পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
মানৰ দিন।

ব্ৰহ্মপুত্ৰত বুৰি মৰিল, এভাগে পলাই ফাট্‌ মাৰিলে। মান- সেনাপতিয়ে অগত্যা সন্ধিৰ প্ৰস্তাৱ কৰিলে। ইফালে বৃটিচৰো খাৰ-বাৰুদ আদি অন্ত পৰি অহা দেখি, স্কট্‌ চাহাবে সেই প্ৰস্তাব গ্ৰহণ কৰিলে। ১৮২৫ খ্ৰীষ্টাব্দত সেই সন্ধি মতে এই স্থিৰ হল যে, ইয়াৰ পাচত আৰু মানে অসমত কোনো উৎপাত লগাব নোৱাৰিব। যিবিলাক মান অসমত ৰৈ যাব, সিবিলাকে শান্তভাৱে বসতি কৰি থাকিব। অসম দেশত বৃটিচ, গৱৰ্ণমেণ্টৰ সম্পূৰ্ণ এক্তিয়াৰ চলিব। চন্দ্ৰকান্তসিংহ আৰু পুৰন্দৰসিংহ দুয়োজনা স্বৰ্গদেৱে বৃটিচ্‌ গৱৰ্ণমেণ্টৰপৰা পেন্‌চন্‌ পাব। এইদৰেই “মানৰ দিনৰ” উৎপাতে ৬ বছৰীয়া আহোমৰ দিনৰ সামৰণি পেলালে।

 কিন্তু, লৰ্ড আমহাৰ্ষ্ট সিমানতে সন্তুষ্ট নহল। তেওঁ চাৰ আৰ্চিবল কেম্বেল চাহাবক ভালেমান বৃটিচ্‌ সৈন্য দি বৰ্ম্মাদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। চাৰ আৰ্চিবলে পোনেই ডনাৰু নামে বৰ্ম্মা দেশৰ এখন ঠাই দখল কৰেগৈ। তাতে অসমলৈ অহা মিঙ্গিমাহা তিলোৱা ৰণত পৰিল। তাৰ পাচত, বৃটিচ্‌ ফৌজ ক্ৰমাৎ বৰ্ম্মা দেশৰ ভিতৰলৈ আগ বাঢ়িল। পিছে, সিমানতে বৰ্ম্মা-- ৰজাই ভয় খাই সন্ধিৰ প্ৰস্তাব কৰাত, চাৰ আৰ্চিবলে সেই প্ৰস্তাব গ্ৰহণ কৰিলে। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামে ঠাইত বৃটিচ্‌ আৰু বৰ্ম্মা ৰজাৰ মাজত সন্ধি কৰা হল।

সেই সন্ধিমতে বৃটিচ্‌ গৱৰ্ণমেন্ট বৰ্মা ৰজাৰপৰা আৰাকান, মাৰ্টবান আৰু টেনাচিৰিম এই কেইখন ৰাজ্য লাভ কৰিলে।