ভূত নে ভ্ৰম/তৃতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
[ ২৬ ]

৩। অঙ্ক।

প্ৰথম পট।
(কানিখোলা)।

(তিনটা কানীয়াই কানিপান কৰে।)

১ম, কাঃ।—( ২য়, কানীয়াই ১ম, কানীয়াৰ জলপানৰ বাটীত গাখীৰ-চেনি বাকি দিয়ে) আচক্ আচক্। (ধোৱাঁ এঢোক্ গিলি) ঐচে, কিন্তু ঐচে, কিন্তু ইমানেই কিন্তু অ'ব।

৩য়, কাঃ।—(টিকিৰা এটা পুৰি নাকে-মুখে ধোৱা উৰুৱাই) নহয়, আলপতি,অৰকৈ কাব লাগে। গিৰঅষ্টই দিছে কাবলৈকে বুলি, পেট বৰাই কাবাঁ।

২য়, কাঃ।—( টিকিবা এটা পূৰিবলৈ ধৰি অঙঠা লৰফৰাই) এৰা, ভকত তুষ্ট হলেই দেৱতা তুষ্ট হয়। বোলে, ভকতেই “সবাতকৈ বৰ, ভকতক পুজিলে গুচে কৰ্ম্মজৰ”।—এই ফাঁকি ডাকৰ বচন নহয় জানো?

১ম, কাঃ।—( টিকিৰা এটা পুৰি হোঁকাটো মাটিত খুন্দা মাৰি) ন-অব নো কিন্তু কেলেই। দেৱতাৰ কাৰণেই কিন্তু কানীয়া বকত; কানীয়া বকতৰ কাৰণেই কিন্তু দেৱতা। কি বোলাঁঁ? [ ২৭ ] ২য়, কাঃ।—(নাকে-মুখে ধোৱাঁ এৰি দি) অয়তো, টিক্ কৈছাঁ বান্দ! সেই ডেকি হে কওঁ, বোলোঁ দেও-বুত্‌, বালও বেয়াও।

৩য়, কাঃ।—কি কলি! দেও-ভুত বেয়া? এনে কথা নকবি দেই। বোলে, “যাৰ যহত শাক-সেন্দুৰ, তাক পাতে ভোকোৰা এন্দুৰ।”— হেৰ, খাই-পাত-ফলা অগুণকাৰী নহবি দেই?

১ম, কাঃ।—(চেনি এচেলেক মাৰি) সঁচা কিন্তু, শালপতিয়ে কিন্তু ভাল কৈছাঁ। গৃহস্তৰ লৰাটোক কিন্তু ভুতে নধৰা হলে কিন্তু আজিৰ সেৱাভাগেই নো কিন্তু কৰপৰা আহিলহেঁতেন? কানীয়া ভকতক কিন্তু ভুতে হে দিয়ে ৰুজি কিন্তু জানিছা?

৩য়, কাঃ।—সেই বাবেই তো আমি দেও-ভুতৰ মহিমা য'তে-ত'তে বহলাই কবলৈ চাব লাগে। দেও-ভূতলৈ ভয় বাঢ়েমানে আমালৈ ভোগ বাঢ়ে; ভুতলৈ ভয় টুটেমানে আমাৰ ভোগ টুটে।-বুজিছাঁহঁক।

১ম, কাঃ।—স্বৰূপ কৈছা কিন্তু এইফাঁকি কিন্তু আমাৰ গুপুত মন্ত্ৰ। ইয়াক কিন্তু পাহৰিব নেপায়; পাহৰিলে কিন্তু আমাৰ কিন্তু ধৰ্ম্ম নষ্ট হব।

২য়, কাঃ।—(জপ্ৰ্‌-জপৰ্‌ টোপনিয়াই চক্‌মক্‌কৈ) ৰাতি বহুত হল হবলা!

৩য়, কাঃ।—এঃ, সাঁজ লাগিছে মাথোন। তোৰ হবলা শুবৰ পৰ হলেই? দেহোঁপাতে আল্‌মোকোটা খাই গলিচোন।

১ম, কাঃ।— সঁচা, শুবৰ পৰ কিন্তু হোৱা নাই তো। পিচে, কিন্তু এটা কথা; ৰাগিটো কিন্তু পকি উঠোতেই কিন্তু শুলে যেনিবা কিন্তু ভাল টোপনিটো কিন্তু আহে দেই।

৩য় কাঃ।—ঠিক ধৰিছা শালপতিয়ে কথাটো। হয় দেও, শুবগৈ হে লাগিল। দিহাদিহি পাটীত পৰোঁগৈহঁক।

১ম, কাঃ।— বাৰু, কিন্তু শোওঁগৈ। শুই শুই কিন্তু টোপনি আহেমানে কিন্তু দেও-ভুতৰ কথাকে কিন্তু জুকিয়াওঁগৈ। মানুহৰ কিন্তু বুকু লৰি [ ২৮ ] যোৱাকৈ কিন্তু ভূতৰ ভয় লগাবলৈ কিন্তু জানিব লাগে; তেহে কিন্তু আমাৰ ফন্দ্‌ কিন্তু আঁট খায় মনত কিন্তু ৰাখিবাহঁক কিন্তু!

