পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
বুৰঞ্জীবোধ।

নাবাঢ়িলে। তাৰ পাচত, তেওঁ ইফালৰ আলেখ-লেখ বুজি লৈ, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বংশৰ পুৰন্দৰসিংহ কোৱঁৰক লগত লৈ, সতৰ্কভাৱে পুনঃ নগৰলৈ আহিল। সিবিলাক নগৰ সোমালত চন্দ্ৰকান্তসিংহ ভয়ত পলাই ৰংপুৰলৈ গুচি গল। তেওঁৰ ঠাইত ১৮৯৭ খ্ৰীষ্টাব্দত পুৰন্দৰসিংহ কোঁৱৰক ৰজা পতা হল। তাৰ পাচত, চন্দ্ৰকান্তসিংহই আকৌ ৰজা হবৰ মনেৰে বিদ্ৰোহ ঘটায় বুলি, তেওঁৰ কাণ এখনত ঘুণ্‌ লগাই তেওঁক ৰজাৰ অযোগ্য কৰোৱা হল। এই কথাত তেওঁ বৰ বেজাৰ পালে। সেই বেজাৰতে চন্দ্ৰকান্তসিংহই গোপনে কটকী দুজন পঠিয়াই বৰ্ম্মা ৰজাত তেওঁৰ দুৰ্গতিৰ কৰা জনাই সহায় খুজিলে। এই বাতৰি পাই বৰ্ম্মা ৰজা খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে ৩০,০০০ ডেৰকুৰি হাজাৰ সেনাৰে সৈতে আলুংমিঙ্গি নামে এজন সেনাপতিক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ালে। ১৮১৯ খ্ৰীষ্টাব্দত মান-সেনাপতি আহোম ৰাজ্যত সোমালহি, আৰু নাজিৰাৰ ওচৰতে আহোম ৰজাৰ ৰণুৱাৰ লগত তেওঁৰ এখন ৰণ লাগিল। কিন্তু, ৰজাৰ ৰণুৱাই ঠাৱৰিব নোৱাৰি বাট এৰি দিলে,—মান-সেনাপতি নগৰ সোমালহি। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই পুৰন্দৰসিংহ স্বৰ্গদেৱক লগত লৈ আকৌ গুৱাহাটীলৈ গুচি গল। ইফালে মানে নগৰ দখল কৰি লৈ, অসমীয়া প্ৰজাৰ ওপৰত নানা তৰহৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। তাৰ পাচত, আলুংমিঙ্গি সেনাপতিয়ে চন্দ্ৰকান্তসিংহক আকৌ বৰ্ম্মাৰজাৰ তলতীয়াকৈ আহোম ৰাজ্যত ৰজা পাতিলে। আৰু, তেওঁৰ লগত অনা সৈন্যৰ এভাগ আহোম ৰাজ্যত