সমললৈ যাওক

বুৰঞ্জীবোধ/আহোমৰ দিনৰ সামৰণি

ৱিকিউৎসৰ পৰা

[ ৫৭ ]

৭। পাঠ।
আহোমৰ দিনৰ সামৰণি।
মানৰ দিন।

 মোৱাঁমৰীয়াৰ বিদ্ৰোহ মাৰ যোৱাৰ পাচত, ৰংপুৰৰপৰা যোৰহাটলৈ ৰাজধানী তুলি নিয়া হয়। তাৰ এবছৰৰ পাচতে [ ৫৮ ] স্বৰ্গদেৱ গৌৰীনাথসিংহ স্বৰ্গী হল। তেওঁৰ পাচত, ১৭৯৫ খ্ৰীষ্টাব্দত, ৰূদ্ৰসিংহ মহাৰজাৰ ভায়েক নামৰূপীয়া ৰজা লেচাই গোহাঞিদেৱৰ নাতিৰ-নাতি কিণাৰাম গোহাঞিদেৱক ৰজা পতা হয়। ৰজা হোৱাৰ পাচত, তেওঁ কমলেশ্বৰসিংহ নাম লয়। তেওঁৰ দিনত নগৰ শাত আছিল যদিও, ভিতৰি ৰাজ্যত সুখ-শান্তি নাছিল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া আৰু কলিয়া-ভোমোৰা বৰফুকনৰ বলত মাথোন তেওঁ নিৰাপদে ১৬ বছৰ ৰাজপাট খাইছিল। তেওঁ স্বৰ্গী হোৱাত, তেওঁৰ ভায়েক চন্দ্ৰকান্তসিংহক ৰজা পতা হয়। ৰাজপাটত উঠোঁতে তেওঁৰ বয়স মুঠেই ১২ বছৰ হৈছিল। সেই কাৰণে, তেওঁ নামত হে ৰজা আছিল, ৰাজ্য চলাইছিল পুৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই।

 লৰাকালত চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে সাধাৰণ লৰা-ছোৱালীৰ লগত উমলিয়েই দিন নিয়াইছিল। সেই ছেগতে গোটাদিয়েক সামান্য মানুহৰ লৰাই স্বৰ্গদেৱৰ বৰকৈ আশৈ পাই উঠিছিল। তাৰ ভিতৰত ভুত নামেৰে কুকুৰাচোৱা বৰা এজনৰ পুতেক শতৰাম ঘাই। শতৰামে ৰজাৰ লাই পাই ভেম্‌ ধৰি উঠিলে। পাচলৈ সি কাকো গণিতাকে নকৰা হল। আন কি, ৰাজ্যৰ ধৰণী যেন পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰে সৈতেও সি ফেৰ পতা হল। এই কথা অসহনীয় হোৱাত ডাঙ্গৰীয়াই তাৰ উচিত বিধান কৰিবলৈ মন দিলে। তাৰ গম্‌ পাই, ইফালে শতৰামেও আগৰ লগৰীয়া ভালেমান ডাঙ্গৰীয়া-বিষয়াৰ লৰাৰে সৈতে গোট খাই ডাঙ্গৰীয়াৰ অপকাৰ কৰিবলৈ আলচ পাতিলে। আন কি, [ ৫৯ ] সেই বিষয়ত গুৱাহাটীৰপৰা বদনচন্দ্ৰ বৰফুকনেও তলে তলে শতৰামক উদ্গাই টিপ দিছিল। কাৰণ, পূৰ্ণানন্দ ডাঙ্গৰীয়াৰে সৈতে বদনচন্দ্ৰ বৰফুকনৰ পেটে পেটে ভাল নাছিল। পিছে, যথাসময়ত বৰমুৰীয়া বিষয়াসকলৰে সৈতে তিনিওজনা ডাঙ্গৰীয়া চৰাত বহিল। তিনিওজনা ডাঙ্গৰীয়া একেলগে চৰাত বহিলে ৰজাকো ভাঙ্গিব পাৰে। সেই কাৰণে, স্বৰ্গদেৱ চৰালৈ নোলাল। বিচাৰত শতৰামক নগৰৰ বাজকৈ আঁতৰাই বন্দী কৰিবলৈ স্থিৰ হল। শতৰামৰ লগত ভালেমান ডাঙ্গৰীয়া-বিষয়াৰ লৰাও যোগ আছিল। সেই কাৰণে, সেই কথা লৈ উজনি অসমত তোলপাৰ লাগি পৰিছিল। ইয়াকে “কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ" বোলে।

