বেজ।—বাৰু, ৰবিচোন, ওপৰে ওপৰে এজাৰণ দি চাওঁ এথোন। (চুলি মেলি লৈ বিহ্লঙ্গনীৰে কোবাই ২ জাৰিবলৈ ধৰে)।
নৰীয়া।—(জঁয় পৰি, আতুৰ ভাৱে) পানী, পানী, পানী!
মাক।—পানী খুজিছে, অকণ দিম নে দেও?
বেজ।—ৰবি, ভূতৰ বল মৰি আহিছে। আৰু নৰম হওক। (নিগনি এটা আগে দি লৰ মাৰে) দেখিলি, সেইটো ভূত-পোৱালি এৰাই লৰ মাৰিছে। এটা জাৰণত এটা যেনিবা খেদিলোঁ; আৰু কিবা আছে নে চাওঁ। ৰবি।
নৰীয়া।— (আকৌ উদ্বাউল দি উঠে।)
বেজ।—বাৰু, আৰু কোনোবা এজনা আছে। দেখা যাওক। যাচোন পকাজলকীয়া গোটাদিয়েক লৈ আহ।
মাক।—(হুমুনিয়াহ্ পেলাই) বাৰু, যাওঁ আনোগৈ। (প্ৰস্থান)।
নৰীয়া।— (আকৌ প্ৰলাপ বকে)।
বেজ।—ৰবি, অলপ ৰবি, আহিছে তোৰ আহুদি।
মাক।—(জলকীয়া আনি দি, আমনজিমনকৈ আঁঠু লৈ বহি একাণপতীয়াকৈ চাই থাকি) হে ঈশ্বৰ, কিৰ্পা কৰাঁ মোৰ বোপাইক, পৰ্ভু।
বেজ।— ল তোৰ আহুদি (পকা জলকীয়া এটা নৰীয়াৰ নাকত ভাঙ্গি দিয়ে)। যাবি নে নেযাৱ, ক এতিয়া।
নৰিয়া।—(জলকীয়াৰ জালত চিয়ঁৰি-বাখৰি ঠেৰেঙ্গা লাগে)।
বেজ।—কেনে পাইছ? যাবি নে নেযাৱ?—গলি নে নাই?
নৰীয়া।—(ঢেলেকাঢেলেকিকৈ চিপ্ লয়)।
বেজ।—(গতিক বিষম দেখি খৰ্ধৰ্কৈ পুথি মোনাত ভৰাই লৈ) হুঁঃ, এটা হলেহে চাব পাৰি; দুটা-তিনটা ভূতে কেতিয়াবাৰে পিড়ি ধৰিলে। কি কৰিম? নোৱাৰিলোঁ ৰখাব৷ (বেগাবেগিকৈ প্ৰস্থান)