ভূত নে ভ্ৰম/দ্বিতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
[ ১৮ ]

২। অঙ্ক।

প্ৰথম পট।
হাটলৈ যোৱা ৰাজহাট।
(পোহাৰী আৰু গৰখীয়া।)

পোহাৰী। — (মূৰত শাক-পাচলিৰ পাচি এটাৰে সৈতে) কিনো ৰ’দ বুপাঔ। গা গোটেই পুৰি-ডেই নিছে! নোৱাৰি আৰু! যাওঁ, সৌ ছাতে বহি অখন্তক জিৰাই লওঁ। কণা-বিধাই মাৰিও নিনিয়ে!

(মূৰৰ পাচি নমাই আলিকাষৰ গছৰ ছাঁত বঁহেগৈ।)

গৰখীয়া।— (প্ৰৱেশ) অ, পোহাৰী বাই! বেহাবলৈ নো পাচিত কি আনিছা?

পোহাৰী।— এ, কি পাম, কি আনিম, বুপাই! বাঁৰী-দুখুনী মানুহ, পৰৰ এৰা-বাৰীৰপৰা বুটলি আনিছেোঁ সেয়া কচু-ঢেঁকিয়া টেঙ্গা-টুকুচা কিবাকিবি। ইয়াকে নসলালে আমাৰ জীৱনেই নৰয় নহয়! এনেকৈ লেলাত ভুঞ্জিবলৈকে জীয়াই আছোঁ! আমালৈ যমো নাই নহয়, বুপাই!

গৰখীয়া।— কি! যম লাগে নে কি? মাতিম নে? —ঔ যমদূত, আহঔ, বুঢ়ী বাইক নেহি! [ ১৯ ] পোহাৰী।— এ, কেলেই নো পেংলায় কৰ বুপাই। তই-মই মাতিলেই নো যম ওলাবহি নে?

গৰখীয়া।— ওঁ, ওলাবহি তো। এতিয়াই ওলাবহি পাৰে। আকৌ মাতিম জানো?— মাতোঁ?

পোহাৰী।— এঃ বাকলি, ৰবিচোন, বতাহজাক বলিছে, খন্তেক জুৰ লওঁ। জহত জীৱটো চট্‌ফটাব লাগিছে।

গৰখীয়া। — যম মাতিছ যদি, জিৰাব লাগিছে আকৌ কিয়? জহতে জীৱনো যায় যদি যাওক। —ভালেই হে।

পোহাৰী।— যা, তেহলেই যা বাকলি, কেপ্‌কেপাই নেথাকিবি এইখনত।

গৰখীয়া।— কিয়, যম মাতিছিলি নহয়? নেলাগে জানো? মৰিবলৈ ভয় লাগিছে হবলা?

পোহাৰী।— কিমান নো ৰেপি থাক আৰু। বোলোঁ, যি মৰিবলৈ ওলায় তালৈ যম নাই। আমাৰ নিচিনা দুখুনীক মাৰি নিলেচোন ৰইখাকে পাওঁ।

গৰখীয়া।— যম নাহে যদি, ভূতকে মাতোঁ তেনেহলে? —মাতিম নে?

পোহাৰী।— এইপাটক আকৌ পালে কিহে! ঘেকেটি খোৱাৰ পো, আঁতৰি নাযাৱ কিয়? ইয়াক মাতিছিল বা কোনে ইয়ালৈ।

গৰখীয়া।— বাৰু, যাওঁ আঁতৰি। থাক অকলে তই। (আলিকাষৰ গছ জোপাৰ ডাল-পাত বতাহত লৰাৰ লগে লগে মাটিত লাগি থকা তাৰ ছঁয়াটো লৰচৰ হোৱালৈ আঙ্গুলিয়াই) ঔ আই। সৌটো কি ভূতঔ! ছঁয়াতে ময়াপী হৈ কেনেকৈ ধৰিবলৈ চিপিয়াইছে।

পোহাৰী।— (আছাৰ খাই আঁতৰি পৰি) ঔ, হয়ো কি নহয়ঔ! ধৰেঔ। খায়ঔ! নাযাবি, নাযাবিঔ? মোক অকলে এৰি নাযাবিঔ। [ ২০ ]   মোৰ কুটুম, মোৰ ঈম্পৰ, নেৰিবি নেৰিবি মোক, অকলে
  নেৰিবিঐ। জীয়া-ভূতৰ মুখত পেলাই নেযাবি এৰি মোক ঔ!

গৰখীয়া। — কেনে পাইছ? মুখেৰে মৰিবলৈ বিচৰা মানুহজনীৰ দেখোন এতিয়া জীবলৈ কাওঁবাওঁ? -ধৰ, হেৰ ভুত, ধৰ, বুঢ়ীক ধৰ, খা!

