মাক।—(হিয়া ভুকুৱাই) ঔ , মোৰ বোপাই কলৈ গলিঔ! এতিয়াই আছিল কথা কৈ, এতিয়াই মাত হেৰালঔ! মোৰ বোপাইৰ দেহৰপৰা জীৱটো কোনে উলিয়াই নিলিঔ!
(মুক্তিনাথৰ প্ৰৱেশ)
মুক্তি।—দেহিঐ, কেনেকৈ কি হল, বাই?
মাক।—(বাউলী হৈ) এ, কিনো সোধাঁ মোৰ দৌতা! যি হব লাগে হল! মই মাথোঁ নমৰি জীয়াই আছোঁ।
মুক্তি।—নৰীয়াক দৰপ-জাতি খুৱাইছিলি নে? অকল জ্বৰেই নে আন বিকাৰো আছিল?
মাক।—আছিল, আছিল, আন বিকাৰো আছিল। সেয়া নহয়, বেজে কৈ গৈছে। এটা নহয়, দুটা-তিনটা ভূতে ধৰিছিল, বেজে জানিবা জাৰি জাৰি এটা খেদিলে; আৰু এটা খেদিবলৈ নাকত পকা জলকীয়া ভাঙ্গি দিওঁতেই ইকেটা ভূতে মোৰ পোনাক নিলেই। ঔ, মই ক’ত মৰোঁগৈঔ! (মাটিত পৰি মূৰ্চ্ছা যায়।)
মুক্তি।—হৰি, হৰি! কি হৃদয়বিদাৰক কথা! ভূত-বিশ্বাস আৰু বেজৰ উৎপাতে সৰ্ব্বনাশ কৰিছে!—বাই, যি হব লগা আছিল হল, বেজাৰ কৰাৰ আৰু সকাম নাই। এইবোৰ সকলো মিছা;ভূতও মিছা, বেজও মিছা। তহঁতে মিছা বিশ্বাসত ধৰি হে মৰিছ। মই বাৰু পাচত ভালকৈ ভাঙ্গি কম। এতিয়া মৰা নিবলৈ মই বেগতে মানুহ মাতি আনোগৈ। তই থিৰ হ।
(মুক্তিৰ বেগেৰে প্ৰস্থান)৷
(আগফালে আন পটৰ ঢাকনি পৰে)৷