লাহৰী/ঊনবিংশ আধ্যা

ৱিকিউৎসৰ পৰা

[ ১৩২ ]

 
১৯। আধ্যা।
পাপৰ পৰিণাম ৷

 মানহঁতে খঙ্গৰ জালত গায়পতি একো ঘাপ্‌কৈ ঘপিয়াই পামপুৰীয়াক তাতে টুকুৰাটুকুৰ কৰি, তাৰ পাচত সিহঁত ঘৰলৈ উলটিল। উলটিল, কিন্তু শুদা হাতে ঘৰলৈ ওলটা চিকাৰীৰ দৰে সিহঁতৰ পেটৰ ভোক, গাৰ ভাগৰ অসহনীয় হৈ উঠিল। আধা মাইলমান বাট গৈয়ে এজোপা ডাঙৰ বৰগছৰ তলত আটাইবিলাক মৰা-শ পৰা দি পৰিলগৈ। সেই অৱস্থাৰেই মূৰ্খ পাষণ্ডহঁতে আধা ঘণ্টামান চাটিফুটি কৰি আছে, এনেতে এটা বুকুবহল ডেকাই

এই বুলি মাত লগালে, “কাকাহাঁতঐ, আমিচোন ৰত্নেশ্বৰক একো কৰিবা নোৱাৰিলুঙঐ! হি আমাক ভুৱা দি হাৰিলচোন ঐ। আমি তাৰ ঘৰ আৰু গাঙকে ভাঙ্গিবলৈ নোৱাৰুঙ না?” ডেকাৰ কথা শুনা মাত্ৰকে খঙ্গত উতলি থকা মানহঁত আকৌ মতলীয়া হৈ উঠিল; ক্ষন্তেকৰ নিমিত্তে পাপ-তেজৰ বলত ভোক, পিয়াহ, ভাগৰ সকলো পাহৰি আটাইবিলাক উত্ৰাৱল হৈ আকৌ উভতিল। আটাইবিলাক আহি পোনেই ৰত্নেশ্বৰৰ ঘৰৰ বাহিৰে, ভিতৰে, ছালে, বাৰে মৌ-গুটী ওলমি পৰাদি পৰিল। ভিতৰ সোমোৱাবিলাকে হুঁটা চাউল আৰু ধোঁৱাছাঙ্গৰ গুৰৰ সোৱাদত মজি বাহিৰৰ বিলাকলৈ পাহৰিলেই; বাহিৰৰ বিলাকে ঘৰ-দুৱাৰ ভাঙ্গি নিজৰ খং সৰাৰ সুখতে মগ্ন হল; ছালৰ ওপৰত থকাবিলাকে ঘৰটোকে চৰাই-পখিৱা দি, খঙ্গত উন্মত্ত হৈ আছে। তাৰ পাচত, গোটাচাৰেকৰ মনত এনে বুদ্ধি ওলাল যে, ফাঁকিদাৰ ৰত্নেশ্বৰৰ ঘৰকে পুৰি ছাই কৰা [ ১৩৩ ]
 

যাওক। এই বুলি, এটাই থুনুপাকৰপৰা টিঙ্গিৰি-তুলা উলিয়াই লৈ ঘৰৰ ছালৰ চুকে চুকে জুই দিবলৈ ধৰিলে। দুপৰীয়া ৰ'দত শুকাই থকা ঘৰৰ ছালত কেইওফালৰপৰা জুই লগোৱা মাত্ৰকে জুই অভ্ৰংদেহী জিভা মেলি গগণ ভেদি জ্বলি উঠিল। তিনদিনীয়া লঘোনত ভিতৰ সোমাই লালিগুৰেৰে সনা হুঁতা চাউলৰ লাৰু চোবোৱাবিলাক ভিতৰতে ৰল! ছালৰ ওপৰত থকা বৰতীয়াবিলাক পাখিভগা শালিকীৰ দৰে অলপ পৰ ধপ্‌ধপাই তললৈ সৰি সৰি পৰিল। বাৰে-ছালে মৌ-গুটীৰ দৰে ওলমি থকাবিলাকৰ কিছুমানে বাহিৰলৈ ওলাবৰ বাট বিচাৰি, অচিনাকী দুৱাৰেদি ভিতৰলৈ হে সোমাই গৈ লগৰীয়া ভাইসকলৰ লগতে জাহ গল। তাৰে গোটাচাৰেকে আধা-পোৰা হৈ ওলাই আহি চোতালৰ বননিত বাগৰ দি আধা-পোৰা বৰালি মাছৰ দৰে হল! বাহিৰত চিয়ঁৰ-বাখৰ কৰি ধপচালি কোবাই থকা তিনটা মাখোন মান নিঘুনি হৈ ৰল; সিহঁতেও লগৰ দুকুৰি-তেৰটাক একেবাৰে হেৰুৱাই আৰু চৈধ্যটাক আধা-পোৰা আধা-মৰা অৱস্থাত দেখি বৰ ব্যাকুল হৈ পৰিল। এনে সুযোগতে গাৱঁৰ ডেকা, বুঢ়া সকলোটি চাপি আহি সেইপৰীয়া পৰি থকা নৰ-পাষণ্ড মান কেইটাক নানা শাস্তি দি বন্দী কৰি ৰাখিলে ৷

