰিজাই, এই ছোৱাৰ মনে-পতা এটি চিত্ৰ চায়ে পাঠকে মন পতিয়াওক। যোৱা পাঁচ বছৰৰ আনন্দময় সংসাৰৰ শুভ-ফল ভুঞ্জি