 “কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ” যেতিয়া গুৱাহাটী পালেগৈ, তেতিয়া বদনচন্দ্ৰ বৰফুকন ভয়ত অস্থিৰ হৈ পৰিল। কাৰণ, সেই সময়ত তেওঁ কামৰূপীয়া প্ৰজাৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল; আৰু নগৰত ডাঙ্গৰীয়াই তাৰ সম্ভেদ পাই আছিল। তাতে শতৰামৰ লগত বৰফুকন ভিতৰি যোগ থকা কথাও ওলাই পৰিল। এনেতে, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই নগৰৰ ভিতৰৰ উৎপাত, গুচাই লৈ কামৰূপৰ ফালে মন দিলে। বদনচন্দ্ৰ বৰফুকনক ধৰি আনিবৰ নিমিত্তে মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিওৱা হল। কিন্তু, এই কথাৰ সম্ভেদ বদনচন্দ্ৰই আগধৰিয়েই পালে। বৰফুকনৰ জীয়েক পিজৌ গাভৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বোৱাৰীয়েক। তেওঁৰ দেউতাকৰ বিৰুদ্ধে নগৰত যি আয়োজন হৈছিল, তাৰ বিষয়ে তেওঁ গোপনে [ ৬০ ] গুৱাহাটীলৈ লিখি পঠিয়ালে। সেই কাৰণে, মহেশ্বৰ ফুকন গৈ গুৱাহাটী নৌ পাওঁতেই বদনচন্দ্ৰ ফুকন পলাই কলিকতালৈ গুচি গল। তাৰ পাচত, তেওঁৰ ঠাইত ঘনশ্যামক বৰফুকন পতা হল।


 মানৰ ১ম, আক্ৰমণ।—বদনচন্দ্ৰ কলিকতাত গৈ বহি থকা নাছিল। তেওঁ সহায় বিচাৰি সেই কালৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয়োৰ কাষ চাপিলগৈ। কিন্তু, বদনচন্দ্ৰক সহায় কৰিবলৈ গৱৰ্ণৰ জেনেৰেল চাহাব মান্তি নহল। গতিকে, তেওঁ হতাশ হৈ উলটিবলৈ ধৰিছিল। এনেতে, বৰ্ম্মা দেশৰ ৰজাৰ এজেণ্ট এজনৰে সৈতে তেওঁৰ সাক্ষাৎ হয়। এজেণ্টৰ আগত তেওঁ সকলো কথা বিবৰি কলে। তাৰ পাচত, সেই এজেন্ট জনে বদনচন্দ্ৰক তেওঁৰ লগতে লৈ গৈ বৰ্ম্মা ৰজাৰ ওচৰত ভেঁটালেগৈ। এজেণ্টৰ কথা মতে বদনচন্দ্ৰক সহায় কৰিবলৈ ৰজা মান্তি হল। সেই মতে বদনচন্দ্ৰই ছহেজাৰ মানসেনা লগত লৈ, মণিপুৰে দি ঘুৰি, নামৰূপত সোমাই, ১৮১৬ খ্ৰীষ্টাব্দত আহোমৰাজ্য আক্ৰমণ কৰিলেহি। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সেই সময়ত টান নৰিয়া। তথাপি, নৰিয়া-গাৰেই ডাঙ্গৰীয়াই এজাক ৰণুৱা পঠিয়াই ঘিলাধাৰী নামে ঠাইতে বদনচন্দ্ৰক ভেটা দি ৰখালে। কিন্তু, ৰণত ৰজাঘৰীয়া সেনা ঘাটিল। সেই ছেগতে মান-সেনাৰে সৈতে বদনচন্দ্ৰ নগৰ সোমালহি। ডাঙ্গৰীয়াই নৰিয়া-গাৰেই আকৌ ভালকৈ ৰণ দিবলৈ যোযা কৰিছিল, এনেতে নৰিয়া টান হোৱাত তেখেত ঢুকাল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া ঢুকালত ৰজাৰ ফলীয়া সকলো মানুহ হতাশ হল। তাৰ পাচত, [ ৬১ ] ডাঙ্গৰীয়াৰ পুতেক ৰুচিনাথ গোহাঞিদেৱে দেউতাকৰ বিষয়-বাব লৈ লৰালৰিকৈ আকৌ ৰণৰ দিহা কৰিবলৈ ধৰিলে। কিন্তু, ইতিমধ্যত মানহঁতে নগৰৰ ভিতৰ সোমাই ভালকৈ খোপনি পিটি লোৱাত তেওঁৰ সকলো যত্ন বিফল হল। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গাৰীয়া নিৰুপায় হৈ আঁতৰি গুৱাহাটী পালেগৈ। তাৰ পাচত; চন্দ্ৰকান্তসিংহ শৰণাগত হোৱাত, তেওঁকে ৰজা ৰাখি বদনচন্দ্ৰই “মন্ত্ৰীফুকন” নাম লৈ ৰাজ্য চলাবলৈ স্থিৰ কৰিলে। এই দৰে, বদনচন্দ্ৰৰ উদ্দেশ্য সিদ্ধি হোৱাত, তেওঁ তুঙ্গখুঙ্গীয়া ফৈদৰ বগা কোৱঁৰৰ আইদেও এগৰাকীক বৰ্ম্মা ৰজাত বিয়া দিবলৈ পঠিয়াই সেই ৰজাৰে সৈতে মিতিৰ পাতিলে। তাৰ পাচত, তেওঁ ভালেমান ধন-বস্তু দি মানহঁতক সন্তুষ্টকৈ বিদায় দিলে। এয়ে অসমত মানৰ প্ৰথম আক্ৰমণ।

