পৃষ্ঠা:লাহৰী.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮৫
লাহৰী ।

লাহৰী-কমল বা সিবিলাকৰ মৰমৰ পিতৃ-মাতৃ সদায় আনন্দত আপোন-পাহৰা। আৰু, তাৰ ফল স্বৰূপ, তেতিয়া লাহৰীৰ কোলাত এটি বছেৰেকীয়া চালুকীয়া পুত্ৰধন আৰু কমলৰ কোলাত তিনি-বছৰীয়া এটি কন্যাৰত্ন। ছোৱালীটি লৰি ফুৰে, কথা কব পৰাও হৈছে। ঘৰৰ সকলোৱে ছোৱালীটিক ‘মইনি’ বুলি মাতে। মইনিয়ে বাহিৰত উমলি থাকোতে যি দেখে, যি শুনে সকলো আইতাৰ আগত বৰ্ণায়হি। এই দৰে সুখৰ দিন ৰৈ-বৈ গৈছে। এনেতে, এদিন শান্তিৰাম গোহাঞি-বৰুৱাৰ চোতালত এটা চেৰাবলিয়া জঁটীয়া বৰাগীয়ে লাউ-টোকাৰি বাই হাঁহি-কিৰিলিৰে নাচোন ধৰিলেহি। মইনিয়ে দেখিয়েই ভিতৰলৈ লৰি সোমাই আনন্দত উধাও হৈ, এহাতে দেউতাক আৰু ইহাতে আইতাকক আঙ্গুলিত ধৰি বাহিৰলৈ টানি আনিলেগৈ। বলিয়া বৰাগীয়ে মূৰ জোকাৰি টোকাৰি বায় আৰু ঘোঁৰাৰ দৰে ঢেক্‌ঢেকাই অৰ্থশূন্য হাঁহি মাৰে। লাহৰী-কমলে অলপ পৰ মন পাৰি চাই চিনিলে, দেহি, সেইটি তাহানিৰ ৰত্নেশ্বৰ ধুনীয়া ডেকা! তাৰ পিচমুহূৰ্ত্তৰপৰা সেই বলিয়া বৰাগী কোন্‌ফালে কলৈ গলগৈ কেৱে কব নোৱাৰে।