বেজ৷-ওঁ, বুজিলোঁ। তিনি ভূতে লগ লাগি উধান পাতি বহিছে। এতিয়া চৰু বহুৱাবলৈ হে বাকী!
মাক।—সেইটো আৰু আপুনিহে জানা দেওঁ। এই কেদিন সন্ধিয়াৰপৰা ফেঁচাজনীয়েও নিওঁ-নিওঁকৈ আছে।
বেজ।—বাৰু, ভয় নাই। পালোঁ হি ভূতৰ বাপেক। চাই থাক, কি কৰোঁ তাহঁতক। যা, বিহ্লঙ্গনী এমুঠি, নাইবা এৰাপাত দুখিলামান লৈ আহ; (জোলোঙ্গাৰপৰা মন্ত্ৰ-পুথি এখন, বগা সৰিয়হৰ টোপোলা এটা আৰু আন-আন আহিলা-পাতি উলিয়াই লৈ, নৰীয়াৰ চাৰিওফালে সৰিয়হ এমুঠি চটিয়াই দিয়ে)।
মাক।—(লাহেকৈ উঠি) ভাল, আনোগৈ। বিহ্লঙ্গনী বিচাৰিবলৈ গলে পলম হব; এৰাপাতকে আনিম নে?
বেজা৷—ওঁ, সি হলেও হব; পিচে বিহ্লঙ্গনী হলে যেনিবা ভাল। তাৰ কোবত ভূতৰ গা বৰকৈ পোৰে।
মাক।—ভাল তেন্তে বিহলঙ্গনীকে আনোগৈ। (কাচুতি এৰি ঢপলিয়াই যায়)।
বেজ।—(চকু পোন্দোৱাকৈ নৰীয়ালৈ চাই) কোন্ তই? সঁচাকৈ ক। নকলেও আঁতিগুৰি উলিয়াই লম এতিয়াই। অলপ ৰবি।
নৰীয়া৷— (চাটিফুটিকৈ কাপোৰ কানি পেলাই “যাওঁ যাও” কৈ উঠি বহিব খোজে)।
বেজ।—(কাণ-টাল-মৰ ভেকাহি মাৰি) কলৈ যাবলৈ ওলাইছ কটা! জনা নাই, বাপেৰ আহিছোঁ বুলি। এপোটক নিদিয়াকৈ এৰি পঠিয়াম বুলি জানিছ হবলা? (নৰীয়াৰ বুকুত হেঁচা আৰু ডিঙ্গিত চেপা দি ধৰে)।
মাক৷—(পুনঃ প্ৰৱেশ) এয়া বিহ্লঙ্গনী দেও! আৰু কিবা লাগিব জানো?