 মানৰ ২য়, আক্ৰমণ।— মান উলটি যোৱাৰ পাচত, বদনচন্দ্ৰ বৰফুকন আহোম ৰাজ্যৰ আচল গৰাকী হৈ বহিল। চন্দ্ৰকান্তসিংহ নামত মাথোন ৰজা, কিন্তু ৰজাৰ ক্ষমতা বদনচন্দ্ৰই হে চলায়। পিচে, ক্ষমতা বঢ়াৰ লগে লগে তেওঁৰ অত্যাচাৰো বাঢ়িবলৈ ধৰিলে। তেওঁৰ অত্যাচাৰত প্ৰজাৰ শান্তি নোহোৱা হল। শেহান্তৰত সেই অত্যাচাৰ অসহনীয় হোৱাত, আন-আন ডাঙ্গৰীয়া-বিষয়াসকলে মিলি বদনচন্দ্ৰক ছলেৰে বধ কৰালে। তাৰ পাচত, ৰাজমাও দেউতাই ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াক নগৰলৈ মাতি পঠিয়ায়। কিন্তু, ডাঙ্গৰীয়াই চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ ওপৰত সন্দেহ কৰি ততালিকে আহিবলৈ আগ [ ৬২ ] নাবাঢ়িলে। তাৰ পাচত, তেওঁ ইফালৰ আলেখ-লেখ বুজি লৈ, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বংশৰ পুৰন্দৰসিংহ কোৱঁৰক লগত লৈ, সতৰ্কভাৱে পুনঃ নগৰলৈ আহিল। সিবিলাক নগৰ সোমালত চন্দ্ৰকান্তসিংহ ভয়ত পলাই ৰংপুৰলৈ গুচি গল। তেওঁৰ ঠাইত ১৮৯৭ খ্ৰীষ্টাব্দত পুৰন্দৰসিংহ কোঁৱৰক ৰজা পতা হল। তাৰ পাচত, চন্দ্ৰকান্তসিংহই আকৌ ৰজা হবৰ মনেৰে বিদ্ৰোহ ঘটায় বুলি, তেওঁৰ কাণ এখনত ঘুণ্‌ লগাই তেওঁক ৰজাৰ অযোগ্য কৰোৱা হল। এই কথাত তেওঁ বৰ বেজাৰ পালে। সেই বেজাৰতে চন্দ্ৰকান্তসিংহই গোপনে কটকী দুজন পঠিয়াই বৰ্ম্মা ৰজাত তেওঁৰ দুৰ্গতিৰ কৰা জনাই সহায় খুজিলে। এই বাতৰি পাই বৰ্ম্মা ৰজা খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে ৩০,০০০ ডেৰকুৰি হাজাৰ সেনাৰে সৈতে আলুংমিঙ্গি নামে এজন সেনাপতিক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ালে। ১৮১৯ খ্ৰীষ্টাব্দত মান-সেনাপতি আহোম ৰাজ্যত সোমালহি, আৰু নাজিৰাৰ ওচৰতে আহোম ৰজাৰ ৰণুৱাৰ লগত তেওঁৰ এখন ৰণ লাগিল। কিন্তু, ৰজাৰ ৰণুৱাই ঠাৱৰিব নোৱাৰি বাট এৰি দিলে,—মান-সেনাপতি নগৰ সোমালহি। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই পুৰন্দৰসিংহ স্বৰ্গদেৱক লগত লৈ আকৌ গুৱাহাটীলৈ গুচি গল। ইফালে মানে নগৰ দখল কৰি লৈ, অসমীয়া প্ৰজাৰ ওপৰত নানা তৰহৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। তাৰ পাচত, আলুংমিঙ্গি সেনাপতিয়ে চন্দ্ৰকান্তসিংহক আকৌ বৰ্ম্মাৰজাৰ তলতীয়াকৈ আহোম ৰাজ্যত ৰজা পাতিলে। আৰু, তেওঁৰ লগত অনা সৈন্যৰ এভাগ আহোম ৰাজ্যত [ ৬৩ ] ৰখীয়া থৈ, বাকীবিলাকৰে সৈতে তেওঁ নিজ দেশলৈ উলটি গল। এয়ে অসমত মানৰ দ্বিতীয় আক্ৰমণ।

