পৃষ্ঠা:লাহৰী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮১
লাহৰী।


কীৰ্ত্তিনাথ গোহাঞিৰ চ'ৰাত ছোৱালী খুজিবলৈ বহিলহি। বাহিৰে-ভিতৰে আনন্দত ঠাই নাই; কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ মৰমৰ ভাৰ্য্যাই আনন্দৰ মিচিকিয়া হাঁহি সামৰিব পৰা নাই। মানুহক বন দিহাই ফুৰোঁতেও মাজে-সময়ে অৰ্থশূন্য হাঁহি মাৰি সিবিলাক ধৰা পৰিছে। কিন্তু পাঠক, সেই সময়ত সেই আনন্দৰ ঢৌ আমাৰ লাহৰী-কমলৰ হিয়াত কি দৰে খেলাইছিল, অনুমানত এবাৰ অনুভৱ কৰি চাওক। হাঁয়, সেইদিন আৰু এইদিন! সেইবাৰ ছোৱালী খুজিবলৈ অহাত লাহৰীৰ অৱস্থা; আৰু আজি তিৰোতাৰ সমাজত লাহৰী!—আন্ধাৰ আৰু পোহৰৰ ৰিজনি! খোজা-বঢ়াৰ ফল কি ধৰিল, আমি নৌ কওঁতেই পাঠকসকলে বুজিলেই; এতেকে তাক বৰ্ণাবৰ সকাম নাই।

 ফাগুণ মাহ পালেহি। বসন্তৰ উলাহত প্ৰকৃতি দেবীয়ে মোহিনী সাজেৰে গা দেখা দিলেহি। ৰিব্‌ৰিব্‌কৈ মলয়া বতাহে প্ৰেমিক-প্ৰেমিকাৰ কাণে কাণে মধু-মিলনৰ শুভ বাতৰি বিলাবলৈ ধৰিলে। গতিকে, আমাৰ পুৰণি চিনাকী প্ৰেমিক-প্ৰেমিকাৰো হিয়াৰ ভাব মলয়-কটকীৰ জৰীয়তেই দিয়া-দিয়ি হল। ঘৰে-বাহিৰে সকলোৰে মন-প্ৰাণ বিয়াৰ বতাহে অলপ অচৰপকৈ নচুৱাবলৈ ধৰিলে। ‘লাহৰী আইদেউৰ বিয়া চাপিছে’ এই ভাবত ঘৰে ঘৰে লৰা, ডেকা, বুঢ়া, মুনিহ, তিৰোতা, জীয়াৰী, বোৱাৰী, দুখীয়া, সুখীয়া, সৰু, বিষয়া, বিষয়ানী সকলোৰে মন উলাহত নাচিবলৈ ধৰিলে। বহু দূৰণিৰপৰাও গঞা বন্ধুসকলে সুখী-দুখী অৱস্থাৰে যেয়ে যি পাৰিছিল একোখন বিয়া-ভাৰ-ভেঁটীৰেসৈতে বিয়াৰ যো-জা কৰি দি, বিয়াঘৰীয়া দুঘৰক উপযাচি সহায় কৰিবলৈ ধৰিলে। বিষয়াসকলে বিশেষকৈ দৰাৰ ঘৰত সহায় কৰিবলৈ মন কৰিলে। এনেতে, এথোকা তামোল, এনুৰা পাণ, একাষি মালভোগ কল, এযোৰ কেৰিগুৰ, এটেকেলি দৈ, এটোম কোমল চাউলৰ ভাৰ এখনৰে সৈতে আদহীয়া গঞা এটি দৰাঘৰত উপস্থিত হ'লহি; কাষৰপৰা