 (গৰখীয়া ভিৰাই ধৰি লৰ মাৰে; পাচি এৰি পিচে পিচে পোহাৰী ঢপলিয়াই প্ৰস্থান)

(ভুতনাথৰ প্ৰৱেশ)

ভুতনাথ। — কাৰ পাচি এইটো? কোনে এৰি গল এই মাজ বাটত? আইঐ দেহি, কোনোবা পোহাৰীয়ে হাটত বেহাবলৈ এইবোৰ কিবাকিবি আনিছিল।

পোহাৰী। — (ঘুৰি আহি ভুমুকিয়াই) হেৰা, কোন্ তুমি দৌতা, ৰবাঁ তাতে অখন্তক ৰবাঁ, পাচিটো আনি লওঁ দেও হে।

ভূত। — চাপি আহচোন বাৰু। কিনো হৈছিল, কচোন।

পোহাৰী। — (ভয়ে ভয়ে চাপি গৈ গছৰ লৰি থকা ঠাল পাতৰ ছঁয়ালৈ আঙ্গুলিয়াই) সেয়া নেদেখিছাঁ, মোক ধৰিবলৈ ভূতটোৱে কেনেকৈ চিপিয়াইছে! ঔ আই! (কঁপিবলৈ ধৰে)।

ভূতনাথ। — ক’ত, কোনটো?

পোহাৰী। — সেইটো নহয় (পৰি থকা ছাঁটো দেখুৱায়)।

ভুতনাথ। — সেইটোচোন সৌ গছজোপাৰ ছাঁ। বতাহত তাৰ আগ লৰিছে দেখি মাটিত তাৰ ছাঁটোও লৰিছে।

পোহাৰী। — ইঃ গছ লৰিছে ওপৰত; ভূতে মোক ধৰিবলৈ চিপিয়াইছে তলত। সৌৱা, ভালকৈ তং কৰি চোৱাচোন।

ভূতনাথ। — (নিজৰ হাতখন লৰাই তাৰ ছাঁটো দেখুৱাই) চা বাৰু, মোৰ হাতখন লৰোৱাৰ লগে লগে তাৰ ছাঁটোও লৰিছে নে নাই। [ ২১ ] পোহাৰী।—এ আই, হয় যে নহয়। সঁচা, সেইটো সৌ গছৰ হে ছাঁ, ভুত নহয়। (পাচি মূৰত তুলি লয়)।

ভুতনাথ।—আহ বাৰু এতিয়া, ময়ো হাটলৈকে আহিছোঁ; বল, বাটে বাটে তোক ভুত আৰু ভ্ৰমৰ কথা ভাঙ্গি কৈ গৈ থাকোঁ।

(দুইৰো প্ৰস্থান)


দ্বিতীয় পট।
(মৰনৈ মৰিদিখৌৰ মঠাউৰি)

ফজলুৰ আৰু সোণেশ্বৰ।
(মুনিচুনি বেলিকা)

সোণেশ্বৰ।—শুনিছানে ভাই, ইয়াত ফুৰিবলৈ বৰ ভাল; নহয় নে বাৰু?

ফজল।—হঁচা ভাই, চাপৰিটো যেনে মুকলি আৰু ফৰকাল, মনো তেনে মুকলি আৰু ফৰকাল লাগি যায়।

সোণেশ্বৰ।—আহা, কেনে যে ৰিব্‌ৰিব্‌কৈ বতাহ বলিছে। গা শাঁত লাগি গৈছে। ইয়াৰপৰা যেন নেযামেই।

ফজল।—এৰা, হুখটোলৈ চাই ইয়াতে হদায় থাকিবলৈকে মন যায়। পিচে, ঠাইখন হে ভাল নহয়, বৰ জয়াৰ। সন্ধিয়াৰ পাচত এই চাপৰিয়ে মনত অইন ভাব হে ওপজায়। তেতিয়া দেখোন গা-মন লৰিবলৈ ধৰে! [ ২২ ]

সোণেশ্বৰ।—ঠিক কৈছা ভাই। মই কওঁ কওঁ কৰোঁতেই তুমি কৈয়ে পেলালাঁ। সঁচাকৈয়ে গাটো দেখোন কেনেবা কেনেবা লাগি আহে। তাতে আজি শনিবাৰ!

ফজল।—ভাই, কব পাৰা নে ইয়াৰ কাৰণ কি?

