ভূত নে ভ্ৰম/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভূত নে ভ্ৰম
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৪১ ]
৪। অঙ্ক।

প্ৰথম পট।
(শিৱদৌল)

এজন সন্ন্যাসী আৰু দুজন “ছেলা’’।

১ম, ছেলা।— (ভাং মলি মলি) বেবাজী, হামি ইস্কু মলি মলিকে একদম্ জহৰ বনাই দেগা। আপুনি দেখেগা।

সন্ন্যাসী।—হাঁ, আচ্ছেই হে, বানাওঁ।

২য়, ছেলা।—চাওঁ, ভাই, মোক দিয়াচোঁ; ময়ো এমলা মাৰি দিওঁ। (১ম, ছেলাৰপৰা ভাং-টিকিৰা নিজৰ হাতলৈ লৈ মলি মলি সন্ন্যাসীক দি) দেখিয়ে বেবা, হামি মলি মলিকে একদম বৰএঠাকা মাফিক্‌ লেটেকা কৰি দিয়াহেঁই।

সন্ন্যাসী।—(গোটাদিকে টিপনি দি ভাংটিকিৰাটো ১ম, ছেলাৰ হাতলৈ দি) ইচিকো জহৰ বল্‌তা। আভি কুঁট্‌কে লাগাও।

১ম, ছেলা।—বহুত এচ্ছা বেবা! (ভাং কুটিবলৈ লাগি যায়)।

২য়, ছেলা।—এচ্ছা, বেবা! হামি এক বাট পুছিব মাঙ্গিছে।

সন্ন্যাসী।—আচ্ছা পুছও, ক্যাবাত।

২য়, ছেলা।—বেবা! আপুনি এন্ধাৰ ৰাতি মৰিশালিমে কিয়া আস্তে হৰ্দ্দম যাতাহে? [ ৪২ ] সন্ন্যাসী।—যাতাহেঁই বহুত-বড়া। কামকোৱাস্তে।

২য়, ছেলা।—কিয়া কাম, বেবা?

সন্ন্যাসী।—ওই কাম্‌কা বাত্‌‌‌‌ আভি তোম্‌কো বাটানেকো বখত্‌‌‌‌ নাহিহেঁই।

২য়, ছেলা।—এচ্ছা বেবা! হুঁৱা যানেকো আপনাকো ডৰ্‌ নাহি লাগে?

সন্ন্যাসী।—ক্যা ডৰ্‌? কিচ্‌কো ডৰেগা?

২য়, ছেল।—কিয়, ভূতকো নাই ডৰ্‌ কৰেগা?

সন্নাসী।—আৰে, চব ভূতকে হাম আপ্‌না কৰ্কে লিয়াহেঁই। আভি হাম ভূতকো নাহি ডাৰ্‌তাহেঁই।

২, ছেলা।—ভূত কেইচা মাফিক আপোন হগা বেবা?

সন্ন্যাসী।—আৰে, বুৰ্ব্বক! পঞ্চভূত তো হামাৰা আপ্‌না বদনমেই হেঁয়। উচ্‌মে বাহৰকা তবাম ভূত জম্‌গিয়াহেঁই। অভি হাম্‌ পুৰা ভূত হো গিয়াহেঁই।

২য়, ছেলা।—(আতঙ্কিত হৈ মনে মনে) কিনো কয় এওঁ! এওঁ হেনো নিজেই এটা পুৰা ভূত! বুপায়, আমিচোন আচলটোৰে সৈতেই সঙ্গ পাতিছোঁহি।

১ম, ছেলা—(ভাংচিলিম লগাই আগবঢ়াই দি) ধৰিয়ে বেবাজী।

সন্ন্যাসী।—ভাংচিলিম টানিবলৈ দিহা লগাই লৈ) বোম্‌ সদাশিব, বোম্‌ কৈলাসপতি, বোম্‌ মুক্তিনাথ বাবা, বোম্‌! (চিলিমত টান মাৰি নাকে-মুখে ধোৱাঁ এৰি, তাৰ পাচত আকৌ দুটা টান মাৰি লৈ চিলিম ছেলাৰ হাতলৈ দিয়ে) আভি পিউ তোম্‌লোক। (চকু মুদি ধ্যানত মগ্ন হয়)।

