পৃষ্ঠা:লাহৰী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খলক্ লগাবলৈ ধৰিলে। তাৰ পাচত, কীৰ্ত্তিনাথ গোহাঞি-ফুকন আৰু শান্তিৰাম গোহাঞি-বৰুৱাই ধৈৰ্য্য ধৰি,মাক-জীয়েক আৰু মাক-পুতেকক আলিঙ্গনৰ হেঁপাহ গুচাবলৈ এৰি দি, দুয়ো সাদৰৰ আলিঙ্গন দিয়াদিয়িত ধৰিলে। এই মহা আনন্দৰ ঢৌ অলপ মাৰ নিয়াই লাহৰী আইতাকেও কমলৰ আইতাকক আকোঁৱাল মাৰি ধৰি আদৰৰে সৈতে ভিতৰলৈ লৈ গ'ল। ইতিমধ্যেত লাহৰী কমলেও চকুৱে-চকুৱে পুনৰ্ম্মিলনৰ আন্তৰিক আলিঙ্গন জনাই লাজৰ ঢাকনি পিন্ধি মুহূৰ্তৰ ভিতৰতে দুয়ো দুফালে ছঁয়াকাটিলে। কীৰ্ত্তিনাথ গোহাঞি-ফুকনে আগৰ পুৰণি বন্ধু শান্তিৰাম গোহাঞিবৰুৱাক লগ পাই পৰম প্ৰীতি লাভ কৰিলে। তেওঁ অতি আদৰেৰে গোহাঞি-বৰুৱাক একাষতে বহুৱাই লৈ আনন্দৰ আলাপ কৰিবলৈ ধৰিলে। ভিতৰত সিফালে দুই আইতাকৰ আনন্দৰ সীমা নোহাৱা হল। এগৰাকীয়ে কয়,“মোৰ নহয়, আপোনাৰ হে জীয়েক”, ইগৰাকীয়ে সমিধান দিয়ে, “মোৰ নহয়, আপোনাৰ হে পুতেক”। এই দৰেই দুইৰ সঘন আলিঙ্গনত বুলনী ঘৰ আনন্দৰ চমকনিত চক‌্মকাই জলি উঠিল; এই ভাৱে বহুপৰৰ পাচত, দুয়ো মহা আনন্দৰ মেল পাতিবলৈ বহিলে; ইফালে লাহৰীয়ে ইবিলাকক আনন্দৰ উতলনিতে এৰি, তেওঁৰ মৰমৰ আহিনী বাইক বিচাৰি পালেগৈ। আহিনীৰ মুখত কথা নুফুটে। এহাতে আনন্দৰ চকু-লো মছে, ইহাতেৰে লাহৰীক আকোঁৱাল মাৰি ধৰি, তাই এতিয়া নেৰে! লাহৰীয়ে মৰমৰ বুজনিয়ে আহিনীৰ চেনেহৰ বান্ধনী ক্ষন্তেকলৈ এৰাই, একেলগে তেওঁৰ হেঁপাহৰ ফুলনিত সোমালে গৈ ৷ সোমাই,প্ৰত্যেক জুপি ফুলৰ ওচৰলৈকে গৈ তেওঁ দেখে,দেখোন এজুপি ফুলৰো এপাহীও ফুলা নাই ৷ কমলৰ যত্ন-পানীত ফুল আটাইকেইওজুপি জীয়াই আছে হয়,কিন্তু লাহৰীৰ বিয়োগ-বেজাৰত যেন আটাইটি ম্লান পৰি নুফুলাকৈ আছে ! লাহৰীয়ে মৰমৰ লৰা-ছোৱালীক মৰম-বুলনি দিয়াৰ দৰে প্ৰত্যেক জুপি ফুলকে লাৰি-চাৰি আদৰ কৰিবলৈ