ডাঙৰীয়াই, বুঢা কালত পতা সিখন ঘৰৰ মোহ এৰিব নোৱাৰি পোনতে মান্তি হবলৈ টান পাইছিল। কিন্তু, সমান মিত্ৰ আৰু জ্ঞাতি-কুটুম্বৰ লগ-সঙ্গৰ আশাই তেওঁৰ সেই মায়া-মোহ জিনি পেলালে। বিষয়াসকলে, বিশেষকৈ কীৰ্ত্তিনাথ আৰু কৃষ্ণৰাম গোহাঞি ফুকনদ্বয়ে টানি ধৰাত তেওঁ নতুনকৈ পতা ঘৰ তুলি আনি পামপুৰতে নিগাজীকৈ ঘৰ পাতিবলৈ স্থিৰ কৰিলে। অহঃ, সেই সুখৰ সিদ্ধান্তটিয়ে লাহৰী-কমলৰ অন্তৰত কি যে মৌ-বৰষাইছিল ! ঘৰ নো কি তুলি আনিব, বিষয়াসকলে গোহাঞি বৰুৱাৰ সেই ন-পমুৱা ঘৰত এৰি অহা লৰা-তিৰোতা-লগা লগুৱাটোৰে সৈতে বয়-বস্তু অনাই সিবিলাকৰ মাজতে এখন আহল-বহল বাৰীত তেওঁক নিয়মীয়াকৈ বিষয়াৰ যোগ্য ঘৰ-বাৰী যুগুত কৰি দিলে। শান্তিৰাম গোহাঞি-বৰুৱায়ো পুত্ৰ-পৰিয়ালৰে সৈতে মহাসুখে নতুন ঘৰ-বাৰীত বাস কৰিবলৈ ধৰিলে। কিন্তু, কমলৰ হলে তেতিয়াও দুখন ঘৰ; তেওঁ, যেতিয়াই মন যায়, কৃষ্ণৰাম গোহাঞি-ফুকনৰ ঘৰতো আগৰ দৰেই থাকেগৈ ৷
শান্তিৰাম গোহাঞি-বৰুৱাই নতুন ঘৰ-বাৰী পাতি সুখেৰে বাস কৰি থকাও ভালেমান দিন হল। ইয়াৰ ভিতৰত লাহৰী-কমলৰ বিয়া সম্বন্ধীয় কথা ঘৰে-ঘৰে সদায় কোৱা-মেলা হৈয়ে থাকে; তথাপি দেশাচাৰ মতে খোজা-বঢ়া আদি হোৱা নাই এথোন। পিচে, এদিন কৃষ্ণৰাম গোহাঞি-ফুকনে শান্তিৰাম গোহাঞি-বৰুৱাৰ চ’ৰাত জনচাৰেক বিষয়াৰে সৈতে বহি থাকোঁতে ছেগ বুজি লাহেকৈ প্ৰস্তাৱটি তুলিলে; বিষয়া কেইজনেও পাহৰি থকা কথা মনত পেলাই দিয়াৰ দৰে হে ভাবিলে। সিবিলাকে তেতিয়াই স্থিৰ কৰিলে যে, দুই-চাৰি দিনৰ ভিতৰতে কন্যাৰ ঘৰত শৰাই পেলোৱাগৈ হওক; আৰু, অহা ফাগুণ মাহতে বিয়াৰ শুভদিন স্থিৰ কৰা যাওক। তালৈকো সৰহ দিন নাই, মাজতে মাঘ মাহটো মাথোন আছে ৷ পিচে, যথাসময়ত কৃষ্ণৰাম গোহাঞিফুকন আৰু শান্তিৰাম গোহাঞিবৰুৱাই বিষয়াসকলক চপাই লৈ