২, ছেলা।— (স্ফূৰ্ত্তিৰে সৈতে ভাং চিলিম টানিবলৈ চিয়াই লৈ) বোম্‌ মহাদেৱ! বোম্‌। (দীঘলকৈ টান মাৰি নাকেমুখে ধোৱাঁ উলিয়াই চিলিমটো প্ৰথম ছেলালৈ পাৰ কৰে)। [ ৪৩ ] ১ম, ছেলা।— (টানিবলৈ দিহা লগাই লৈ) বোম্ বোম্‌ বোম্ মহাদেৱ! খানেৱালাকে খড়ি মাটি, দেখনাৱালাকো পেট ফাটি, বোম্‌ (দীঘলকৈ এটা টান মাৰি চিলিমৰ ওপৰলৈ জুই উলিয়াই নাকে- মুখে ধোৱাঁ বাহিৰ কৰে)।

১ম ও ২য়, ছেলা।—(কেইবাৰমান ভাংচিলিম দুইৰ মাজত সলনা সলনিকৈ টানি জলকা লাগে)।

২য়, ছেলা।—(চঁক্‌ লৈ) জানিছাঁ নে ভাই, এওঁ বেবাজী হেনো নিজেই এটা ভূত!

১ম, ছেলা।—ওঁ, শুনিলোঁ তো এতিয়াই তেওঁ কোৱা। আৰু, শুনিছোঁ এওঁ হেনো মৰিশালিলৈ গৈ মৰা-শৱৰ ওপৰত বহি ময়াপী ভূতৰ লগত কথা পাতি থাকেগৈ।

২য়, ছেলা।—নিজে ভূত নহলে নো বাৰু এনে অদ্ভুত কাম কৰিব পাৰে নে?

১ম, ছেলা।— নোৱাৰে নোৱাৰে। আৰু, কাৰ সাধ্য, অকলে মৰিশালিলৈ যায় এন্ধাৰ ৰাতি!

২য়, ছেলা।—পিচে, আমি এনে জনৰে সৈতে সঙ্গ পতাটো ভাল হৈছে জানো? এওঁ আমাক ছলিছে যেন পাইছোঁ

১ম, ছেলা।—ওঁহুঁ, নাই হোৱা, নাই হোৱা ভাল। কেতিয়াবা ৰক্ষকেই ভক্ষক হব পিচে!

২য়, ছেলা।—(ধ্যানমগ্ন সন্ন্যাসীৰ চকুলৈ আঙ্গুলিয়াই) চোৱাচোঁ, চোৱাচোঁ হেৰা, চকুযোৰে কেনে কৰিছে!

১ম, ছেলা।— ঔ আই! হয়ো কি নহয়! চকু-আঙনিয়েদি কিবা এটা ওলায়-ওলায় যেন দেখি যাওঁচোন।

২য়, ছেলা।—নেদেখি নো কি! ঔ আই! চাওঁতেই ধৰেহি ধৰেহি যেন লাগি যায়। জানিছানে, এই ছেগতে পলোৱা ভাল। নহলে— [ ৪৪ ] ১ম, ছেলা।— নহলে ধৰিবহি কোনোবা এছেগত। আহাঁ, আহাঁ, দেও, আঁতৰোঁ। লাহে লাহে। তেওঁ গম্ নোপোৱাকৈ। আহাঁ, আহাঁ, আহি থাকাঁ। (খোজ মাৰি মাৰি আঁতৰে)।

২য়, ছেলা।—এৰা। বলাঁ, বলাঁ।। ধীৰে ধীৰে (দুয়ো হাতৰ পাৰে ভৰিৰ সাৰে এখুজি-দুখুজিকৈ আঁতৰি গৈ থাকে)।

সন্ন্যাসী।—(চকু মেলি) আনে! ক্যা হোৱা তোম্‌লোগ্‌‌কো? কাহাঁ ভাগ্‌‌তাহেঁই?

