সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
বুৰঞ্জীবোধ।

গুৱাহাটীলৈ লিখি পঠিয়ালে। সেই কাৰণে, মহেশ্বৰ ফুকন গৈ গুৱাহাটী নৌ পাওঁতেই বদনচন্দ্ৰ ফুকন পলাই কলিকতালৈ গুচি গল। তাৰ পাচত, তেওঁৰ ঠাইত ঘনশ্যামক বৰফুকন পতা হল।


 মানৰ ১ম, আক্ৰমণ।—বদনচন্দ্ৰ কলিকতাত গৈ বহি থকা নাছিল। তেওঁ সহায় বিচাৰি সেই কালৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয়োৰ কাষ চাপিলগৈ। কিন্তু, বদনচন্দ্ৰক সহায় কৰিবলৈ গৱৰ্ণৰ জেনেৰেল চাহাব মান্তি নহল। গতিকে, তেওঁ হতাশ হৈ উলটিবলৈ ধৰিছিল। এনেতে, বৰ্ম্মা দেশৰ ৰজাৰ এজেণ্ট এজনৰে সৈতে তেওঁৰ সাক্ষাৎ হয়। এজেণ্টৰ আগত তেওঁ সকলো কথা বিবৰি কলে। তাৰ পাচত, সেই এজেন্ট জনে বদনচন্দ্ৰক তেওঁৰ লগতে লৈ গৈ বৰ্ম্মা ৰজাৰ ওচৰত ভেঁটালেগৈ। এজেণ্টৰ কথা মতে বদনচন্দ্ৰক সহায় কৰিবলৈ ৰজা মান্তি হল। সেই মতে বদনচন্দ্ৰই ছহেজাৰ মানসেনা লগত লৈ, মণিপুৰে দি ঘুৰি, নামৰূপত সোমাই, ১৮১৬ খ্ৰীষ্টাব্দত আহোমৰাজ্য আক্ৰমণ কৰিলেহি। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সেই সময়ত টান নৰিয়া। তথাপি, নৰিয়া-গাৰেই ডাঙ্গৰীয়াই এজাক ৰণুৱা পঠিয়াই ঘিলাধাৰী নামে ঠাইতে বদনচন্দ্ৰক ভেটা দি ৰখালে। কিন্তু, ৰণত ৰজাঘৰীয়া সেনা ঘাটিল। সেই ছেগতে মান-সেনাৰে সৈতে বদনচন্দ্ৰ নগৰ সোমালহি। ডাঙ্গৰীয়াই নৰিয়া-গাৰেই আকৌ ভালকৈ ৰণ দিবলৈ যোযা কৰিছিল, এনেতে নৰিয়া টান হোৱাত তেখেত ঢুকাল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া ঢুকালত ৰজাৰ ফলীয়া সকলো মানুহ হতাশ হল। তাৰ পাচত,