পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪০
ভূত নে ভ্ৰম


কৰিব লাগে। এনে অভ্যাস যিমান ঘন হব, ভূত-বিশ্বাস আৰু ভূতলৈ ভয় সিমান সোনকালে গুচিব।

ধৰ্ম্ম।—যত্নৰ ক্ৰটী কৰা নাই। দেখা যাওক, সময়ত কি ফল ধৰেগৈ।

ভূত।—ফল নিশ্চয় ধৰিব। মাথোন, নিজে অভ্যাস কৰাৰ লগে লগে আনকো অভ্যাস কৰাবলৈ আমাৰ অবিশ্ৰান্ত পৰিশ্ৰম হব লাগে। বিশেষ, আমাৰ সমাজৰ অশিক্ষিত মানুহক অভ্যাসত লগোৱাৰ আগেয়ে সহজ আৰু সৰল বুজনিৰে সৈতে ভূত-বিশ্বাসৰ অমূলকতা আগধৰি কাৰ্য্যৰ পটন্তৰত দেখুৱাবলৈ চাব লাগে ।

ধৰ্ম্ম।—চলিছোঁ তো সেই ভাৱেই ৷ দেখোঁ, কিমানলৈ আগুৱাব পাৰোঁহঁক।-অ, আজি মিঃ ফুকনৰে সৈতে আমাৰ দেখাদেখিয়েই নহলচোন!

ভূত।—দেখা হোৱাৰ কথাও নাছিল। তেওঁ আজি ভূত-ভ্ৰান্তিৰ পটন্তৰ সংগ্ৰহ কৰিবলৈ গাওঁ ফুৰিছেগৈ হব পায়।

ধৰ্ম্ম।—হব পায়। তেওঁ হলে প্ৰাণটাঁকি লাগিছে দেই।

ভূত।—সঁচা। তেওঁৰ অন্তৰৰ ভাব আৰু মুখৰ কথাত অকণো অমিল নাই। নেদেখা নে, মিঃ ফুকনে জয়াৰ ঠাইবোৰত কেনেকৈ বুকু ডাঠি ফুৰে।

ধৰ্ম্ম।—নেদেখিম কিয়? মই নিজে কেইবাদিনো তেওঁক অকলে কেইবাখনো জয়াৰ ঠাইত লগ পাইছোঁ ৷ বাৰু, বৰুৱা, আজিৰপৰা ময়ো তেওঁৰ দৰেই বুকু ডাঠি ফুৰিবলৈ অঙ্গীকাৰ কৰিলোঁ। অহা মঙ্গলবাৰে, আঁউসী ৰাতি, মৰণৈ পাৰৰ মৰিশালিলৈ গৈ, মই চূড়ান্ত আত্ম-পৰীক্ষা কৰিম।

ভূত।— কিন্তু সেই পৰীক্ষাৰ নিদৰ্শন পালে হে আনে পতিয়াবলৈ চল লাগিব।—নহয় জানো?