 মানৰ ৩, আক্ৰমণ।—অসম আক্ৰমণত দুবাৰকৈ জিকি মানহঁতৰ নটা লাগিল। তাতে আহোম ৰাজ্যৰ ভিতৰুৱা দুৰৱস্থা দেখি গৈ সিহঁতৰ মন আৰু বাঢ়িল। তাৰ উপৰি, অসম দেশৰ বহুমূলীয়া বস্তু-বেহানি আদি দেখি গৈ সিহঁতৰ বৰকৈ লোভ লাগিল। সেই কাৰণে, মানে এইবাৰ আপোন মনেৰে অসমদেশ আক্ৰমণ কৰিবলৈ আগ বাঢ়িলে। এনে সময়তে ইফালে চন্দ্ৰকান্ত- সিংহ স্বৰ্গদেৱেও আগলৈ মান আহিব নোৱাৰা কৰিবৰ মনেৰে উজনিৰ জয়পুৰত এটা গড় মৰাবলৈ স্থিৰ কৰিলে। পতাল বৰবৰুৱাৰ গাত সেই কামৰ ভাৰ পৰিল। গড় মৰাওঁতে বৰবৰুৱাৰ লগত মানদেশী বনুৱা মানুহো কিছুমান আছিল। সেই বনুৱাবিলাকে গড় মৰাৰ আচল উদ্দেশ্য বুজিব পাৰিলে। সেই কাৰণে, সিহঁতে বৰবৰুৱাক তাতে বধ কৰি নিজ দেশলৈ পলাই গুচি গল। তাৰ পাচত, সিহঁতে বৰ্ম্মা ৰজাৰ আগত ইফালৰ সকলো কথা বিবৰি কলেগৈ। বৰ্ম্মাৰ ৰজা খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে অসম দেশ আকৌ আক্ৰমণ কৰিবলৈ আজ্ঞা দিলে। সেই মতে, ভালেমান সৈন্য লগত লৈ মিঙ্গিমাহা তিলোৱা নামেৰে এজন মান-সেনাপতিয়ে অসমলৈ যাত্ৰা কৰিলে। মান অহা শুনি চন্দ্ৰকান্তসিংহ পলাই গুৱাহাটী পালেগৈ। গতিকে, মানে কোনো হকা-বধা নোপোৱাকৈয়ে আহোম ৰজাৰ নগৰ দখল কৰিলেহি। তাৰ পাচত, মিঙ্গিমাহা তিলোৱাই নিজৰ ৰজাৰ জেঠেৱীয়েক, বগা [ ৬৪ ] কোৱঁৰৰ পুতেক, যোগেশ্বৰ কোঁৱৰক বৰ্ম্মা ৰজাৰ তলীয়াকৈ ৰজা পাতি লৈ নিজে ৰাজ্য চলাবলৈ ধৰিলে। এয়ে অসমত মানৰ তৃতীয় আক্ৰমণ।