২য়, কাঃ।— বাৰু, বাৰু, ৰাখিছোঁ মনত। কাইলৈৰপৰা বাৰু দেখিবাহঁক কি কৰোঁ। এই কথা লৈয়ে মই গাৱেঁ গাৱেঁ ফুৰিম নহয়। শুওঁগৈ এতিয়া যাওঁ; আৰু ৰব নোৱাৰি দেও! ( অলপ পৰ টলকা মাৰি বহি কলমটিয়াবলৈ ধৰে।

৩য়, কাঃ।—এৰা, এ-ৰা, এ-ৰা-আ (ঢাল খাই পৰে।

১ম, কাঃ।—বা-বাৰু, কি-কিন্‌-তু (কাটি হৈ পৰে।)

(ভূতনাথৰ প্ৰবেশ)।

ভূতনাথ।—হাঁয়, হাঁয়! কি শুনিলোঁ! কি দেখিছোঁহি। ইহঁতেই অনৰ্থৰ মূল। কানিয়েই অসম দেশ খালে! কানীয়াই অসমীয়া সমাজ ডুবালে। এনে কানিখোলা নাভাঙ্গিলে ভূত-বিশ্বাস ভঙ্গা টান হৈছে। দেখা যাক, কি কৰিব পাৰোঁ। চাওঁচোঁ, ইহঁতৰ শোৱনটোকে!

১ম, কাঃ।—(টোপনিত) হুঁ-ওঁ, উঁ-হুঁ, বান্ধ! শালপতি! নিয়ে, নিয়ে, নিয়ে কিন্তু এতিয়া মোক। ধৰিলে, ধৰিলে, কিন্তু ধৰিলেহিঔ! (চকু মেলি আছাৰ খাই বাগৰি পৰি) ঔ আই। সঁচাসঁচিকৈ কিন্তু মানুহৰ ৰূপ ধৰি কিন্তু আহিছে! (ভূতনাথলৈ চাই কঁপি কঁপি) ঔ আই! এইটো কিন্তু কি ভূত ঔ? —মানুহৰ ভেশ ধৰি কিন্তু ছলিবলৈ আহিছে। (উঠি ভিৰাই লৰ মাৰি প্ৰস্থান)।

২য়, কাঃ।— (চক্‌মক্‌কৈ উঠি ভূতনাথলৈ চাই) ঔ আই! নহয় নো কি! সঁচাকৈ এইটো ভূতঔ! বান্ধ, বান্ধ! (উঠি লৰি প্ৰস্থান)।

২, কাঃ।— (ভূতনাথলৈ চঁক্‌ ধৰি চাই) ঔ বুপাই। সঁচাকৈয়ে এইটো মনিষ্‌-ভূত ঔ! ধৰিলেঔ! খালেঔ! মৰিলোঁ ঔ! (উধাতু খাই পলাই প্ৰস্থান)। [ ২৯ ] ভূতনাথ।—হাঁয়, কি মাৰাত্মক ভ্ৰম! এই ভ্ৰম নুগুচিলে সমাজৰ মানুহ মানুহ হব কেনেকৈ। ইও এটা আমাৰ সংস্কাৰ-সভাৰ আলোচ্য বিষয় হব লাগে। যাওঁ, সমিতিৰ সভ্যসকলক ভাঙ্গি কওঁঁগৈ। কানিখোলা নাভঙ্গিলে আমাৰ সমাজৰ উদগতি নাই। (প্ৰস্থান)

