পৃষ্ঠা:লাহৰী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাটে বাটে আনন্দৰ কথা-বাৰ্ত্তা পাতি যাওঁতে যাওঁতে সিবিলাক পামপুৰ সোমালগৈ। আৰু দুঘৰ-তিনিঘৰ পাৰ হৈ অলপ বাট যাওঁতেই কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ ফালে ঘূৰিবলগীয়া বাটৰ পাকটো পোৱা গল। সেই খিনিত ভৰি দিওঁতে লাহৰীৰ গোটেই গাত কি যে এক হৰ্ষ-বিষাদৰ পিৰ্‌পিৰণি উঠিছিল, তাক কথাৰে ফুটাই কবলৈ টান। লাহৰীয়ে মাটিত ভৰি পেলাইছে আৰু কিবা এক শক্তিয়ে যেন লাচতে তেওঁৰ খোজ তুলি তুলি দিছে! বাস্তৱতে, আজি কীৰ্ত্তিনাথ গোহাঞিৰ পদূলিৰ শোভা দেখিলে বেজাৰত জঠৰ হোৱা মানুহৰ গাতো আনন্দৰ পিৰ্‌পিৰণি উঠে! সবাৱৰে আগত বাট দেখুৱা মানুহ এটি, তাৰ পাচত শান্তিৰাম গোহাঞি-বৰুৱা, তেওঁৰ পাচত তেওঁৰ ভাৰ্য্যা, তেওঁৰ পাচতে তেওঁবিলাকৰ ভাবী-বোৱাৰী লাহৰী, তেওঁৰ পাচত লিগিৰীজনী, সকলোৰে পাচত লগৰীয়া লগুৱা আৰু ভাৰী দুটাই লানী পাতি পদূলি শুৱনি কৰি সোমাইছেগৈ। কীৰ্ত্তিনাথ গোহাঞি বাজ-চ’ৰাতে কমলক কাষত বহুৱাই লৈ বহি কথা পাতি আছিল;এনেতে আলহীসকল চাপি আগতে থিয় দিলেগৈ। কীৰ্ত্তিনাথ গোহাঞি-ফুকনে তধা লাগি চিনোঁ চিনোঁ ভাৱেৰে শান্তিৰাম গোহাঞিবৰুৱাৰ মুখলৈ চায়ে ৰল; কমলেও সপোনেই নে দিঠকেই তত ধৰিব নোৱাৰি বিস্ময় মানি চাবলৈ ধৰিলে। কিন্তু, পিচ মুহূৰ্ত্ততে “ঔ, আইতাঔ, মোৰ দেউতাঔ, লাহৰীঔ” বুলি কমলে আইতাক আৰু দেউতাকৰ পাৱত আকোঁৱাল মাৰি ধৰিলে গৈ; ইফালে উভলি-পৰা কল-পুলিটিৰ দৰে আকুল হৈ লাহৰী নিজৰ দেউতাকৰ পাৱত পৰিলহি ! এই দৰে দুই ঘোৰাৰে হেঁপাহৰ আন্দোলনিত কোঢ়াল লাগি উঠিল; এনেতে ভিতৰত লাহৰীৰ আইতাকে তাৰ গম্ পালে। ‘লাহৰী’ নাম তেওঁৰ কাণত পৰা মাত্ৰকে তেওঁ সকলো পাহৰি হাতৰ কাম হাততে লৈ অলপ পৰ তধা মানি ৰল। তাৰ পাচত, “ঔ, সঁচাকৈয়ে মোৰ আই ওলাইছেহি নে ঔ?” বুলি উৰি যোৱা দি গৈ, তেওঁ লাহৰী আৰু দেউতাকৰ মাজত সোমাই বিস্ময়জনক আনন্দৰ চিয়ঁৰেৰে