পৃষ্ঠা:লাহৰী.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮৩
লাহৰী ।


স্বৰ্গৰাজ্য পতা, সৰল ভাবত ভিজি ধৰাধৰিকৈ কৰুণ দৃষ্টিৰে লাজৰ পাখি কাটি মুকলিমুৰীয়াকৈ ফুৰা লাহৰী-কমলৰ এতিয়া মানুহে দেখাকৈ দেখা দেখি হলেও চকুত চাঁট্ মাৰে; মানুহৰ আগতে দুয়ো মনৰ ভাব সলাব লগা হলে চকু মুদ খাই যায়; হঠাৎ ওচৰা-উচৰি বা ভেঁটা-ভেঁটী হওঁতে কাপোৰৰ বা-লাগি যোৱা ধৰা পৰিলেও দুয়ো লাজত জঁয় পৰে ৷ লাহৰীৰ আগত “দেউতাৰাৰ ঘৰ” বুলিলে, তেওঁক কি যে এক আনন্দ-বেজাৰে ভেটি ধৰেহি তেওঁ কব নোৱাৰে, কিন্তু তেওঁৰ মুখৰ সঘন বৰণ-সলনিয়ে তাৰ চিনাকি দিয়ে ৷ লাহৰীয়ে এতিয়াও তেওঁৰ মৰমৰ ফুলনি বাৰীলৈ পাহৰিব পৰা নাই, এতিয়াও তেওঁ মাজে মাজে ছেগ বুজি একোপাকত চাই প্ৰাণ জুৰ কৰি আহেগৈ ! কিন্তু, ঘৰৰ বা পৰৰ কোনোবাই তাত ধৰা পেলালে হে তেওঁ নিলাজী জুপিৰ দৰে সেই পোনেই জঁয় পৰি যায় ! বিশেষকৈ, কেতিয়াবা তেনে অৱস্থাত কমলৰে সৈতে দেখা-দেখি হব লগাত পৰিলে, তেওঁ ওলমি-পৰা গোলাপৰ পাহীটিৰ দৰে লাজভৰা লাহৰী মুখখনি ওলমাই শুৱনি ফুলনিৰ চতুৰ্গুণে শোভ বঢ়ায় ৷ তাকে চাই চাই সৰল প্ৰাণী ডালৰ কপৌ-কপৌৱনীয়েও প্ৰেমৰ ৰাগীত চকু পিৰিকিয়াই উঠে ! বিষয়াসকলৰ কোনোবা এঘৰৰ পোহনীয়া হৰিণাযুৰিৰে ডিঙ্গি ভঙ্গা বেঁকা দৃষ্টিৰে তাকে চাই যেন অনুপম সুখত পমিয়েই যায় ৷ পামৰ চালুকীয়া লৰা-ছোৱালীয়ে লাহৰীক সেই অৱস্থাত লগ পাই সৰলভাৱে আনন্দত উধাও হৈ জঁপিয়াবলৈ ধৰে ৷ দেহি! লাহৰী-কমল দেখোন কেনিও ওলাবই নোৱাৰা হল ! যেনিয়েই চকু মেলে, সেই ফালৰেপৰা কিবা অৰ্থশূন্য মিহলি ভাবৰ চমকনিয়ে লাহৰী-কমলৰ চকুত চাঁট মাৰেহি ৷ কিন্তু, সেই বুলি লাহৰী-কমলৰ অশান্তি নে ? সেই বুলি ৰং-চোৱা কপৌ-কপৌৱনী, হৰিণা-হৰিণী, লৰা-ছোৱালীৰ প্ৰতি সিবিলাকৰ অন্তৰত বিৰক্তি ভাব ওপজে নে ? লাহৰী-কমলে দেখোন বাহিৰত চকু মেলিৰ নোৱাৰে যদিও,