পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩৯
ভূত নে ভ্ৰম

ভূত।—নাপাওঁ বিষম। কোৱাঁ। খোলাখুলি আলোচনা হে ভাল।

ধৰ্ম্ম।—কথা হৈছে, মন আৰু অন্তৰ একে কৰিব পৰা নাই দেখোন।

ভূত৷— মই কথাষাৰ ভালকৈ তং কৰিব পৰা নাই; আৰু অলপ মুকলিকৈ কোৱাঁচোন।

ধৰ্ম্ম৷—বোলোঁ, মনে যি মানিব খোজে, অন্তৰে তাক পালিব নোৱাৰে দেখোন। অৰ্থাৎ, ভূত নামানোঁ বুলি মন বান্ধি ওলাওঁ হয়, কিন্তু সৰুৰেপৰা যিবোৰ ঠাইত ভূত আছে বুলি বিশ্বাস কৰি আহিছিলোঁ, তাৰ ওচৰ চাপিলেই দেখোন বুকু কঁপি উঠে।

ভূত।—সঁচা। তুমি সঁচা কথা সৰলভাৱে কৈছা। ভূত-বিশ্বাসে আমাৰ সমাজৰ হাড়ে-হিমজুৱে এনেকৈ ভেজিছে যে, তাক বাজ কৰি ততালিকে তাৰ জইন্ মাৰিব নোৱাৰি। কিন্তু, মানুহৰ অসাধ্যও একো নাই; আৰু অভ্যাসত সকলে সিজে। ভূতৰ কথা, ভূতৰ গল্প সৰুৰেপৰা শুনি শুনি বিশ্বাস কৰাৰ কাৰণে সি আমাৰ অন্তৰত এটা স্বাভাৱিক অনুভূতি (instinct) হৈ বহিছে। ভূত-বিশ্বাসে আমাৰ অন্তৰত এনে ভাৱে থিত্ লৈছে যে, তাক এৰোঁ বুলিও এৰিব নোৱাৰাত পৰিছোহঁক। কিন্তু, যুক্তি খটাই অভ্যাস কৰিলে, তাক মনৰপৰা বাজ কৰি দিয়াটো অসম্ভৱ নহব।

ধৰ্ম্ম৷— ঠিক কৈছাঁ। সেইটো ময়ো কওঁ। মাজে মাজে অভ্যাসতো ধৰিছোঁ ৷ কিন্তু, মনে মানিলেও অন্তৰে নামানে ৷ ভূত-বিশ্বাস নাহিলেও, ভয়টো স্বভাৱতে আগধৰি আহি পৰে।

ভূত৷—সঁচা। এদিন-দুদিনৰ অভ্যাসেৰে ভূত-বিশ্বাস আৰু ভূতলৈ স্বাভাৱিক ভয়ৰ উদ্ৰেক হোৱাটো গুচাব নোৱাৰি। সেই কাৰণে, সততে ভূত থকা বোলা ঠাইবোৰত অকলে গৈ আত্ম-পৰীক্ষা