 বাঁৰী তেঙৰ আৰু খাঁৰী তেৰঙ ৷ মহা চতুৰা সেই লাহদৈগৰীয়ানী বাঁৰী বায়েও, গাঁৱত জয়ন্তী আইদেউৰ বিয়াৰ ধুম্‌ধাম মাৰ যাবলৈ হে বাট চাই আছিল। জয়ন্তী আইদেৱক লৈ দৰা-ঘৰীয়া ঘৰলৈ ওলটাৰ কেইদিনমানৰ পাচত, বাঁৰীয়ে বিষয়ানীৰ চ'ৰাত গাঁৱৰ বৰমূৰীয়াসকলক চপাই এখন চালিচ পাতিলে। ৰত্নেশ্বৰে প্ৰথমে সেই চালিচ অমান্য কৰি তাত উপস্থিত হবলৈ অমান্তি হৈছিল । কিন্তু, অলপ টানমুখীয়া হুকুম পোৱা মাত্ৰকে তেওঁ পূৰ্ব্বৰ পিটনলৈ মনত কৰি, আকৌ সেও হৈ কলে যে,তেওঁ গাৰ বিষত উঠিবই নোৱাৰে। চালিচৰপৰা আদেশ পৰিল যে, [ ১৩৪ ] গোটাচাৰেক ডেকা লৰা গৈ তাক মাটি-অনা চাঙ্গীত তুলি দাং-দোলাকৈ আনকগৈ। ৰত্নেশ্বৰক সিমানলৈকে পোৱা অপমানৰ জলপানেই আঁটিছিল; গতিকে তেওঁ মাটি-অনা চাঙ্গীত উঠি বহুৱা ওলোৱাতকৈ কেঁকাই-গেঁঠাই নিজে যোৱাটোকে উচিত দেখিলে। যথা সময়ত মেলৰ বিচাৰ আৰম্ভ হল। গুচৰীয়ানীয়ে তাইৰ কবলগীয়া কৈ অন্ত কৰি, সামৰণিত কলে, “মই চাওঁতে সিটোৱেও আৰু ইফাল-সিফাল কৰিব নাপায় দেখোন; এবেলি আপোন ইচ্ছাৰে চাপি আকৌ নো ঘটংমটং লগাব নে? তথাপি, ‘নেজানি দৈবৰ গতি’। পাচত কাৰ মন কি হয়, কোনে জানে? সেই দেখি ৰাইজৰ আগতে এটা পকাকৈ বন্ধা-ছতা হৈ গলে যেনিবা ভাল।” চালিচে বাঁৰীৰ কথাত হয় দি, তাত ৰত্নেশ্বৰৰ মত কি জানিবলৈ ইচ্ছা কৰিলে। ৰত্নেশ্বৰে সিমান পৰলৈকে বাঁৰীৰ মলিয়ন বৰকাপোৰেৰে ঘুম্ মাৰি আঁঠুৰ তলত মূৰ সুমাই শুনি শুনি কান্দি আছিল। চালিচৰ প্ৰশ্ন শুনি অতি কাতৰ ভাৱে কিবা এটি উত্তৰ দিব খুজিছিল, কিন্তু ৰত্নেশ্বৰৰ জিভাই দোৰোল্ নেখালে; তেওঁ আপোনাৰ মূৰত আপুনি ভূকুৱাই ধাৰাসাৰে চকু-লো বোৱাবলৈ ধৰিলে। ৰত্নেশ্বৰৰ তেনে অৱস্থা দেখি এজন সমজুৱাই পুতৌ কৰি কবলৈ ধৰিলে, “এৰা, দেহি, আগৰ ভাল অৱস্থাৰ মানুহ, এতিয়া দুখত পৰি শোক কৰিছে ! তেওঁ নো আৰু কব কি? বাঁৰীয়ে যি কলে, তাতে তেওঁ মান্তি; সিহঁতে ঘৰত কথা-বাৰ্ত্তা স্থিৰ নকৰাকৈ নো আহিছে নে?” তেওঁৰ কথাতে আনবিলাক সমজুৱায়ো হয় দি উঠিল। সদৌশেহত এয়ে স্থিৰ হল যে, সেই বাঁৰীৰ ঘৰতে এতিয়া থকাৰ দৰেই ৰত্নেশ্বৰ চপনীয়া মতা হৈ গৃহবাস কৰি থাকিব। নাইবা, এৰি যাব লগীয়া হলে, বাঁৰীয়ে সেই সময়ত গৰ্ভত ভাৰ বোৱা ভাবী-সন্তানৰ পোহ-পালৰ নিমিত্তে ৰত্নেশ্বৰে ১০০ এশ টকা দি যাব লাগিব। এই সিদ্ধান্ত দি মেলুৱইসকল ঘৰাঘৰি [ ১৩৫ ] গল। লাখ-টকীয়া ৰত্নেশ্বৰে আজি শ-টকীয়া লেঠা মাৰিব নোৱাৰি বাঁৰী-বাইৰ পিচে পিচে এমুৰীয়া ভগা-বহালৈ উভতিলে !