১ম, ছেলা।—ঔ আই! চকু নে জুই ও এইকুৰা!

২, ছেলা।—বুপায়ঔ! চকু চমক্ লগাই নিছে! ভূত নহলে নো এওঁ এনে অগ্নিবান মাৰিব পাৰে নে?

সন্ন্যাসী।—(খঙ্গত টেলেকাকৈ চাই) ক্যা বল্‌তাঁহেই তোম্‌লোগ?

১ম, ছেলা।—হেৰৌ কি চাই আছ ঔ! ধৰেহি এতিয়া! সঁচাকৈয়ে এইটো ভূতে ধৰে এতিয়া আমাক ঔ!

২য়, ছেলা।—ঔ ধৰিলেঔ! খালেঔ! মৰিলোঁ ঔ! (১ম, ছেলাক গবামাৰি ধৰে, আৰু দুয়ো গবীয়াগবিকৈ ভয়ত কোঢ়াল লগাই লৰি পলায়)।

সন্ন্যাসী।—(আচৰিত হৈ থিয় দি) এ ক্যা বাত্‌‌‌‌? ক্যা হোৱা ইন্‌লোগ্‌‌কো? আবে, জেনা ঠাৰ, শুন্ লও হামাৰা বাত, (পিচে পিচে বেগেৰে খেদি যায়)।

[ ৪৫ ]

দ্বিতীয় পট।
(গাঁৱলীয়া খালবাট)।

দুজন গঞা।

১ম, গঞা।— (প্ৰৱেশ) উঃ, এনে জয়াৰ ঠাই দেও! গোটেইখন নিজান- নিটাল। কেনিও দেউ-মনিচ্‌ এটি দেখিবলৈ নাই। এই নেসেনা বাটেদি অকলে অহাটো ভাল হোৱা নাই একা। কাকো লগ-ভাগ লবলৈকো নহল। কি কৰিম, সিজনীয়ে আকৌ তত্‌‌‌‌ দিলেহে! ইঃ, গাটো জিকাৰি উঠেচোন! কি কৰোঁ। আগলৈ চালেও মৰোঁ, পিচলৈ চালেও ডৰোঁ।

২য়, গঞা।—(প্ৰৱেশ), সেইটি মঘুৱা ককাই নে? কলৈ যা, ককাইটি।

১ম,।—মনতে। উঃ ৰইখা পালোঁ দেও। (ফুটাই) হয় ভাইটি, তহঁতৰ গাঁৱলৈকে বুলি আহি আছোঁ।

২য়,।—সকাম?

১ম,।—এ, কিনো কম বুপাই! মোৰ লৰাটিৰ টান নৰিয়া। আজি দুদিনমানৰপৰা যোৱা-থোৱা। কালি দুপৰীয়া বাজলৈকে উলিয়াইছিলোঁ!

২য়,।—পিচে?

১ম,।—পিচে, সেই দৰেই আছে। আজি পুৱা মঙ্গলতীয়ে কৈছেহি, বোলে জলশাই ডাঙৰীয়াৰ দোষ লাগিছে। সেই দেখি, ভকতক চাউল [ ৪৬ ] একঠা খুৱাবলৈ বুলি আম্‌ৰলীয়া হাঁহ এটা বিচাৰি ওলাইছোঁ ৷ পাম নে তহঁতৰ গাঁৱত?

২য়,৷—ওঁ, পাবি। পিচে, এটা কথা নহয়! জল্‌শাই ডাঙৰীয়াৰ হৈ বগা হাঁহেৰে হে চাউল খুৱায়। ক’ত নো বুঢ়া হলি, ইমানটো কথাৰে বুজ নাই !