⸺•⸺


দ্বিতীয় পট।
(বাঁঁৰীৰ পজা)।


মাক আৰু নৰীয়া পুতেক।

মাক।—(মূৰে-কপালে হাত দি) কিমান যে বুজনি দিলোঁঁ, বোলোঁঁ, বোপাই, পোতা-পুখুৰীত বৰশী বাবলৈ নাযাবি; তাত দ’ত থাকে, বাঁঁক্ থাকে, কেতিয়াবা ছলিব। বোলো, খালে-বাঁঁহতলে ডেওপাৰি নুফুৰিবি; তাত যখিনী থাকে, ডাইনী ফুৰে, কাহানিবা গা চুব। বোলো, বাটে-ঘাটে ফিচাহিনী আৰু ভুতুনী ফুৰে, দেখিলে ছঁয়াকাটি যাবি, সিহঁতে ভূত পোহে; ছেগ পালেই যাৰে-তাৰে গাত ভেলেকি বাণ মাৰি ভূত পোৱালি মেলি যায়। মোৰ হাক-বচন নামানি ডেওপাৰি ফুৰিলি, নেযাবলগীয়া ঠাইলৈ গলি; এতিয়া এই দশা! মই বাঁঁৰী-দুখুনী মানুহ, মোক কোনে পুতৌ কৰিব! কালিয়েই চৰতীয়া এটাৰে সৈতে আমোণ-পাণ এটোপোলা দি বেজ গৰাকীক মাতি আহিলোঁগৈ, তেওঁ ইমান পৰলৈকে নাহিবই হ'বলা। হে ঈশ্বৰ, যি কৰাঁ তুমি পৰ্ভু। [ ৩০ ] নৰীয়া।—(চাটিফুটি কৰি প্ৰলাপ বকে) মই যাওঁ। এৰি দে। সৌটো, সৌটো! ধৰে, ধৰে, —ধৰিলে। ধৰিলে ঔ! (কঁপি কঁপি চিয়ঁৰ মাৰে)।

মাক।—ঔ, মোৰ বোপাইক জীয়াই জীয়াই নিয়ে! ধৰ্ হিঔ, কোন্ ক'ত আছ আহঔ! মই ক'ত মৰোঁগৈঔ! (ফটাকঁথাৰে সৈতে মূৰে-গাই ঢাকি নৰীয়াক হেঁচা মাৰি ধৰি তাৰ ওপৰত উবুৰি খাই পৰে)।

(বেজৰ প্ৰৱেশ )

বেজ।—হে, হে, বাৰু অ! কাক নিয় অ? কোন্ তই? ৰৈ যা। চা, কি কৰোঁ তোক। মই ধিতাই বেজ বুলি জানি লবি।

মাক।—(বাউলী হৈ) ঔ, মোৰ ঈশ্বৰ, ভাল ঠিকতে আহি পালোঁহি। এতিয়াই মোৰ বোপাইক জীয়াই জীয়াই নিবলৈ ধৰিছিলহি ভূতে।

বেজ।—বাৰু, আৰু ভয় নাই। আনিছে। মই তাৰ আহদি। কচোন, কেতিয়াৰপৰা কি হৈছে।

মাক।— বেজদেও! কিনো কম! সিদিনা আমাৰ নামঘৰত ডাঙৰীয়া-ভকত উঠিছিল। ডাঙৰীয়া জনাই টেলেকাটেলেকি কৰা দেখি লৰাটোৱে চঁক্ খাই উঠি চিয়ঁৰ এটা মাৰিলে। তাৰ পাচৰপৰাই জ্বৰ।

বেজ।—বুজিছোঁ। মাজৰ কেদিনৰ ভিতৰত আৰু কিবা হৈছিল নে? গমি চাচোন।

মাক।—তাৰ পাচত, লৰাই হেনো এদিন বাটত ভূত-মেলা ফিচাহিনী এজনী লগ পাইছিল।

বেজ:—ওঁ! আৰু কিবা জান নে?

মাক৷—নেজানো আৰু। পৰহি দিনা মাথোঁ জৰৰ গাৰেই মুকলি ফুৰিবলৈ যাওঁতে, বাঁহতলত যখিনী এজনী দেখা পাইছিল হেনো। [ ৩১ ] বেজ৷-ওঁ, বুজিলোঁ। তিনি ভূতে লগ লাগি উধান পাতি বহিছে। এতিয়া চৰু বহুৱাবলৈ হে বাকী!

মাক।—সেইটো আৰু আপুনিহে জানা দেওঁ। এই কেদিন সন্ধিয়াৰপৰা ফেঁচাজনীয়েও নিওঁ-নিওঁকৈ আছে।

বেজ।—বাৰু, ভয় নাই। পালোঁ হি ভূতৰ বাপেক। চাই থাক, কি কৰোঁ তাহঁতক। যা, বিহ্‌লঙ্গনী এমুঠি, নাইবা এৰাপাত দুখিলামান লৈ আহ; (জোলোঙ্গাৰপৰা মন্ত্ৰ-পুথি এখন, বগা সৰিয়হৰ টোপোলা এটা আৰু আন-আন আহিলা-পাতি উলিয়াই লৈ, নৰীয়াৰ চাৰিওফালে সৰিয়হ এমুঠি চটিয়াই দিয়ে)।

মাক।—(লাহেকৈ উঠি) ভাল, আনোগৈ। বিহ্‌লঙ্গনী বিচাৰিবলৈ গলে পলম হব; এৰাপাতকে আনিম নে?

