পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পট।
(গাঁৱলীয়া মাজবাট)।
ভূতনাথ আৰু ধৰ্ম্মেশ্বৰ।

ধৰ্ম্ম।—আমাৰ উদ্দেশ্য আজিলৈকে দেখোন অলপো সিদ্ধি নহল। মই আৰু ক্ৰমাৎ হতাশ হৈ হে গৈছোঁ।

ভূত।—কি কোৱাঁ?—হতাশ! এনে কথা মুখত নানিবাঁ, ৰাজখোৱা। আমি যি ব্ৰত লৈ ওলাইছোঁ, তাক পালন কৰিবলৈ প্ৰাণপণে যত্ন কৰি গৈ থাকিমহঁক। “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন” এই দৃঢ় প্ৰতিজ্ঞা আমাৰ মনৰপৰা কেতিয়াও আঁতৰ হব নালাগে। ভূত-বিশ্বাস ঠাপতে গুচোৱা বস্তু নহয়।

ধৰ্ম্ম।—বুজিছোঁ। কিন্তু মনে মানিলে হে! দুটা-এটা কাৰ্য্যৰ ফল ধৰা নেদেখিলে মনত উৎসাহ লাগিব কেনেকৈ? আৰু এটা কথা—

ভূত।—নাই আন কথা। তোমালোক জনদিয়েকক ভিতৰি অলপ বিগৰি যোৱা যেন মই গম্ পাইছোঁ। সেই বাবে মই বৰ দুখিত; কিন্তু হতাশ নহওঁ। তোমালোকে এৰিলেও মই আমাৰ উদ্দেশ্য নেৰোঁ, নিশ্চয় জানিবাঁ।

ধৰ্ম৷— আমি নো এমি কিয়?—নেৰোঁ। ময়ো “নমৰোঁমানে চাম, নুবুৰে মানে বাম” বুলিয়েই ধৰিছোঁ। এৰিম কিয়?—পিচে, এটা কথা। বৰুৱা, তোমাক ভাবিবৰ মন নাই; ভাঙ্গি কওঁ। অলপ দকৈ গমি চাবাঁ, কিন্তু বিষম নাপাবাঁ।