১ম,৷—এৰা, বুপাই। কিবা বোলে নে, চন্‌বলিয়াৰ দৰে হে হৈছোঁ ৷ নৰীয়াক পৰ দিওঁতে দিওঁতে চকুৰ টোপনি আৰু পেটৰ ভাতো হেৰাইছে ।

২য়৷—নকবি আৰু ককাইটি। মোৰো সেই দশা !

১ম,৷—কিয়, কি হৈছে? তহঁতৰ ঘৰতো কিবা পয়মাল হৈছে নে কি ?

২য়,৷— নহয় নো কি আকৌ ৷ আজি সাদিন একেটা জ্বৰে মোৰ সৰু ছোৱালীটী চেপেটা কৰিলে ককাই। গল ৰাতিৰপৰা আকৌ কোনোবা এজন দেউ-ভূত লাগিছেহি; নৰীয়াই চাটিফুটিকৈ বলকিব লাগিছে, তৰণিকে পোৱা নাই !

১ম,৷—পিচে, কি বেৱষ্টা নো কৰিছ?

২য়,৷—কৰিম নো কি! জৰী এগছকে জৰাই নিবলৈ বুলি, তহঁতৰ গাঁৱৰ ‘পণ্ডিত-বুঢ়াৰ’ কাষলৈ লৰি আহিছোঁ। পামগৈ নে তেওঁক ঘৰত ?

১ম,৷—ওঁ,পাবিগৈ। মই আহোঁতে তেওঁ খাই উঠি মুহুদি লৈছিল। যা,যা, পণ্ডিত-বুঢ়াৰ জৰীয়ে বৰ গুণ দিব?

২য়,৷—এৰা, তেওঁৰ বৰ নাম। তেওঁৰ নাম শুনিলেই হেনো ভূত পলায়।

১ম,৷—নকৈছোঁ। তেওঁ এগৰাকী বৰ বিচৈখনীয়া বেজ। অঃ, তেওঁৰ গাত ভালেমান গুণ আছে,বুপাই। [ ৪৭ ] ২য়,৷—আৰু নো কি গুণৰ কথা কৈছ?

১ম,৷—ঐ ৰাম ! তেওঁক ভূতেও বাট এৰি দিয়ে নহয়। তেওঁৰ হাতত যে বেৰী-দিয়া লাখুটীডাল দেখিছ, তাতে আছে সোপায়।

২য়,৷—কেনেকৈ, কেনেকৈ? ভাঙ্গি কচোন।

১ম,৷—বাৰু, কওঁ শুন্। বেৰীটোৱেপতি একোফাঁকি মন্ত্ৰ, বুইছ? যি ভূতেই হক, তেওঁ লাখুটীডাল দাঙ্গিলেই চাঁত্‌কৰে আঁতৰ হয়।

২য়,৷—ভালেটি হে! তেওঁ সিদিনাখন আমাৰ গাঁৱত নৰীয়া চাই ৰাতি ঘৰলৈ উলটিছিল, জানিছ? মঙ্গলবাৰ, আঁউসী ৰাতি। এই ঠাইতে কোনোবা খিনিত, ঔগছ এজোপাত এটা ভৰি আৰু বাটৰ সিপাশে পমাগছ এজোপাত আনটো ভৰি দি, কন্ধ্ এটাই তেওঁক আগচি ধৰিছিল। পিচে, তেওঁ হাতৰ লাখুটীডাল টোৱাওঁতেই চাঁত্‌কৰে কন্ধ্‌টো ময়াপী হল।

১ম,৷—(জিকাৰ খাই উঠে) ঔ ৰাম! এই খিনিতে। ইপাশে সৌ জোপা ঔ-গছ; সিপাশে সৌ জোপাচোন পমা গছ ! আমি তং কৰাই নাই। ভাইটি, চাপি আহ। গালৈকে টান পৰিলচোন।

২য়,৷— হয় নে নহয়!(চঁক্ লৈ চাপি যায়)। আৰু হেনো ককাইটি,—

১ম,৷—আৰু? জুৰিছে ইমানেই। তেও বাৰু, কচোন আৰু কি?