বেজা৷—ওঁ, সি হলেও হব; পিচে বিহ্‌লঙ্গনী হলে যেনিবা ভাল। তাৰ কোবত ভূতৰ গা বৰকৈ পোৰে।

মাক।—ভাল তেন্তে বিহলঙ্গনীকে আনোগৈ। (কাচুতি এৰি ঢপলিয়াই যায়)।

বেজ।—(চকু পোন্দোৱাকৈ নৰীয়ালৈ চাই) কোন্ তই? সঁচাকৈ ক। নকলেও আঁতিগুৰি উলিয়াই লম এতিয়াই। অলপ ৰবি।

নৰীয়া৷— (চাটিফুটিকৈ কাপোৰ কানি পেলাই “যাওঁ যাও” কৈ উঠি বহিব খোজে)।

বেজ।—(কাণ-টাল-মৰ ভেকাহি মাৰি) কলৈ যাবলৈ ওলাইছ কটা! জনা নাই, বাপেৰ আহিছোঁ বুলি। এপোটক নিদিয়াকৈ এৰি পঠিয়াম বুলি জানিছ হবলা? (নৰীয়াৰ বুকুত হেঁচা আৰু ডিঙ্গিত চেপা দি ধৰে)।

মাক৷—(পুনঃ প্ৰৱেশ) এয়া বিহ্‌লঙ্গনী দেও! আৰু কিবা লাগিব জানো? [ ৩২ ] বেজ।—বাৰু, ৰবিচোন, ওপৰে ওপৰে এজাৰণ দি চাওঁ এথোন। (চুলি মেলি লৈ বিহ্‌লঙ্গনীৰে কোবাই ২ জাৰিবলৈ ধৰে)।

নৰীয়া।—(জঁয় পৰি, আতুৰ ভাৱে) পানী, পানী, পানী!

মাক।—পানী খুজিছে, অকণ দিম নে দেও?

বেজ।—ৰবি, ভূতৰ বল মৰি আহিছে। আৰু নৰম হওক। (নিগনি এটা আগে দি লৰ মাৰে) দেখিলি, সেইটো ভূত-পোৱালি এৰাই লৰ মাৰিছে। এটা জাৰণত এটা যেনিবা খেদিলোঁ; আৰু কিবা আছে নে চাওঁ। ৰবি।

নৰীয়া।— (আকৌ উদ্বাউল দি উঠে।)

বেজ।—বাৰু, আৰু কোনোবা এজনা আছে। দেখা যাওক। যাচোন পকাজলকীয়া গোটাদিয়েক লৈ আহ।

মাক।—(হুমুনিয়াহ্ পেলাই) বাৰু, যাওঁ আনোগৈ। (প্ৰস্থান)।

নৰীয়া।— (আকৌ প্ৰলাপ বকে)।

বেজ।—ৰবি, অলপ ৰবি, আহিছে তোৰ আহুদি।

মাক।—(জলকীয়া আনি দি, আমনজিমনকৈ আঁঠু লৈ বহি একাণপতীয়াকৈ চাই থাকি) হে ঈশ্বৰ, কিৰ্‌পা কৰাঁ মোৰ বোপাইক, পৰ্ভু।

বেজ।— ল তোৰ আহুদি (পকা জলকীয়া এটা নৰীয়াৰ নাকত ভাঙ্গি দিয়ে)। যাবি নে নেযাৱ, ক এতিয়া।

নৰিয়া।—(জলকীয়াৰ জালত চিয়ঁৰি-বাখৰি ঠেৰেঙ্গা লাগে)।

বেজ।—কেনে পাইছ? যাবি নে নেযাৱ?—গলি নে নাই?

নৰীয়া।—(ঢেলেকাঢেলেকিকৈ চিপ্ লয়)।

বেজ।—(গতিক বিষম দেখি খৰ্‌ধৰ্‌কৈ পুথি মোনাত ভৰাই লৈ) হুঁঃ, এটা হলেহে চাব পাৰি; দুটা-তিনটা ভূতে কেতিয়াবাৰে পিড়ি ধৰিলে। কি কৰিম? নোৱাৰিলোঁ ৰখাব৷ (বেগাবেগিকৈ প্ৰস্থান) [ ৩৩ ] মাক।—(হিয়া ভুকুৱাই) ঔ , মোৰ বোপাই কলৈ গলিঔ! এতিয়াই আছিল কথা কৈ, এতিয়াই মাত হেৰালঔ! মোৰ বোপাইৰ দেহৰপৰা জীৱটো কোনে উলিয়াই নিলিঔ!

(মুক্তিনাথৰ প্ৰৱেশ)

মুক্তি।—দেহিঐ, কেনেকৈ কি হল, বাই?

মাক।—(বাউলী হৈ) এ, কিনো সোধাঁ মোৰ দৌতা! যি হব লাগে হল! মই মাথোঁ নমৰি জীয়াই আছোঁ।

মুক্তি।—নৰীয়াক দৰপ-জাতি খুৱাইছিলি নে? অকল জ্বৰেই নে আন বিকাৰো আছিল?

