২য়, কাঃ।—(নাকে-মুখে ধোৱাঁ এৰি দি) অয়তো, টিক্ কৈছাঁ বান্দ! সেই ডেকি হে কওঁ, বোলোঁ দেও-বুত্, বালও বেয়াও।
৩য়, কাঃ।—কি কলি! দেও-ভুত বেয়া? এনে কথা নকবি দেই। বোলে, “যাৰ যহত শাক-সেন্দুৰ, তাক পাতে ভোকোৰা এন্দুৰ।”— হেৰ, খাই-পাত-ফলা অগুণকাৰী নহবি দেই?
১ম, কাঃ।—(চেনি এচেলেক মাৰি) সঁচা কিন্তু, শালপতিয়ে কিন্তু ভাল কৈছাঁ। গৃহস্তৰ লৰাটোক কিন্তু ভুতে নধৰা হলে কিন্তু আজিৰ সেৱাভাগেই নো কিন্তু কৰপৰা আহিলহেঁতেন? কানীয়া ভকতক কিন্তু ভুতে হে দিয়ে ৰুজি কিন্তু জানিছা?
৩য়, কাঃ।—সেই বাবেই তো আমি দেও-ভুতৰ মহিমা য'তে-ত'তে বহলাই কবলৈ চাব লাগে। দেও-ভূতলৈ ভয় বাঢ়েমানে আমালৈ ভোগ বাঢ়ে; ভুতলৈ ভয় টুটেমানে আমাৰ ভোগ টুটে।-বুজিছাঁহঁক।
১ম, কাঃ।—স্বৰূপ কৈছা কিন্তু এইফাঁকি কিন্তু আমাৰ গুপুত মন্ত্ৰ। ইয়াক কিন্তু পাহৰিব নেপায়; পাহৰিলে কিন্তু আমাৰ কিন্তু ধৰ্ম্ম নষ্ট হব।
২য়, কাঃ।—(জপ্ৰ্-জপৰ্ টোপনিয়াই চক্মক্কৈ) ৰাতি বহুত হল হবলা!
৩য়, কাঃ।—এঃ, সাঁজ লাগিছে মাথোন। তোৰ হবলা শুবৰ পৰ হলেই? দেহোঁপাতে আল্মোকোটা খাই গলিচোন।
১ম, কাঃ।— সঁচা, শুবৰ পৰ কিন্তু হোৱা নাই তো। পিচে, কিন্তু এটা কথা; ৰাগিটো কিন্তু পকি উঠোতেই কিন্তু শুলে যেনিবা কিন্তু ভাল টোপনিটো কিন্তু আহে দেই।
৩য় কাঃ।—ঠিক ধৰিছা শালপতিয়ে কথাটো। হয় দেও, শুবগৈ হে লাগিল। দিহাদিহি পাটীত পৰোঁগৈহঁক।
১ম, কাঃ।— বাৰু, কিন্তু শোওঁগৈ। শুই শুই কিন্তু টোপনি আহেমানে কিন্তু দেও-ভুতৰ কথাকে কিন্তু জুকিয়াওঁগৈ। মানুহৰ কিন্তু বুকু লৰি