বুৰঞ্জীবোধ/আহোমৰ শাসন-বিধি
আহোমৰ শাসন-বিধি সুকীয়া আছিল। সেই শাসন-বিধি বৃটিচৰ শাসন-বিধিৰ লগত ভালেমান মিলে। বিশেষকৈ, ইংলণ্ডৰ আগৰ “ফিউডেল চিষ্টেম"ৰ লগত ই ভালেকৈ মিলে। সেই বিধিমতে আহোম ৰজাৰ ক্ষমতা অসীম বুলিও, তেওঁ বুঢ়াগোহাঞি, বৰগোহাঞি আৰু বৰপাত্ৰ-গোহাঞি এই তিনিজনা ঘাই মন্ত্ৰী মন্ত্ৰণাৰ তল। এই তিনিজনা মন্ত্ৰীয়ে একেমত হৈ ৰজা ভাঙ্গিব আৰু পাতিব পাৰিছিল। ইবিলাক তিনিজনাক ডাঙ্গৰীয়া বোলা হৈছিল। ইবিলাকত বাজে আনে “ডাঙ্গৰীয়া” খিতাপ নাপাইছিল। ইবিলাকৰ নাম্নাচতে এজনা বৰবৰুৱা আৰু এজনা বৰফুকন। ইবিলাক দুজনাৰ নাম্নাচত তিনিজনা দাঁতিয়লীয়া গোহাঞি, বাৰজন ৰাজখোৱা আৰু ভালেমান ফুকন, বৰুৱা আদি বিষয়া আছিল। এই ভাঙ্গৰীয়া আৰু বিষয়া সকলৰ মাজত দুখন মেল বা ৰাজসভা আছিল; —এখন ডাঙ্গৰীয়া-মেল আৰু ইখন বিষয়া-মেল। ডাঙ্গৰীয়া-মেলত কেৱল ৰজা আৰু ডাঙ্গৰীয়া তিনিজনাৰ দুজনা বহে। বৃটিচৰ হাউচ্ অৱ লৰ্ডচ্ নামে “পাৰ্লিয়ামেণ্ট” ৰাজসভাৰে সৈতে এই মেলক ৰিজাব পাৰি। বিষয়া-মেলত ৰজা, ডাঙ্গৰীয়া আৰু বিষয়া সকলো বহে। কিন্তু, এই মেলত ৰজাই সততে যোগ নিদিয়ে, বিশেষ লাগতিয়াল কথাত হে বহেহি। এই মেল [ ৭০ ] বৃটিচৰ “হাউচ্ অৱ কমন্স” নামে পাৰ্লিয়ামেন্ট ৰাজসভাৰ লগত মিলে। বৰবৰুৱা ন্যায়-সোধৰ ঘাই বিষয়া আছিল। তেওঁৰ বিষয়-বাব আৰু মেল এতিয়াৰ হাইকোৰ্টৰে সৈতে মিলে। বৰফুকন গুৱাহাটীত ৰজাৰ প্ৰতিনিধি শাসনকৰ্ত্তা। আদিতে বৰফুকন কলিয়াবৰত হে পতা হৈছিল। এই জনা ঘাই বিষয়াক বৃটিচৰ গৱৰ্ণৰ জেনেৰেল বা লাট চাহাবৰে সৈতে ৰিজাব পাৰি। দাঁতিয়লীয়া গোহাঞি আৰু ৰাজখোৱা সকলো সৰুবিধৰ প্ৰতিনিধি- শাসনকৰ্তা আছিল। ইবিলাকক বৃটিচৰ পলিটিকাল এজেণ্ট সকলৰে সৈতে ৰিজাব পৰা যায়। কিন্তু, ডাঙ্গৰীয়া আৰু বিষয়া সকলোৱেই সেনাপতি বাব পাইছিল; সিবিলাকৰ ৰণলৈকো যাব লগীয়া বাব আছিল।
আহোম ৰজাৰ তলে ভালেমান সৰু সৰু ৰজা আছিল। ইবিলাকৰ এভাগ আহোমৰাজৰ কৰলীয়া আৰু এভাগ মিত্ৰ ৰজা আছিল। সেই কাৰণে, আহোম ৰজাক আগৰ মোগল আৰু এতিয়াৰ বৃটিচ্ সম্ৰাটৰ সৈতে ৰিজাব পাৰি। আন স্বাধীন ৰজাৰে সৈতে ৰণ লাগিলে সেই তলতীয়া ৰজাসকলে আহোম ৰজাক ৰণুৱা দি সহায় কৰিব লাগিছিল। মুঠৰ ওপৰত, আহোম-ৰাজ বৃহৎ বৃটিচ্-ৰাজৰ এটি সৰু আৰ্হি আছিল।