মাক।—আছিল, আছিল, আন বিকাৰো আছিল। সেয়া নহয়, বেজে কৈ গৈছে। এটা নহয়, দুটা-তিনটা ভূতে ধৰিছিল, বেজে জানিবা জাৰি জাৰি এটা খেদিলে; আৰু এটা খেদিবলৈ নাকত পকা জলকীয়া ভাঙ্গি দিওঁতেই ইকেটা ভূতে মোৰ পোনাক নিলেই। ঔ, মই ক’ত মৰোঁগৈঔ! (মাটিত পৰি মূৰ্চ্ছা যায়।)

মুক্তি।—হৰি, হৰি! কি হৃদয়বিদাৰক কথা! ভূত-বিশ্বাস আৰু বেজৰ উৎপাতে সৰ্ব্বনাশ কৰিছে!—বাই, যি হব লগা আছিল হল, বেজাৰ কৰাৰ আৰু সকাম নাই। এইবোৰ সকলো মিছা;ভূতও মিছা, বেজও মিছা। তহঁতে মিছা বিশ্বাসত ধৰি হে মৰিছ। মই বাৰু পাচত ভালকৈ ভাঙ্গি কম। এতিয়া মৰা নিবলৈ মই বেগতে মানুহ মাতি আনোগৈ। তই থিৰ হ।

(মুক্তিৰ বেগেৰে প্ৰস্থান)৷

(আগফালে আন পটৰ ঢাকনি পৰে)৷

[ ৩৪ ]
তৃতীয় পট।
(গাঁৱলীয়া মাজবাট)।
ভূতনাথ আৰু ধৰ্ম্মেশ্বৰ।

ধৰ্ম্ম।—আমাৰ উদ্দেশ্য আজিলৈকে দেখোন অলপো সিদ্ধি নহল। মই আৰু ক্ৰমাৎ হতাশ হৈ হে গৈছোঁ।

ভূত।—কি কোৱাঁ?—হতাশ! এনে কথা মুখত নানিবাঁ, ৰাজখোৱা। আমি যি ব্ৰত লৈ ওলাইছোঁ, তাক পালন কৰিবলৈ প্ৰাণপণে যত্ন কৰি গৈ থাকিমহঁক। “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন” এই দৃঢ় প্ৰতিজ্ঞা আমাৰ মনৰপৰা কেতিয়াও আঁতৰ হব নালাগে। ভূত-বিশ্বাস ঠাপতে গুচোৱা বস্তু নহয়।

ধৰ্ম্ম।—বুজিছোঁ। কিন্তু মনে মানিলে হে! দুটা-এটা কাৰ্য্যৰ ফল ধৰা নেদেখিলে মনত উৎসাহ লাগিব কেনেকৈ? আৰু এটা কথা—

ভূত।—নাই আন কথা। তোমালোক জনদিয়েকক ভিতৰি অলপ বিগৰি যোৱা যেন মই গম্ পাইছোঁ। সেই বাবে মই বৰ দুখিত; কিন্তু হতাশ নহওঁ। তোমালোকে এৰিলেও মই আমাৰ উদ্দেশ্য নেৰোঁ, নিশ্চয় জানিবাঁ।

ধৰ্ম৷— আমি নো এমি কিয়?—নেৰোঁ। ময়ো “নমৰোঁমানে চাম, নুবুৰে মানে বাম” বুলিয়েই ধৰিছোঁ। এৰিম কিয়?—পিচে, এটা কথা। বৰুৱা, তোমাক ভাবিবৰ মন নাই; ভাঙ্গি কওঁ। অলপ দকৈ গমি চাবাঁ, কিন্তু বিষম নাপাবাঁ। [ ৩৫ ] ভূত।—নাপাওঁ বিষম। কোৱাঁ। খোলাখুলি আলোচনা হে ভাল।

ধৰ্ম্ম।—কথা হৈছে, মন আৰু অন্তৰ একে কৰিব পৰা নাই দেখোন।

ভূত৷— মই কথাষাৰ ভালকৈ তং কৰিব পৰা নাই; আৰু অলপ মুকলিকৈ কোৱাঁচোন।

ধৰ্ম্ম৷—বোলোঁ, মনে যি মানিব খোজে, অন্তৰে তাক পালিব নোৱাৰে দেখোন। অৰ্থাৎ, ভূত নামানোঁ বুলি মন বান্ধি ওলাওঁ হয়, কিন্তু সৰুৰেপৰা যিবোৰ ঠাইত ভূত আছে বুলি বিশ্বাস কৰি আহিছিলোঁ, তাৰ ওচৰ চাপিলেই দেখোন বুকু কঁপি উঠে।

