এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪১
ভূত নে ভ্ৰম
ধৰ্ম্ম।—সঁচা। বাৰু, সেই ৰাতি মৰিশালিলৈ গৈ, মই এটা মৈদামৰ ওপৰত খুঁটি এটা পুতি থৈ আহিমগৈ। পিচদিনা তোমালোক আটাইকেইওজনে চাবাঁগৈ।
ভূত।—ভাল কথা। মই আজিয়েই এই কথা আমাৰ ফুকন, স্মিথ আৰু আহ্মদক জানিবলৈ দিম। আশা কৰোঁ, আগন্তুক আত্ম-পৰীক্ষাত তুমি সুকলমে উত্তীৰ্ণ হবাঁ। এতিয়া যাওঁগৈ বলাঁ।
(দুইৰো প্ৰস্থান)
গুৱাল।—(আতঙ্কত অস্থিৰ হৈ ফোঁপাই ফোঁপাই) মৰিলোঁ, মৰিলোঁ ! কোনে ৰাখে আজি মোক গোসাঁই। এই নিজান খুঁটিত মই কেনি যাওঁ, ক’ত পলাওঁ! আইঔ। আকৌ পায়হি পায়হি যেন লাগিছেঔ ! (মুক্তিনাথৰ প্ৰৱেশ)
মুক্তি।—এইটোচোন গঙ্গাকাই। হেৰ, গঙ্গাকাই, তোৰ হৈছে কি? হায়ঔ-বিঔখন লগাইছ দেখোন ?
গুৱাল।—এ, কিনো সোধা বুপাটি! ভাল ওলাইছাঁহি এনে পৰত। তোমাক ঈশ্বৰ হে বুলিছোঁ ৷ সঁচাকৈয়ে তুমি মোক জীয়াবলৈ হে আহিলা, বুপাটি !