 পকা বন্দবস্তৰে সৈতে ৰত্নেশ্বৰে বাঁৰী-বাইৰ লগত গৃহবাস কৰি থকা ভালেমান দিন হল ৷ ৰত্নেশ্বৰৰ হাতত যি দুই-চাৰি টকা বাকী আছিল, তাক কুমন্ত্ৰণাৰ কৌশলেই অন্ত কৰিলে। পাচলৈ ৰত্নেশ্বৰে বাঁৰীক খুৱাওক ছাৰি নিজৰ দুসন্ধ্যা ভাতৰ নিমিত্তেই আৰ্জ্জন কৰিব নোৱাৰি তেওঁ মেমেৰা আৰু ৰুগীয়া হৈ পৰিল। ভালত হে ভাল; ৰত্নেশ্বৰৰ মন্দকাল চপাৰ লগে লগে তেওঁৰ ওপৰত বাঁৰী-বাইৰ চট্‌চটনি গালি-বৰষণিৰ কোবো চৰি আহিল। ওলাওঁতে চপনীয়া, সোমাওঁতে বগৰা, উঠোঁতে এলেহুৱা, বহোঁতে চুৱাখোৱা ইত্যাদি বাঁৰী-বাইৰ চোকা মাতৰ ধোঁৱাই ৰত্নেশ্বৰৰ কলিজা কলা কৰিলে। সদৌশেহত, তেওঁ নিজৰ প্ৰাণকে অসহনীয় বোধ কৰি, এদিন য’তে-ত’তে মৰোঁগৈ বুলি নিজানে নিজানে ৰত্নেশ্বৰৰ বাঁৰীৰ ঘৰৰপৰা বাজ হল৷ লাহদৈগড়ৰপৰ দুমাইলমান বাট আহি ৰত্নেশ্বৰৰ মনত সাহ হ'ল; প্ৰাণত নতুন বলৰ সঞ্চাৰ হল। তেওঁ নিজৰ গাঁৱলৈ, নিজৰ ঘৰলৈ যোৱা বাট ধৰাৰ লগে লগে, নিজৰ-ঘৰ-বাঁৰীৰ সোঁৱৰণীয়ে আহি তেওঁৰ মনত থিত্ ললে ৷ তেওঁ মনতে পাঙ্গিলে যে, সকলো কথা এৰি দি, এইবাৰ তেওঁ ভালকৈ ঘৰখন চপাই টনকিয়াল ভাৱে দিন নিয়াবগৈ ৷ এনে সুখৰ ভাবনাত উলাহিত হৈ ৰত্নেশ্বৰে যিমান বেগাই পাৰে ঘৰমুৱাকৈ খোজ ধৰিলে। এইদৰে দিনে-ৰাতিয়ে বাটকুৰি বাই দুদিনৰ মূৰত ৰত্নেশ্বৰ নিজৰ গাঁৱত সোমালগৈ। দিন-দুপৰত চাৰিসঁজীয়া লঘোনত ৰত্নেশ্বৰে নিজৰ ঘৰৰ ভেঁটিৰ ওপৰত আধাপোৰা খুঁটা-চতি আদি চাই তেওঁৰ ভোক-পিয়াহ গুচাবলগীয়া হ'ল ৷ এখনমান তামোল খাবৰ পৰ চোতালতে চৰগ্-পৰা মানুহৰ দৰে ঠৰ্ লাগি থাকি, ৰত্নেশ্বৰে উদাস ভাবত এটি উন্মাদী হাঁহি মাৰিলে ৷ হাঁহিল, ৰত্নেশ্বৰে আৰু সেই হাঁহিৰ ৰাগী মাৰ নিয়াব নোৱাৰিলে ৷ পোৰা-ঘৰৰ ভেঁটিটোতে চাৰি পাকমান ঘূৰি ৰত্নেশ্বৰে এটা অৰ্থশূন্য ঢেক্‌ঢেকনি মাৰি উত্তৰমুৱাকৈ ঘোঁৰাচুটি মেলি কলৈ গৈছেগৈ কেৱে কব নোৱাৰে, নিজেও নাজানে গৈছে কলৈ !