ভূত।—সঁচা। তুমি সঁচা কথা সৰলভাৱে কৈছা। ভূত-বিশ্বাসে আমাৰ সমাজৰ হাড়ে-হিমজুৱে এনেকৈ ভেজিছে যে, তাক বাজ কৰি ততালিকে তাৰ জইন্ মাৰিব নোৱাৰি। কিন্তু, মানুহৰ অসাধ্যও একো নাই; আৰু অভ্যাসত সকলে সিজে। ভূতৰ কথা, ভূতৰ গল্প সৰুৰেপৰা শুনি শুনি বিশ্বাস কৰাৰ কাৰণে সি আমাৰ অন্তৰত এটা স্বাভাৱিক অনুভূতি (instinct) হৈ বহিছে। ভূত-বিশ্বাসে আমাৰ অন্তৰত এনে ভাৱে থিত্ লৈছে যে, তাক এৰোঁ বুলিও এৰিব নোৱাৰাত পৰিছোহঁক। কিন্তু, যুক্তি খটাই অভ্যাস কৰিলে, তাক মনৰপৰা বাজ কৰি দিয়াটো অসম্ভৱ নহব।

ধৰ্ম্ম৷— ঠিক কৈছাঁ। সেইটো ময়ো কওঁ। মাজে মাজে অভ্যাসতো ধৰিছোঁ ৷ কিন্তু, মনে মানিলেও অন্তৰে নামানে ৷ ভূত-বিশ্বাস নাহিলেও, ভয়টো স্বভাৱতে আগধৰি আহি পৰে।

ভূত৷—সঁচা। এদিন-দুদিনৰ অভ্যাসেৰে ভূত-বিশ্বাস আৰু ভূতলৈ স্বাভাৱিক ভয়ৰ উদ্ৰেক হোৱাটো গুচাব নোৱাৰি। সেই কাৰণে, সততে ভূত থকা বোলা ঠাইবোৰত অকলে গৈ আত্ম-পৰীক্ষা [ ৩৬ ] কৰিব লাগে। এনে অভ্যাস যিমান ঘন হব, ভূত-বিশ্বাস আৰু ভূতলৈ ভয় সিমান সোনকালে গুচিব।

ধৰ্ম্ম।—যত্নৰ ক্ৰটী কৰা নাই। দেখা যাওক, সময়ত কি ফল ধৰেগৈ।

ভূত।—ফল নিশ্চয় ধৰিব। মাথোন, নিজে অভ্যাস কৰাৰ লগে লগে আনকো অভ্যাস কৰাবলৈ আমাৰ অবিশ্ৰান্ত পৰিশ্ৰম হব লাগে। বিশেষ, আমাৰ সমাজৰ অশিক্ষিত মানুহক অভ্যাসত লগোৱাৰ আগেয়ে সহজ আৰু সৰল বুজনিৰে সৈতে ভূত-বিশ্বাসৰ অমূলকতা আগধৰি কাৰ্য্যৰ পটন্তৰত দেখুৱাবলৈ চাব লাগে ।

ধৰ্ম্ম।—চলিছোঁ তো সেই ভাৱেই ৷ দেখোঁ, কিমানলৈ আগুৱাব পাৰোঁহঁক।-অ, আজি মিঃ ফুকনৰে সৈতে আমাৰ দেখাদেখিয়েই নহলচোন!

ভূত।—দেখা হোৱাৰ কথাও নাছিল। তেওঁ আজি ভূত-ভ্ৰান্তিৰ পটন্তৰ সংগ্ৰহ কৰিবলৈ গাওঁ ফুৰিছেগৈ হব পায়।

ধৰ্ম্ম।—হব পায়। তেওঁ হলে প্ৰাণটাঁকি লাগিছে দেই।

ভূত।—সঁচা। তেওঁৰ অন্তৰৰ ভাব আৰু মুখৰ কথাত অকণো অমিল নাই। নেদেখা নে, মিঃ ফুকনে জয়াৰ ঠাইবোৰত কেনেকৈ বুকু ডাঠি ফুৰে।

ধৰ্ম্ম।—নেদেখিম কিয়? মই নিজে কেইবাদিনো তেওঁক অকলে কেইবাখনো জয়াৰ ঠাইত লগ পাইছোঁ ৷ বাৰু, বৰুৱা, আজিৰপৰা ময়ো তেওঁৰ দৰেই বুকু ডাঠি ফুৰিবলৈ অঙ্গীকাৰ কৰিলোঁ। অহা মঙ্গলবাৰে, আঁউসী ৰাতি, মৰণৈ পাৰৰ মৰিশালিলৈ গৈ, মই চূড়ান্ত আত্ম-পৰীক্ষা কৰিম।