 মহগড়ৰ ৰণ।—এইবাৰ আহোম কোৱঁৰক নামত মাথোন ৰজা পতা হল। আচলতে ৰজাৰ ক্ষমতা মান-সেনাপতিয়ে হে চলাইছিল। এই ভাৱেই বছৰদিয়েক পাৰ হল। পিচে, পৰৰ ৰাজ্য পৰে চলোৱাত প্ৰজাৰ দুখ-দুৰ্গতি বাঢ়িবলৈ ধৰিলে। পাচলৈ ৰজাঘৰত সহায় কৰক ছাৰি প্ৰজা নিজে তৰিব নোৱাৰাত পৰিল। মিঙ্গিমাহা তিলোৱাৰ লগত যি দহ হাজাৰ মানসেনা ৰাখিছিল, সিহঁতক পুহিবলৈ উপায় নোহোৱা হল। গতিকে, সেনাপতিৰ সঙ্কেত পাই সিহঁতে নিজে লুটপাট কৰি খাবলৈ ধৰিলে। সেই উদ্দেশ্যে মান-সেনাবিলাক দুভাগ হল। এভাগে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু ইভাগে দক্ষিণ পাৰে অসমীয়া প্ৰজাক লুটি খাবলৈ ধৰিলে। যি ফালেই মানসেনা যায়, সেইফালেই গাওঁ-ভুই উছন যোৱাৰ নিচিনা হয়। প্ৰজাৰ দুৰ্গতি দেখিব নোৱাৰি চন্দ্ৰকান্ত সিংহ, পুৰন্দৰসিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই বেজিনী, ভোটান আৰু ইফাল-সিফালৰপৰা গোটাই লৈ এজাক বৰবৰণীয়া ৰণুৱাৰে সৈতে, ১৮২১ খ্ৰীষ্টাব্দত মহগড় নামে ঠাইত মানক আক্ৰমণ কৰিলেগৈ। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে মনৰ বেজাৰত প্ৰাণটাকি খুঁজিবলৈ ধৰিলে। পাচলৈ মান-সেনাপতি তিলোৱা বিবুদ্ধি হৈছিলগৈ। এনেতে, বৰ্ম্মাদেশৰপৰা ভালেমান সৈন্যৰে সৈতে মিঙ্গিমাহা বন্দুলা নামেৰে আন এজন [ ৬৫ ] মান-সেনাপতিয়ে যোগ দিলেহি। গতিকে, ৰণত মান জিকিল। চন্দ্ৰকান্তসিংহ হুহকি পৰিল। ইয়াকে “মহগড়ৰ ৰণ” বোলে।

 “মহগড়ৰ ৰণ"ত মান জিকিল হয়, কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ হাতত সিহঁতে ভালকৈয়ে এসেকা পালে। সেই খঙ্গতে সিহঁত মতলীয়া হৈ উঠিল। সিহঁত নেগুৰত গছা সাপৰ দৰে হল। সিহঁতে নিৰ্জ্জু অসমীয়া প্ৰজাৰ ওপৰত তাৰ হোৰ তুলিবলৈ ধৰিলে। সিহঁতৰ উৎপাত আৰু অত্যাচাৰৰ কথা কবলৈ কথা নোলায়। নিঠুৰ মানতে সৰু সৰু লৰা-ছোৱালীক ফৰ্ম্মুটিয়াই গছৰ গুটী পাৰি খাইছিল। পাষণ্ডহঁতে গৰ্ব্ভাৱতী নাৰীৰ গৰ্ব্ভ ছিৰি ৰং চাইছিল। কিমান লৰা-ছোৱালীক পিচলৈ হাত জঁপাই শলা মাৰি থৈ এৰি গৈছিল। কুমলীয়া বাঁহগাজেৰে মৰিয়াই তাৰ সুং লগাই কিমানক লেলাত ভূঞ্জাইছিল। লৰা, ছোৱালী, মুনিহ, তিৰোতা ভালেমান মানুহ গোটাই একেটা ঘৰৰ ভিতৰত সুমুৱাই লৈ তাত জুই লগাই দি ৰং চাইছিল। বাঁহৰ ছাং পাতি তাৰ ওপৰত কেঁচুৱা লৰা-মাইকী, বুঢ়া, বুঢ়ী, লৰা ছোৱালী জাকৰুৱাকৈ তুলি তলত ধোঁৱা দি শাস্তি দি বধিছিল! এনে আৰু বিবিধ অত্যাচাৰৰ কথা কবলৈ গলে হিয়া বিদৰে! মানৰ এনে অসহনীয় উৎপাতৰ লগতে ছেগ ধৰি অসমৰ দাঁতি-কাষৰীয়া পৰ্ব্বতীয়া জাতিৰ মানুহেও অসমীয়া প্ৰজাৰ ওপৰত ডকাইতি কৰিবলৈ ধৰিলে। আন কি, পেটৰ পোৰণিত পৰি অসমীয়া মানুহেও মানৰ বেশ ধৰি গাওঁৱে-ভূইয়ে ডকাইতি কৰিবলৈ বাকী এৰা নাছিল। এনে মহা আপদত অসমীয়া প্ৰজাৰ মাজত হাহাকাৰ [ ৬৬ ] লাগি উঠিল। চাৰিওফালে “মানৰ দিন” বুলি বিপদৰ ঢৌ বিয়াপি পৰিল!

