নৰীয়া।—(চাটিফুটি কৰি প্ৰলাপ বকে) মই যাওঁ। এৰি দে। সৌটো, সৌটো! ধৰে, ধৰে, —ধৰিলে। ধৰিলে ঔ! (কঁপি কঁপি চিয়ঁৰ মাৰে)।
মাক।—ঔ, মোৰ বোপাইক জীয়াই জীয়াই নিয়ে! ধৰ্ হিঔ, কোন্ ক'ত আছ আহঔ! মই ক'ত মৰোঁগৈঔ! (ফটাকঁথাৰে সৈতে মূৰে-গাই ঢাকি নৰীয়াক হেঁচা মাৰি ধৰি তাৰ ওপৰত উবুৰি খাই পৰে)।
(বেজৰ প্ৰৱেশ )
বেজ।—হে, হে, বাৰু অ! কাক নিয় অ? কোন্ তই? ৰৈ যা। চা, কি কৰোঁ তোক। মই ধিতাই বেজ বুলি জানি লবি।
মাক।—(বাউলী হৈ) ঔ, মোৰ ঈশ্বৰ, ভাল ঠিকতে আহি পালোঁহি। এতিয়াই মোৰ বোপাইক জীয়াই জীয়াই নিবলৈ ধৰিছিলহি ভূতে।
বেজ।—বাৰু, আৰু ভয় নাই। আনিছে। মই তাৰ আহদি। কচোন, কেতিয়াৰপৰা কি হৈছে।
মাক।— বেজদেও! কিনো কম! সিদিনা আমাৰ নামঘৰত ডাঙৰীয়া-ভকত উঠিছিল। ডাঙৰীয়া জনাই টেলেকাটেলেকি কৰা দেখি লৰাটোৱে চঁক্ খাই উঠি চিয়ঁৰ এটা মাৰিলে। তাৰ পাচৰপৰাই জ্বৰ।
বেজ।—বুজিছোঁ। মাজৰ কেদিনৰ ভিতৰত আৰু কিবা হৈছিল নে? গমি চাচোন।
মাক।—তাৰ পাচত, লৰাই হেনো এদিন বাটত ভূত-মেলা ফিচাহিনী এজনী লগ পাইছিল।
বেজ:—ওঁ! আৰু কিবা জান নে?
মাক৷—নেজানো আৰু। পৰহি দিনা মাথোঁ জৰৰ গাৰেই মুকলি ফুৰিবলৈ যাওঁতে, বাঁহতলত যখিনী এজনী দেখা পাইছিল হেনো।