পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূত নে ভ্ৰম।

ভূতনাথ।—হাঁয়, কি মাৰাত্মক ভ্ৰম! এই ভ্ৰম নুগুচিলে সমাজৰ মানুহ মানুহ হব কেনেকৈ। ইও এটা আমাৰ সংস্কাৰ-সভাৰ আলোচ্য বিষয় হব লাগে। যাওঁ, সমিতিৰ সভ্যসকলক ভাঙ্গি কওঁঁগৈ। কানিখোলা নাভঙ্গিলে আমাৰ সমাজৰ উদগতি নাই। (প্ৰস্থান)

⸺•⸺


দ্বিতীয় পট।
(বাঁঁৰীৰ পজা)।


মাক আৰু নৰীয়া পুতেক।

মাক।—(মূৰে-কপালে হাত দি) কিমান যে বুজনি দিলোঁঁ, বোলোঁঁ, বোপাই, পোতা-পুখুৰীত বৰশী বাবলৈ নাযাবি; তাত দ’ত থাকে, বাঁঁক্ থাকে, কেতিয়াবা ছলিব। বোলো, খালে-বাঁঁহতলে ডেওপাৰি নুফুৰিবি; তাত যখিনী থাকে, ডাইনী ফুৰে, কাহানিবা গা চুব। বোলো, বাটে-ঘাটে ফিচাহিনী আৰু ভুতুনী ফুৰে, দেখিলে ছঁয়াকাটি যাবি, সিহঁতে ভূত পোহে; ছেগ পালেই যাৰে-তাৰে গাত ভেলেকি বাণ মাৰি ভূত পোৱালি মেলি যায়। মোৰ হাক-বচন নামানি ডেওপাৰি ফুৰিলি, নেযাবলগীয়া ঠাইলৈ গলি; এতিয়া এই দশা! মই বাঁঁৰী-দুখুনী মানুহ, মোক কোনে পুতৌ কৰিব! কালিয়েই চৰতীয়া এটাৰে সৈতে আমোণ-পাণ এটোপোলা দি বেজ গৰাকীক মাতি আহিলোঁগৈ, তেওঁ ইমান পৰলৈকে নাহিবই হ'বলা। হে ঈশ্বৰ, যি কৰাঁ তুমি পৰ্ভু।