 অসম দেশত মানৰ এদনীয়া এক্তিয়াৰ চলিল। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে আকৌ ৰজা হবৰ আশা কৰি মানৰ শৰণাগত হৈছিলগৈ। কিন্তু, তেওঁৰ সেই আশা নফলিয়ালে। মান-সেনাপতিয়ে তেওঁক ক্ষমা নকৰি, ৰংপুৰতে বন্দী কৰাই থলে। ইয়াৰ পাচত, মানৰ মন দোপত্‌‌‌‌দোপে বাঢ়িবলৈ ধৰিলে। অসমৰ লগত চামিল কৰি লবৰ মনেৰে মান-সেনাপতিয়ে কাছাৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। কাছাৰৰ ৰজা চৰজিতসিংহই বৃটিচ্‌, গৱৰ্ণমেণ্টৰ ওচৰত সহায় ভিক্ষা কৰিলেগৈ। সেইমতে, কাছাৰ আক্ৰমণ নকৰিবলৈ মান-সেনাপতিক বৃটিচ, গৱৰ্ণমেন্টে অনুৰোধ কৰিলে। কিন্তু, মানে তালৈ যে কটাহি নকৰিলেই, চাহপুৰ নামে বৃটিচৰ দখলৰ ঠাই এডোখৰ বলেৰে দখল কৰিলেগৈ। সেই কথাত অপমান পাই লৰ্ড আমহাৰ্ষ্ট্‌ গৱৰ্ণৰ জেনেৰেলে মানৰ লগত ৰণ দিবলৈ স্থিৰ কৰিলে। সেই অনুসৰি, ১৮২৪ খ্ৰীষ্টাব্দত, স্কট আৰু মেক্‌মৰিণ্‌, চাহাবে দুদল বৃটিচ্‌ সৈন্য লৈ দুফালৰপৰা মানক বেৰি ধৰিলেগৈ। চাহপুৰত মানৰ লগত বৃটিচৰ এখন ৰণ লাগিল। সেই ৰাত মানহঁতে ঠাৱৰিব নোৱাৰি উজাই পলাবলৈ ধৰিলে, আৰু বৃটিচে পিচে-পিচে খেদি আনিলে। সেই ছেগতে, অসমীয়া প্ৰজাবিলাকেও ইফালৰপৰা হাটবৰ নামে ঠাইত মানহঁতক আগচি ধৰিলেগৈ। ইয়াতে আকৌ এখন ৰণ লাগিল। ৰণত মান উঠিব নোৱাৰাকৈ পৰিল; শেহান্তৰত সিহঁতৰ দুভাগ ৰণত পৰিল, এভাগ উধাতু খাই পাৰ হওঁতে [ ৬৭ ] ব্ৰহ্মপুত্ৰত বুৰি মৰিল, এভাগে পলাই ফাট্‌ মাৰিলে। মান- সেনাপতিয়ে অগত্যা সন্ধিৰ প্ৰস্তাৱ কৰিলে। ইফালে বৃটিচৰো খাৰ-বাৰুদ আদি অন্ত পৰি অহা দেখি, স্কট্‌ চাহাবে সেই প্ৰস্তাব গ্ৰহণ কৰিলে। ১৮২৫ খ্ৰীষ্টাব্দত সেই সন্ধি মতে এই স্থিৰ হল যে, ইয়াৰ পাচত আৰু মানে অসমত কোনো উৎপাত লগাব নোৱাৰিব। যিবিলাক মান অসমত ৰৈ যাব, সিবিলাকে শান্তভাৱে বসতি কৰি থাকিব। অসম দেশত বৃটিচ, গৱৰ্ণমেণ্টৰ সম্পূৰ্ণ এক্তিয়াৰ চলিব। চন্দ্ৰকান্তসিংহ আৰু পুৰন্দৰসিংহ দুয়োজনা স্বৰ্গদেৱে বৃটিচ্‌ গৱৰ্ণমেণ্টৰপৰা পেন্‌চন্‌ পাব। এইদৰেই “মানৰ দিনৰ” উৎপাতে ৬ বছৰীয়া আহোমৰ দিনৰ সামৰণি পেলালে।