২য়,৷—কন্ধ্‌টোৱে হেনো এইখিনিত,ঔ আই, এই খিনিতে!—এই খিনিত ছলিব নোৱাৰি আকৌ আগচি ধৰিলেগৈ। পোনতে সি কলা মেকুৰী এটা হৈ তেওঁৰ আগেদি পাৰ হয়; তাৰ পাচত, আৰু অলপ আগত গৈ, পথালিকোমোৰা এটা হৈ পণ্ডিত-বুঢ়াৰ ঠেংতলে সৰকিবলৈ বাগৰি আহিছিল। এনেতে— [ ৪৮ ] ১ম,৷—কিয়, কিয়, ঠেংতলে সৰকে কিয়?

২য়,৷—নেজান নে? ভূতে ঠেংতলে সৰকিবলৈ পালেই জানিবি, সি তোক ছলিলে ! ক'ত নো বুঢ়া হলি, ইমানটো কথাকে নেজান। কওঁ শুন্। তোক যদি ভূতে তাৰ ঠেংতলে সৰকাব পাৰিলে, তেনেহলে সি লাগিল তোৰ পিচ্ ৷ আৰু, ভূতে যদি তোৰ ঠেংতলে সৰকিবলৈ সুৰুঙ্গা পালে, তেনেহলে তো কথাই নাই, তেতিয়াই তোক ছলিব! ভূতে এইদৰে ছলিয়েই তো আমাক খাইছে । ভূত ময়াপী। আমি কণা মনিচ্, তাক নেদেখোঁ। সি কিন্তু দেওচকুৰে আমাক দেখি থাকে। বেজ-গিয়ানীয়ে মাথোঁ মন্ত্ৰৰ বলত ভূত দেখা পায়। সেই গুণে হে তো পণ্ডিত-বুঢ়াই কন্ধ্‌টোক আগধৰি দেখা পালে। দেখা পায়েই মন্ত্ৰেৰে বেৰী লগোৱা তেওঁৰ হাতৰ লাখুটীডাল যেই টোঁৱালে, সেই চাঁত্‌কৰে ময়াপী হৈ ভূতটো থিতাতে নেদেখা হল ।

১ম,৷—পিচে, পিচে, তেওঁক ছলিব পাৰিলে নে?

২য়,৷—নাই, নোৱাৰিলে। কোমোৰাটো কাষ চাপোঁতেই পণ্ডিত-বুঢ়াই কিবা মন্ত্ৰ এফাঁকি মাতি লাখুটীৰে সৈতে তাৰ গাত মাৰ এটা মৰা মাত্ৰকে কন্ধ্‌টোৱে কোমোৰাৰপৰা ফুটি ওলাই নিজ ভেশ ধৰি লৰ মাৰিলে।

১ম,৷—ইঃ, ৰাম-ৰাম! ৰাম-ৰাম ! আমি হোৱা হলে পতং!

২য়,৷—পতং বুলিছ হে। আমাৰ গাত কি মন্ত্ৰ আছে, তেনে ভূতৰপৰা সাৰিবলৈ?

১ম,৷—ভাল কথাটো শুনালি, বুপাই। পিছে, কৰোঁ কি এতিয়া ? আগুৱাবলৈকো ভয়, পিচুৱাবলৈকো ভয়। অকলে আৰু খোজ এটাকে লৰাৰ নোৱাৰোঁ, বুপাই ! তই হলেও মোৰ লগত [ ৪৯ ] উভতি বল, মই হলেও তোৰ লগত উভতি যাওঁ ৷—কি বোল? পলমে বিঘিনি মিলাব এতিয়া !

২য়,৷—এৰা, বিবুদ্ধি ! মই হলে উভতিব নোৱাৰোঁ ককাইটি, মোৰ ছোৱালীটী যায়-যায়!

