পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
মানৰ দিন।

স্বৰ্গদেৱে আকৌ নগৰ চমুজি ললে। কেপ্টেইন ওৱেলচ্‌ বঙ্গদেশলৈ উলটি গলগৈ। এয়ে মোৱামৰীয়াৰ তৃতীয় বা শেহ বিদ্ৰোহ।

মুঠ্‌-কথা।—খ্ৰীঃ ১৭৬৯ চনৰপৰা ১৭৯৩ চনলৈকে এই ২৪ বছৰৰ ভিতৰত "আহোমৰ দিন” বিষমকৈ পৰে। ভিতৰুৱা উৎপাতেই তাৰ কাৰণ। তাৰ ভিতৰত মোৱামৰীয়াৰ বিদ্ৰোহেই ঘাই। এই বিদ্ৰোহ তিনিবাৰ উঠিছিল। তাৰ উৎপাতত আহোম ৰাজ্যত তোলপাৰ লাগি উঠিছিল। আৰু তাৰ ফলত অসমৰ উজনি খণ্ডত মহা আকাল লাগিছিল। সেই অকালত এটেমী চাউলৰ বেচ্‌ ১৲ এটকা হৈছিল। এনে আপদৰ কালত ছেগ বুজি ঠায়ে-ঠায়ে ভালেমান সৰু-সৰু শাসনকৰ্তায়ে মুৰ দাঙ্গি উঠিছিল। যেতিয়া আকৌ সুদিন আহিল, তেতিয়া সেইবিলাকক “নপতা- ফুকন” বুলি ইতিকিং কৰা হৈছিল।

⸺৹⸺


৭। পাঠ।
আহোমৰ দিনৰ সামৰণি।
মানৰ দিন।

 মোৱাঁমৰীয়াৰ বিদ্ৰোহ মাৰ যোৱাৰ পাচত, ৰংপুৰৰপৰা যোৰহাটলৈ ৰাজধানী তুলি নিয়া হয়। তাৰ এবছৰৰ পাচতে