সোণেশ্বৰ।—নেজানা নে এই ডোখৰ দিখৌ মৰনৈৰ পাৰ বুলি। ইয়াত ধনগুলৈ ফুৰে। তাহানি আৰিমত্ত ৰজাই পিতৃবধ পাপৰ ধন পেলাই দিয়াত নৈয়ে নিজৰ সুঁতিকে এৰিলে হেনো। এতিয়া সেই ধন সেই ভাগেই সৌ ছোৱা মৰনৈত পোত্ গৈ আছে। তাৰপৰাই ধনগুলৈ বুলি এবিধ ভূত ওলাই এই চাপৰিত চৰি ফুৰে।

ফজল।—পিচে, পিচে?

সোণ।—পিচে, এটা-দুটাকৈ তাকৰীয়া মানুহ ছেগত পালে সি ছল কৰে।

ফজল।—হঁচা নে? কেনেকুৱাকৈ ছল কৰে?

সোণ।—বলাই-ঘটাই নি সি সেই পোত্ গৈ থকা ধনৰ তলতে মানুহ পুতি মাৰেগৈ।

ফজল।—ছেগ নো আকৌ কি?

সোণ।—ছেগ হৈছে,—শনিবাৰ, মঙ্গলবাৰ, মুনিচুনি বেলিকা, পুৱঁতী-নিশা,ভৰ-দুপৰীয়া এইবোৰই।

ফজল।—(চঁক খাই উঠি) পিচে, আজি আৰু এতিয়াচোন আচলটো ছেগেই।

সোণ।—এৰা, আচল দুটাই তো৷ আজি শনিবাৰ আৰু এতিয়া মুনিচুনি বেলিকা। এনে বেলিকাতে ভুত চৰিবলৈ ওলায়।

ফজল।—পিচে, পিচে, কি কৰা যায় তেন্তে এতিয়া!

সোণ।—কি কৰা যাব; বেগাবেগিকৈ ঘৰলৈ যাওঁগৈহঁক।

ফজল।—বলাঁঁ, বলাঁঁ ভাই, পলম নকৰোঁঁ আৰু, বলাঁঁ। [ ২৩ ] সোণ ।—কিয়, তোমাৰ বৰকৈ ভয় লাগিছে নে কি? সিদিনা পিচে ভুতনাথ ভাইৰ আগত কি কৈছিলা?-ভুত বিশ্বাস নকৰোঁ বুলিছিলা নহয়? পিচে, তেওঁ এইবোৰ কথা শুনিলে কি বুলিব আমাক!

ফজল ।—যি বোলে বোলক। মনে নামানিলে কি কৰিম আমি! বলা, বলা ভাই, খৰকৈ খোজ দিয়া; চাপৰিটো এৰাই লওঁ এখোন, পাচেও অইন কথা।

সোণ ।—গৈ আছোঁ, গৈ থাকা। বৰকৈ বেগাবেগি কৰিলেও ভুতে আশৈ পায় একা।

ফজল ।—এ, ইফালে চালেও মৰোঁ, সিফালে চালেও ডৰোঁ! (নৈ-দাঁতিৰ ফালে জৰ জৰাই উঠা শবদ শুনি উচপ্‌ খাই উঠি) হেইটো! হৌটো! ঔ বুবাজী, খালেঔ! হৌটো ভুত পালেহি ঔ। ভাই, চাপি আহ; দুয়ো ধৰাধৰিকৈ যাওঁ।

সোণ ।—(ইকাষেদি শিয়াল এটা লৰ মৰি যোৱা দেখি ) ইটো নো কি আকৌ! ভাই ৰবি ৰবি। সৌ এটা ভুতে ছদ্মবেশ ধৰি ছলিবলৈ আহিছে আমাক!

ফুল ।—ৰৈছোঁ ভাই, ধৰ ভাই, মৰিলোঁ ভাই, কি কৰোঁ এতিয়া ভাই! বুবাজী, ক'ত আছ, বেগাই আহঔ!

সোণ ।—কৰিবলৈ উপায় আৰু কি আছে! কোনো মতে চাপৰিটোৰ মৰনৈৰ পাৰছোৱা এৰাই যাব পাৰিলেই হয়। আহ, লব ধৰোঁ ভাই, আন উপায় নাই আৰু। ধৰে, ধৰে, ধৰিলে উ!

 ( দুয়ো প্ৰাণকাতৰে লৰি প্ৰস্থান)

[ ২৪ ]
তৃতীয় পট।

(ভুতনাথৰ পঢ়া-কোঠা)

ভুতনাথ, মুক্তিনাথ আৰু ধৰ্ম্মেশ্বৰ।

মুক্তি।—ক'তা, মিঃ স্মিথ্‌, আৰু মিঃ আহ্মদ নোলালহি দেখোন!