ভূত।— কিন্তু সেই পৰীক্ষাৰ নিদৰ্শন পালে হে আনে পতিয়াবলৈ চল লাগিব।—নহয় জানো? [ ৩৭ ] ধৰ্ম্ম।—সঁচা। বাৰু, সেই ৰাতি মৰিশালিলৈ গৈ, মই এটা মৈদামৰ ওপৰত খুঁটি এটা পুতি থৈ আহিমগৈ। পিচদিনা তোমালোক আটাইকেইওজনে চাবাঁগৈ।

ভূত।—ভাল কথা। মই আজিয়েই এই কথা আমাৰ ফুকন, স্মিথ আৰু আহ্মদক জানিবলৈ দিম। আশা কৰোঁ, আগন্তুক আত্ম-পৰীক্ষাত তুমি সুকলমে উত্তীৰ্ণ হবাঁ। এতিয়া যাওঁগৈ বলাঁ।

(দুইৰো প্ৰস্থান)


চতুৰ্থ পট।
বধাকাৰ দলনিৰ মহখুঁটি৷
(এটা গুৱালৰ প্ৰৱেশ)

গুৱাল।—(আতঙ্কত অস্থিৰ হৈ ফোঁপাই ফোঁপাই) মৰিলোঁ, মৰিলোঁ ! কোনে ৰাখে আজি মোক গোসাঁই। এই নিজান খুঁটিত মই কেনি যাওঁ, ক’ত পলাওঁ! আইঔ। আকৌ পায়হি পায়হি যেন লাগিছেঔ ! (মুক্তিনাথৰ প্ৰৱেশ)

মুক্তি।—এইটোচোন গঙ্গাকাই। হেৰ, গঙ্গাকাই, তোৰ হৈছে কি? হায়ঔ-বিঔখন লগাইছ দেখোন ?

গুৱাল।—এ, কিনো সোধা বুপাটি! ভাল ওলাইছাঁহি এনে পৰত। তোমাক ঈশ্বৰ হে বুলিছোঁ ৷ সঁচাকৈয়ে তুমি মোক জীয়াবলৈ হে আহিলা, বুপাটি ! [ ৩৮ ] মুক্তি।—কিনো হৈছে? কচোন বাৰু, ক। ইমানকৈ আতুৰ হৈছ নো কিয়? কোনোবাই কিবা কৰিলে নে কি?

গুৱাল।—বুপাটি! কিহবাই কিবা কৰিছে নে বুলি সোধাঁ। তেহে বিহাবলৈ চল লাগিব, বুপাটি। (বুকুত হাত দি ফোঁপাবলৈ ধৰে)৷

মুক্তি।—বাৰু, সুধিছোঁ সেই বুলিয়েই। কচোন, কিহে নো কি কৰিলে?

গুৱাল।—বুপাটি। মোক অকলে টঙ্গি-ৰখীয়া থৈ আনবোৰ গুৱাল মাছ খড়ি বিচাৰি দিহাদিহি গৈছে। মই অকলে অকলে মহ চৰাই থাকি, ভাগৰ লগাত, সৌখিনিতে বহি পৰিলোঁ। বহি বহি মহজাকৰ ফালে চাই আছিলোঁ। পিচে, বৰ ভাগৰে ধৰিলে। কালি ৰাতি ভাত খাবলৈকো নহল। ভোকত পেটে কল্‌মলাবলৈ ধৰিলে। চকুৰ আগত জলক্-তবক্ যেন লাগি আহিল। বহি থাকোঁতেই টোপনিয়ে চকু দুটা মুদাই নিবলৈ ধৰিলে। এনেতে,—ঔ। বুপাটি, ধৰাঁ ধৰাঁ মোক! ধৰিলেহিঔ! (মুক্তিৰ গাত গবামাৰি ধৰেগৈ)।

মুক্তি।—ভয় নকৰিবিচোন! মই আছোঁ, একো ভয় নাই। কৈ যা কি হল।—পিচে?

গুৱাল।—(টেলেকাটেলেকিকৈ) পিচে বুপাটি, বৰ ডাঙৰ,—ঔ বুপাই! বৰ শকত। বৰ ওখ! আমাৰ গোনা মহটো যেন শিং লগা কিবা এটাই ছঁয়াময়াকৈ আহি মোক হেঁচা মাৰি ধৰিলেহি৷—ঔ আই! মই তাৰ মূৰৰ ছাঁটো হে দেখিলোঁ! তাৰ শিংযোৰ বুপাই! আমাৰ মেনী মহ জনীৰ শিঙ্গতকৈও দীঘল-বহল! (কঁপিবলৈ ধৰে)।

মুক্তি।—বাৰু, কৈ যা। কৈ অন্ত কৰ। নকঁপিবিচোন। মই আছোঁ নহয়; ভয় নাই। [ ৩৯ ] গুৱাল৷— বাৰু, বাৰু, নকপোঁ, বুপাটি! (থৰক্-বৰক্‌কৈ) কি কম? সেই ভূতটোৱে—সেইটো মহ-যখ হব পায়—মোক গিলিপ মাৰি ধৰিলেহি। মই মূৰপোলোকা দি কথমপি হে এৰাই এইখিনি পাইছোঁহি, বুপাটি!