 কিন্তু, লৰ্ড আমহাৰ্ষ্ট সিমানতে সন্তুষ্ট নহল। তেওঁ চাৰ আৰ্চিবল কেম্বেল চাহাবক ভালেমান বৃটিচ্‌ সৈন্য দি বৰ্ম্মাদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। চাৰ আৰ্চিবলে পোনেই ডনাৰু নামে বৰ্ম্মা দেশৰ এখন ঠাই দখল কৰেগৈ। তাতে অসমলৈ অহা মিঙ্গিমাহা তিলোৱা ৰণত পৰিল। তাৰ পাচত, বৃটিচ্‌ ফৌজ ক্ৰমাৎ বৰ্ম্মা দেশৰ ভিতৰলৈ আগ বাঢ়িল। পিছে, সিমানতে বৰ্ম্মা-- ৰজাই ভয় খাই সন্ধিৰ প্ৰস্তাব কৰাত, চাৰ আৰ্চিবলে সেই প্ৰস্তাব গ্ৰহণ কৰিলে। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামে ঠাইত বৃটিচ্‌ আৰু বৰ্ম্মা ৰজাৰ মাজত সন্ধি কৰা হল। সেই সন্ধিমতে বৃটিচ্‌ গৱৰ্ণমেন্ট বৰ্মা ৰজাৰপৰা আৰাকান, মাৰ্টবান আৰু টেনাচিৰিম এই কেইখন ৰাজ্য লাভ কৰিলে। [ ৬৮ ] সেই একে সময়তে আহোম ৰজাৰ হাতৰপৰাও অসম দেশ বৃটিচ, গৱৰ্ণমেণ্টৰ হাতলৈ লাচতে পাৰ হল। ইয়াকে “ইয়াণ্ডাবু সন্ধি" বোলে।

 মুঠ্‌-কথা।—আগৰ দিনত বৰ্ম্মাদেশৰ মানুহক মান বোলা হৈছিল। সেই মানে অসম দেশ তিনিবাৰ আক্ৰমণ কৰেহি। সেই আক্ৰমণতে অসম দেশ জুৰুলা হয়। সেই সময়ত অসমীয়া প্ৰজাৰ দুখ-দুৰ্গতিৰ সীমা নাছিল। পাচলৈ “মানৰ দিন” বুলি অসম দেশত অত্যাচাৰৰ ঢৌ উঠিছিল। সেই “মানৰ দিনেই” “আহোমৰ দিনৰ" সামৰণি পেলায়। শেহান্তৰত বৃটিচ্‌ ৰাজৰ আগমনে অসমক মানৰ উৎপাতৰপৰা ৰক্ষা কৰিলে। ১৮২৫ খ্ৰীষ্টাব্দৰ সন্ধিমতে আহোম ৰজাক বৃটিচ্‌ ৰাজৰ পেঞ্চনভোগী কৰা হয়। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হয়। সেই সন্ধিমতে বৰ্ম্মা ৰজাৰপৰা আৰাকান, মাৰ্টাবান আৰু টেনাচেৰিম এই কেইখন ৰাজ্য বৃটিচ্‌ৰাজে লাভ কৰে। আৰু, সেই ছেগতে অসম দেশো বৃটিচৰ হাতলৈ পাৰ হয়।