গুৱাল৷— তোমাৰ ছাঁটো দেখিছোঁ, বুপাটি। মহৰ শিঙ্গৰ দৰে তোমাৰ হাত দুখন তুমি ঘোৰখুৱাই লৰাইছাঁ।
মুক্তি৷—বাৰু, তোৰ মেনী মহজনী আছিল কোন্ খিনিত?
গুৱাল।—ঠিক সেই খিনিতে। তুমি থিয় দিয়া ঠাইতে।
মুক্তি৷—বাৰু, তেন্তে তই এতিয়া দেখা ছাঁটো মেনী মহজনীৰ ছাঁ নো নহব কিয়?
গুৱাল৷—(অলপ তং কৰি) হব পাৰে।
মুক্তি৷—আৰু, তেতিয়া তোৰ সপোন দেখা যেন লাগিছিল; সপোনত নাভুত-নাশ্ৰুত কাণ্ড দেখি,—নহয় জানো?
গুৱাল।—হয়। সপোনতো দিঠকত দেখাৰ দৰে দেখি।
মুক্তি৷—তেন্তে আচল কথা বুজাই কওঁ, শুন্। ভোকত তোৰ গা এনেয়ে আচন্দ্ৰাই কৰি আছিল। তাতে ভাগৰ-টোপনিৰ জিলিমিলিত কিবাখন দেখিলি। ছাঁটোকে বাঘটো যেন দেখাৰ কথা তই জানই। তহঁতৰ মেনী মহৰ ছাঁটোকে সেই অৱস্থাত তই কিবা এটা যেন দেখিলি। আচলতে সি ভূত নহয়। সেই বোৰকে নজনা মানুহে মিছামিছিকৈ ভূত ভাবি ভয় খায়। বোলে, বনৰ বাঘে খাওক-নাখাওক মনৰ বাঘে খায়৷—নহয় নে?
গুৱাল৷—(তং কৰি চাই) হয়। স্বৰূপ কৈছাঁ, বুপাটি। বাৰু, এতিয়াৰপৰা এই কথা মনত ৰাখি ফুৰিম। আনবোৰ গুৱালকো আহিলে কম। ভাল গিয়ান দিলাঁ, বুপাটি !