মুক্তি৷—বাৰু, তই যেতিয়া সৌখিনিত বহি কল্‌মটিয়াইছিলি, তেতিয়া তোৰ সপোন দেখা যেন লাগিছিল নে?

গুৱাল।—ওঁ, হয়, বুপাটি, হয় লাগিছিল।

মুক্তি৷—বাৰু, তেতিয়া তহঁতৰ মেনী মহজনী কোন্‌খিনিত আছিল?

গুৱাল৷— সৌখিনিত (হাত মেলি দেখুৱায়)। তাই ঠিক মোৰ পিঠিৰ পোনে-পোনে বেলি ওলোৱাৰ পিনে আছিল।

মুক্তি৷—আহচোন সেইখিনিলৈ যাওঁ। মই ভালকৈ চাওঁগৈ।

গুৱাল।—ওহুঁ, মই নেযাওঁ; তুমিয়েই যোৱা, বুপাটি। মই ইয়াৰপৰাই দেখুৱাম (ঠক্‌ঠক্‌কৈ কঁপে)।

মুক্তি।—বাৰু, আহোচোন আহ। কিহৰ ভয়, মই আছোঁ নহয়? (মুক্তিয়ে হাতত ধৰি টানি নিয়ে। গুৱাল কঁপি কঁপি চুঁচৰি যোৱাদি থৰক্-বৰক্‌কৈ যায়)।

গুৱাল।—তুমি মোৰ কাষৰপৰা নেযাবাঁ আকৌ?

মুক্তি।—বাৰু নাযাওঁ। তই আগৰ ঠাইতে আগৰ দৰে বহচোন।

গুৱাল।—(কাওবাওকৈ) এ-হে-এ, মই নোৱাৰোঁ বহিব। ভূতটোৱে আকৌ হেঁচা মাৰি ধৰিবহি!

মুক্তি।—নধৰে বাৰু, বহচোন। (হেঁচা মাৰি বহুৱাই মুক্তিয়ে গুৱালৰ পিচ্‌ফালে থিয় দি নিজৰ বাহু দুটা তুলি মহৰ শিঙ্গৰ দৰে ঘোৰ খুৱাই হেন্দোলনি দিয়ে)। কচোন বাৰু, আগত কি দেখিছ? [ ৪০ ] গুৱাল৷— তোমাৰ ছাঁটো দেখিছোঁ, বুপাটি। মহৰ শিঙ্গৰ দৰে তোমাৰ হাত দুখন তুমি ঘোৰখুৱাই লৰাইছাঁ।

মুক্তি৷—বাৰু, তোৰ মেনী মহজনী আছিল কোন্ খিনিত?

গুৱাল।—ঠিক সেই খিনিতে। তুমি থিয় দিয়া ঠাইতে।

মুক্তি৷—বাৰু, তেন্তে তই এতিয়া দেখা ছাঁটো মেনী মহজনীৰ ছাঁ নো নহব কিয়?

গুৱাল৷—(অলপ তং কৰি) হব পাৰে।

মুক্তি৷—আৰু, তেতিয়া তোৰ সপোন দেখা যেন লাগিছিল; সপোনত নাভুত-নাশ্ৰুত কাণ্ড দেখি,—নহয় জানো?

গুৱাল।—হয়। সপোনতো দিঠকত দেখাৰ দৰে দেখি।

মুক্তি৷—তেন্তে আচল কথা বুজাই কওঁ, শুন্। ভোকত তোৰ গা এনেয়ে আচন্দ্ৰাই কৰি আছিল। তাতে ভাগৰ-টোপনিৰ জিলিমিলিত কিবাখন দেখিলি। ছাঁটোকে বাঘটো যেন দেখাৰ কথা তই জানই। তহঁতৰ মেনী মহৰ ছাঁটোকে সেই অৱস্থাত তই কিবা এটা যেন দেখিলি। আচলতে সি ভূত নহয়। সেই বোৰকে নজনা মানুহে মিছামিছিকৈ ভূত ভাবি ভয় খায়। বোলে, বনৰ বাঘে খাওক-নাখাওক মনৰ বাঘে খায়৷—নহয় নে?

গুৱাল৷—(তং কৰি চাই) হয়। স্বৰূপ কৈছাঁ, বুপাটি। বাৰু, এতিয়াৰপৰা এই কথা মনত ৰাখি ফুৰিম। আনবোৰ গুৱালকো আহিলে কম। ভাল গিয়ান দিলাঁ, বুপাটি !

————•————
অঙ্কপাত৷
———◌‹•›◌———