আহোমসকল ৰণ-বিদ্যাত বৰ পৈণত আছিল। আহোমৰ লাছিত বৰফুকন আৰু গদাধৰসিংহ স্বৰ্গদেৱৰ নিচিনা বীৰ পৃথিবীত সৰহ ওপজা নাই। মূলাগাভৰুৰ নিচিনা আহোম ৰমণীসকলেও ৰণক্ষেত্ৰত গৈ ৰণ দিছিল। আহোম ৰজাৰ [ ৭১ ] ৰণুৱাই পোনতে বৰছা, বাৰু, তৰোৱাল, যাঠী, কাঁড়- ধেনু, কাৰ্ফাই-ধেনু, নাকৈ দা এইবোৰ অস্ত্ৰেৰে ৰণ কৰিছিল। তাৰ পাচত, সিবিলাকে ৰণত হিলৈ আৰু বৰতোপ ব্যৱহাৰ কৰিছিল। সেই কালত অসমীয়া হিলৈ কেইবা বিধৰ আছিল। তাৰ ভিতৰত কামায়ণ, জমুৰ, পাথৰকলাই, গঠিয়া, পহলঙ্গি, কেচাই, টোৱা, খোকাহিলৈ এই কেইবিধ ঘাই। আহোম ৰজাৰ ৰণ তৰে-পানীয়ে উভয়েদি হৈছিল। ৰণৰ সময়ত চোৱাৰী কটকীয়ে ঘোঁৰাৰ ডাকেৰে ৰজাক দাঁড়ৰ বাতৰি দাঁড়ে দাঁড়ে জনোৱাৰ নিয়ম আছিল। যি ৰণুৱাই ৰণত পিঠি দেখুৱায়, অৰ্থাৎ পলায়, তাক ধৰাই আনি সকলো ৰণুৱাৰ আগত কঁড়িয়াই বা গুলিয়াই মৰা হয়। আজিকাল বৃটিচ্ সেনাকো তেনে অপৰাধত ‘কোৰ্টমাৰ্চিয়াল’ কৰি তেনে দৰেই বধ কৰা হয়।
আহোম ৰজাৰ দিনত অলেখ বিতোপন পকী ঘৰ-দুৱাৰ সজোৱা হৈছিল। 'সাগৰ' নাম দি ডাঙ্গৰ ডাঙ্গৰ পুখুৰী খণোৱা হৈছিল। যুগমীয়া শিলৰ সাঁকো আৰু ওখ-ডাঙ্গৰ ৰাজবাট বন্ধোৱা হৈছিল। প্ৰকাণ্ড প্ৰকাণ্ড ৰাজগড় মৰোৱা হৈছিল। খাৰ-বাৰুদ, হিলৈ-বৰতোপ যোগান হৈছিল। পৰিপাটিকৈ বুৰঞ্জী লিখা হৈছিল। আহোম ৰাজ্যৰ দৰে ভাৰতবৰ্ষৰ আন কোনো ঠাইত স্বাভাৱিক হ্ৰদৰ নিচিনা ডাঙ্গৰ পুখুৰী দেখিবলৈ নাই। এই পুখুৰীবোৰৰ এটা প্ৰধান বিশেষত্ব এই যে, তাৰ পানী সৰ্ব্বতিকাল একে দৰেই নিকা থাকে। পুৰণি ৰংপুৰ নগৰৰ [ ৭২ ] তলাতল ঘৰ পৃথিবীৰ ভিতৰত এটা আচৰিত বস্তুৰ লেখত লব পাৰি; ইয়াৰ মাটিৰ তলৰ তৃতীয় তলৰপৰা যি সুৰুঙ্গা-বাট দিখৌ আৰু গড়গাওঁ নগৰত ওলাইছিলগৈ, সি ইংলণ্ডৰ টেম্চ্ নৈৰ তলৰ সুৰুঙ্গা-বাটতকৈও অধিক বিস্ময়জনক আছিল। সেইবোৰৰ এতিয়া যি চিন্-মোকাম ৰৈছে, সি আহোমৰাজৰ সভ্যতাৰ এতিয়াও ফট্ফটীয়া চিনাকি দিব লাগিছে।
মুঠ্-কথা।—আগৰ দিনত অসমদেশ গোটেই ভাৰতবৰ্ষৰ এখন সৰু আৰ্হি আছিল। ইয়াত ভালেমান সৰু সৰু ৰজাই ৰাজত্ব কৰিছিল। সেইবিলাকৰ ওপৰত আহোম ৰজাৰ এক্তিয়াৰ চলিছিল। সেই কাৰণে, আহোমৰাজ অসমৰ সম্ৰাট আছিল। আহোমৰ শাসন-প্ৰণালী, ৰাজকীয় কাৰ্যবিধি আৰু যুগমীয়া কাৰুকাৰ্যাদি অতি ওখ খাপৰ আছিল।