লাহৰী/একবিংশ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ১৪৮ ]

২১। আধ্যা।

শান্তিপুৰ।

 লাহৰী-হৰণ আপদীয়া ঘটনাই পামপুৰৰ শ্ৰী হঠাৎ বিশ্ৰী কৰি পেলাইছিল। সদৌ গঞাৰ মনত আকৌ ‘মানৰ দিনৰ' ভয়াবহ ভাবে অযাচিতে থিত লৈছিল। মানুহৰ মনত উলাহ নাই, কাম-বনত ৰাপ নাই, কোনমতে পেটে-ভাতে জীবিকা লৈ জীৱন ধৰিছিল। ফলত, পামপুৰৰ বাহ্যিক দৃশ্যও ক্ৰমাৎ মৰামুৱা হৈ আহিছিল। সেইদৰেই বিষাদী পামপুৰৰ ভালেমান দিন পাৰ হৈছিল। কিন্তু, পামপুৰৰ জেউতি জঁয় পৰিছিল বুলিও, সি সমূলে নাশ পাবলৈ নহল, লাহৰীৰ পুনৰুদ্ধাৰৰ ফলস্বৰূপ সেই অদ্ভুত মহামিলনে পামপুৰৰ পূৰ্ব্বৰ জেউতি পুনৰপি বাহিৰে-ভিতৰে চৰাই আনিলে। গঞাৰ মনত আকৌ উলাহ আৰু কাম-বনলৈ ৰাপ বাঢ়ি আহিল। ফলত, ন-পমুৱা বিষয়াসকলৰ পামপুৰ নগৰ সুখ-শান্তি আৰু ঐশ্বৰ্য-বিভূতিৰে সৈতে আগতকৈও টনকিয়াল হৈ উঠিবলৈ ধৰিলে। দৈহিক, নৈতিক, আৰ্থিক, সামাজিক, শিক্ষা, শিল্প, বাণিজ্যাদিৰ উন্নতিয়ে ৰাইজৰ সুখ-সমৃদ্ধি বঢ়াই পামপুৰৰ ক্ৰমাৎ শ্ৰীবৃদ্ধি কৰি আনিলে।।

 শান্তিৰাম গোহাঞি বৰুৱা এজন বৰ শিক্ষা-অনুৰাগী পুৰুষ আছিল। উচ্চশিক্ষা বিস্তাৰলৈ তেওঁৰ বৰ ধাউতি। বিয়ৈক কীৰ্ত্তিনাথ গোহাঞিফুকনো এজন বিদ্যোৎসাহী লোক; পামপুৰ নগৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে তেওঁ পোন্‌-প্ৰথমতে এটি পঢ়াশালি পাতি দি, লৰা-ছোৱালীৰ লিখা-পঢ়া শিক্ষাৰ বাট মোকলাই দিয়াৰ কথা ইতিপূৰ্ব্বতে উনুকিয়াই অহা হৈছে। এতিয়া, গোহাঞি-বৰুৱাই তাতে খোপনি পিটি লৈ এই নগৰত উচ্চশিক্ষা [ ১৪৯ ] বিস্তাৰ কৰিবলৈ মন মেলিলে। তেওঁ লগৰীয়া বিষয়াবৰ্গৰে সৈতে আলোচনা কৰি আগৰ সেই পঢ়াশালিটিকে উচ্চখাপলৈ তুলিবলৈ দিহা লগালে। তদৰ্থে তেওঁ দক্ষিণপাৰৰপৰা বীৰেশ্বৰ শৰ্ম্মা-বৰুৱা নামেৰে আহোম ৰজাদিনীয়া বিষয়া-বংশধৰ উচ্চশিক্ষিত সংস্কৃত সুপণ্ডিত এজন অনাই সেই পঢ়াশালিৰ প্ৰধান শিক্ষক পাতি, তেওঁৰ তলে আৰু দুজন শিক্ষক নিযুক্ত কৰি দি পামপুৰ ন-নগৰত উচ্চশিক্ষা বিস্তাৰৰ পথ প্ৰশস্ত কৰি দিলে। সেই ক্ৰমে সেই ন পাম নগৰখন অনতিপলমে লিখা পঢ়া শিক্ষা-শিল্প-অনুশীলন, সাহিত্য-চৰ্চ্চা, বাণিজ্যবিস্তাৰ আদি উন্নত অনুষ্ঠানৰ কেন্দ্ৰস্থল হৈ উঠিল। ফলিতাৰ্থত, সৰ্ব্বতোভাৱে সৰ্ব্ববিষয়ত উন্নতি লাভ কৰি নগৰখন শান্তিধাম যেন হৈ জিলিকি উঠিল; আৰু সেই আলমতে, সদৌশেষত, ‘পামপুৰ' নগৰ 'শান্তিপুৰ' নামে খ্যাত হল। এনে হেন শান্তিময় ধৰাধামত নৱ-দম্পতী লাহৰী-কমলে মহা সুখ-শান্তিৰে সংসাৰ যাপন কৰিবলৈ ধৰিলে।