পৃষ্ঠা:লাহৰী.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
২০। আধ্যা।
মহামিলন, —বাঞ্ছাসিদ্ধি।

 সেই দিনা লাহৰী আৰু বুঢ়া-বুঢ়ীক বিগত ঘটনাৰ বিস্ময়জনক উদঘাটন হেন্দোলনিৰ মাজত এৰি অহাৰ পাচত, সিবিলাকৰ বিষয়ে জানিবলৈ পাঠকৰ মনত উগুল-থুগুল লাগি আছে চাগৈ। লাহৰীয়ে সেই দিনা পোনেই একে তত্ ধৰিব নোৱাৰি অলপ পৰ তধা লাগি চাই আছিল। কিন্তু, স্বৰূপ কথা আৰু বেচি পৰ ঢাক খাই নাথাকিল; লাহৰীয়ে বেচ্‌কৈ বুজি উঠিলে যে, তেতিয়া তেওঁ প্ৰাণৰ প্ৰাণ কমলৰ অতি চেনেহৰ আইতাক আৰু দেউতাকৰ বুকুত! সেই ভাব অনুভৱ কৰা মাত্ৰকে আনন্দ-বেজাৰৰ উগুল-থুগুলনিয়ে লাহৰীক কঁপাবলৈ ধৰিলে। শান্তিৰাম গোহাঞি-বৰুৱাই চেনেহী লাহৰীক আচৰিত ভাৱে চাই থাকি, কঁপিবৰ দেখি, যেতিয়া আঁকোৱাল মাৰি বুকুত লবলৈ হাত মেলিলে, তেতিয়া লাহৰীৰ আনন্দৰ লগত মিহলি হৈ থকা বেজাৰৰ ঠাইত লাজে থিত্ ললেহি; তেওঁ মাহি-মুহাকৈ পিচ হোঁহকা মাৰি আঁতৰ হৈ ভিতৰ সোমালগৈ। ইফালে কমলৰ আইতাকে অলপ ধৈৰ্য্য ধৰি লাহৰীৰ মুখে শুনা সমুদায় বৃত্তান্ত তেওঁৰ স্বামী ডাঙৰীয়াক ভাঙ্গি কলে। শুনি শুনি শান্তিৰাম গোহাঞি-বৰুৱাই লাহৰী হেন বোৱাৰী লাভৰ সুখ অনুভৱ কৰি এটি মিচিকিয়া হাঁহি মাৰি গুণিবলৈ ধৰিলে। তাৰ পাচৰপৰা লাহৰীয়ে বুঢ়ীৰ আগতো আগৰ দৰে মুকলিমূৰীয়াকৈ কথা পাতিবলৈ লাজ কৰিবলৈ ধৰিলে। এই দৰেই কেদিনমান গল। বুঢ়া-বুঢ়ীৰে সৈতে লাহৰীৰ আন্তৰিক সম্বন্ধ স্বভাৱতে দৃঢ়তৰ হৈ