১ম,৷—মোৰ লৰাটোৰ অৱস্থাও যে তেনেকুৱাই। লৰাৰ যি কি নহওক, শুদা হাতে উলটিব লাগিলে, সিজনীৰপৰা ৰইখা পোৱাই টান হৈছে নহয়। নিৰুপায় !

 (ভূতনাথৰ প্ৰৱেশ)।

২য়,৷—কোন্ হে সেইটি? অ, আমাৰ বপা। বপা, কোন্ ফালে বা যায়?

ভুত৷—আহিছোঁ এই ফালেই। সম্প্ৰতি তহঁতৰ ওচৰলৈকে ।

১ম,৷— কিয়, বুপাটি, আমি কিবা লেঠা লগালোঁ নে কি?

ভূত। এৰা, লগাইছ তো। পিচে, লেঠা বাহিৰত নহয়, ভিতৰত হে। তহঁত দুয়ো ইয়াত যিবোৰ কথা-বাৰ্ত্তা পাতি আছিলি, মই সৌ জোপাটোৰ আৰৰপৰা আটাইবোৰ শুনি আছিলোঁ। তহঁতৰ ভিতৰত যি লেঠা লাগিছে, তাকে ভাঙ্গি দিবলৈ বুলি হে চাপিছোঁহি।

১ম,৷— ভাল, বুপাটি। কিবা লেঠা দেখিছা যদি, যেনেকৈ ভাঙ্গিব পাৰাঁ, ভাঙ্গি দিয়াঁ । আমি মান্তি আছোঁ ৷

ভূত। বাৰু, তহঁতে আৰু আগুৱাবও নালাগে, পিচুৱাবও নালাগে। দুয়ো মোৰ লগত মই অহা মাজবাট ধৰি আহহঁক। মই নিৰলে তহঁতৰ ভিতৰুৱা লেঠা ভাঙ্গি দি সকলে অপায় খণ্ডাই দিওঁগৈ আহহঁক।

১ম,৷—ভাল, বলা, আগ হোৱাঁ । পিছে, সেই ফালে হাঁহ কিনিবলৈ পোৱা হব জানো ? [ ৫০ ] ভূত।— হাঁহ নিকিনাকৈ আৰু বেজ নলগোৱাকৈয়ে তহঁতৰ নৰীয়া ভালকৈ দিওঁগৈ, আহচোনহঁক বাৰু। তহঁতে মিছাতে, ভ্ৰমত পৰি হেবাথৰি খাই ফুৰিব নালাগিব আৰু; মোৰ বুজনি মানি চলিবিহঁক মাথোন। ভূত বুলি একো এটা নাই; সেইটো মনৰ ভ্ৰম হে।

২য়,।— অঃ, তেনেহলেচোন ভালেই। বাৰু, বলাঁ, বলাঁ বপা, বলাঁ।

(তিনিওৰো প্ৰস্থান।)


তৃতীয় পট।
(মৰনৈপাৰৰ মৰিশালি)
⸺•⸺
(ধৰ্ম্মেশ্বৰ অকলশৰে)

