পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩। অঙ্ক।

প্ৰথম পট।
(কানিখোলা)।

(তিনটা কানীয়াই কানিপান কৰে।)

১ম, কাঃ।—( ২য়, কানীয়াই ১ম, কানীয়াৰ জলপানৰ বাটীত গাখীৰ-চেনি বাকি দিয়ে) আচক্ আচক্। (ধোৱাঁ এঢোক্ গিলি) ঐচে, কিন্তু ঐচে, কিন্তু ইমানেই কিন্তু অ'ব।

৩য়, কাঃ।—(টিকিৰা এটা পুৰি নাকে-মুখে ধোৱা উৰুৱাই) নহয়, আলপতি,অৰকৈ কাব লাগে। গিৰঅষ্টই দিছে কাবলৈকে বুলি, পেট বৰাই কাবাঁ।

২য়, কাঃ।—( টিকিবা এটা পূৰিবলৈ ধৰি অঙঠা লৰফৰাই) এৰা, ভকত তুষ্ট হলেই দেৱতা তুষ্ট হয়। বোলে, ভকতেই “সবাতকৈ বৰ, ভকতক পুজিলে গুচে কৰ্ম্মজৰ”।—এই ফাঁকি ডাকৰ বচন নহয় জানো?

১ম, কাঃ।—( টিকিৰা এটা পুৰি হোঁকাটো মাটিত খুন্দা মাৰি) ন-অব নো কিন্তু কেলেই। দেৱতাৰ কাৰণেই কিন্তু কানীয়া বকত; কানীয়া বকতৰ কাৰণেই কিন্তু দেৱতা। কি বোলাঁঁ?