ধৰ্ম্ম।—এৰা, ইমানপৰত ওলাবহি লাগিছিল। ওলাবহি, দুয়ো একেলগে আহিছে চাগৈ।

ভুত।—সেয়া, ইয়াকে বোলে দেশীলোকৰ সময়ৰক্ষণ বা Native punctuality!—আমাৰ কাৰ্য্যাৰম্ভণত সদায় এঘণ্টা-আদঘন্ট পলম আছেই। সেই হে আমি মুৰকত কাম সামৰিবগৈ নোৱাৰোঁ; আৰু সেই কাৰণেই আমি ইংৰাজৰ আৰ্হিৰে উধাবও নোৱাৰোঁহঁক।

ধৰ্ম্ম।—মিঃ বৰুৱাই ভাল মনত পেলাইদিছে। ইও এটা আমাৰ সংস্কাৰ কৰিব লগীয়া আচাৰ নহয় নে?

মুক্তি।—নিশ্চয়। ধৰিবলৈ গলে, ই আটাইতকৈ লাগতিয়াল কাম। এই উদ্দেশ্যেও সোনকালে এটা ব্যৱস্থা কৰা উচিত।

ভুত।—নিতান্ত উচিত। কিন্তু, এটা-এটাকৈ হে। কেইবাটাতো একে সময়তে হাত দিলে এটাও নিয়াৰিকৈ সমাধা হৈ নুঠে। সম্প্ৰতি হাতত যি বিষয়টো লৈছোঁহঁক তাকে সমাধা কৰি উঠোচোন। তাৰ পাচত আনবোৰ ধীৰে-শাঁতে এটা-এটাকৈ সমাধা কৰি গৈ থাকিমহঁক। সংস্কাৰ কৰিব লগীয়া আমাৰ সামাজিক বিষয় কিমান যে আছে!

ধৰ্ম্ম।—ধন্য! Thanks, বাস্তৱতে, মিঃ বৰুৱাৰ কথাবোৰ বৰ প্ৰাক্‌টিকাল। [ ২৫ ] মুক্তি।—সেই হে তেওঁক আমাৰ সংস্কাৰ-সমিতিৰ সভাপতি পাতি লৈছোঁহঁক। আমাৰ বাছনি বোধ কৰোঁ অযোগ্য পাত্ৰত পৰা নাই।

ধৰ্ম।—নিশ্চয় নাই পৰা; তেওঁতকৈ যোগ্যতৰ পাত্ৰ নাই বুলিবই লাগে।

ভূত।—বাৰু, থোঁৱা সেইবোৰ; এতিয়া আচল কথাত ধৰাহঁক।

মুক্তি।—এৰা, ধৰিব লাগে। পিচে, মেচাৰ্চ স্মিথ্ আৰু আহ্মদ নোলালহি যে? সিবিলাকৰ অনুপস্থিতিত আলোচনা হোৱাটো ভাল হব জানো?

ধৰ্ম।—তাকে তো গুণিছোঁ, সিবিলাক দুজনৰ অবিহনে আজিৰ আলোচ্য বিষয়ত ধৰাটো বাঞ্ছনীয় হব নে নহয়?

ভূত।—সমুলি অবাঞ্ছনীয়। কাৰণ, আমাৰ ভিন্-ভিন্ সমাজৰ প্ৰতিনিধি যিমান বেচিকৈ গোট খাব, সিমান বহুলকৈ আমাৰ আলোচনা আৰু সিদ্ধান্ত জন-সমাজত প্ৰচাৰিত হব। আৰু, তেহে আমাৰ উদ্দেশ্য সহজে সিজিব।

মুক্তি।—তদুপৰি, মই মন কৰিছোঁঁ, এতিয়ালৈকে সিবিলাক দুজন আমাৰ মতলৈ সম্পূৰ্ণে ঢাল খোৱা নাই। সিবিলাকৰ মনত ভুত-বিশ্বাস খুকুৰি এতিয়াও ৰৈছে।

ধৰ্ম।—ময়ো তাকে কওঁ। এতেকে, মোৰ মনেৰে আজিলৈ এই বৈঠকৰ আলোচনা স্থগিত ৰখা হ‌ওক।

ভূত।—নিতান্তই স্থগিত ৰাখিব লাগে। মোৰ মনেৰে অহা বৈঠক মিঃ ফুকনৰ ঘৰত অহা শনিবাৰে পাতিব লাগে। তেন্তে আজিলৈ ইমানতে এৰাই ভাল। বঁলা, ফুৰিবলৈকে যাওঁহক। (প্ৰস্থান)

অংকপাত।