ধৰ্মেশ্বৰ।—(গাত আঁঠুলৈকে পৰা এটা দীঘল এঙাচোলা, কঁকালত তললৈ ফেৰমেলা থোৰেৰে পাটৰ চুৰিয়া, ভৰিত জোতা-মোজা, এহাতে এটা জোঙ্গাল বাঁহৰ খুটি, ইহাতে এডাল টাঙ্গোন) উঃ কি জয়াল ঠাই। চাৰিওপিনে ঘোপ্‌মৰা আন্ধাৰ। এনে ক্ষণত এনে ঠাইলৈ মানুহৰ যে সমাগম নায়েই, দেৱতাৰৰ দৃষ্টি নপৰে। ভালেতো হে মানুহে ভয় কৰে। ভূত নাই বুলি অন্তৰত মোৰ বিশ্বাস যদিও, মনে নামানে, বুকু কঁপি উঠে। উঃ! কি ভয়ঙ্কৰ দৃশ্য! অন্তৰত কি উগুলথুগুল ভাব! কি যে বিষম বিশ্বাস! ভূতৰ ভয় মোৰ অন্তৰত ইমান দকৈ বহি গৈছে যে, তাক যুক্তিৰে সৈতে ৰুকি উলিয়াব নোৱাৰি। সৰুৰেপৰা শুনি থকাৰ ফলত, ভূত-বিশ্বাস এতিয়া এটা মোৰ স্বাভাৱিক প্ৰবৃত্তি হৈ পৰিছে। ইয়াৰ স্থিতি যুক্তিৰ অতীত। মোৰ নিজৰ বিশ্বাস, ভূত নাই। লোককো বুজাওঁ ভূত নাই। কিন্তু, সময়ত নিজৰ সেই ধ্ৰুব বিশ্বাস তল পৰে, [ ৫১ ] আন্তৰিক অনুভূতি (instinct) ওপৰ উঠে। নিজৰ যুক্তি এতিয়া নিজতে খটাব নোৱাৰা হৈছোঁচোন। ইঃ! গাটো কেনেকৈ জিকাৰি উঠে! পিৰ পিৰকৈ গাৰ নোমবোৰ কেনেকৈ শিয়ঁৰি উঠিছে! উঃ, হাত-ভৰিবোৰচোন অৱশ হৈ যোৱা যেন লাগিছে! কি কৰোঁ? ভাবিবৰ আৰু সময় নাই। অনা-গুণাকৈ থাকোঁতে, উদ্দেশ্য সিদ্ধি নহবগৈ যেন দেখিছোঁ। যি আছে কপালত, যাওঁ, এটা মৰিশালি ভেঁটিৰ ওপৰত খুঁটিটো মাৰি থৈ পলাওঁ। কোনোমতে তাকে কৰি উলটিব পাৰিলেই ৰক্ষা। আৰু পলম কৰিবৰ সকাম নাই। খুঁটিটো পুতিবই লাগিব; নহলে কাইলৈ সিবিলাকৰ আগত কোন্ সতে মুখ দেখুৱাম। সৌটো কেঁচা ভেটি। তাৰ ওপৰত খুঁটিটো মাৰিবলৈকে অঙ্গীকাৰ কৰিছিলোঁ। যাওঁ, (থৰক্‌বৰক্‌কৈ গৈ মৰিশালি-ভেঁটিৰ ওপৰত থিয় হৈ, চকু-আঁখি মুদি, চাপৰোঁতে লেখাই পৰা চুৰিয়াৰ থোৰৰ আগ জপতিয়াই পৰাত তাৰ ওপৰতে কণামুনাকৈ খুঁটিটো পুতি আঁতৰি আহিবলৈ ধৰোতে লাগি ধৰাত চিয়ঁৰ ধৰে।)—ঔ! ধৰিলেঔ। মোক ভূতে ধৰিলেঔ! কোন ক'ত আছ, আই ঔ! (এৰাবলৈ টনাটনি কৰি) ঔ নেৰে ঔ! নিয়ে ঔ! ৰাখ্‌হি ঔ! মোক জীয়াই জীয়াই গাঁতৰ ভিতৰলৈ নিয়ে এতিয়া ঔ! হেৰৌ, ভূত আছে ঔ! ভূত আছে বুলি এতিয়া হে জানিলোঁ ঔ! সঁচাকৈয়ে ভূত আছে ঔ! মৰিলোঁ, মৰিলোঁ, জীয়াতে মৰিলোঁ ঔ! হাঁয় বিধি, মোক কি হে আনিছিল ইয়ালৈ। কেনেকৈ এৰাওঁ এতিয়া ভূতৰ হাতৰপৰা ঔ! (চুৰিয়া এৰি এৰাই লৰ মাৰে)।

অঙ্কপাত।