পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
বুৰঞ্জীবোধ।

কোৱঁৰৰ পুতেক, যোগেশ্বৰ কোঁৱৰক বৰ্ম্মা ৰজাৰ তলীয়াকৈ ৰজা পাতি লৈ নিজে ৰাজ্য চলাবলৈ ধৰিলে। এয়ে অসমত মানৰ তৃতীয় আক্ৰমণ।

 মহগড়ৰ ৰণ।—এইবাৰ আহোম কোৱঁৰক নামত মাথোন ৰজা পতা হল। আচলতে ৰজাৰ ক্ষমতা মান-সেনাপতিয়ে হে চলাইছিল। এই ভাৱেই বছৰদিয়েক পাৰ হল। পিচে, পৰৰ ৰাজ্য পৰে চলোৱাত প্ৰজাৰ দুখ-দুৰ্গতি বাঢ়িবলৈ ধৰিলে। পাচলৈ ৰজাঘৰত সহায় কৰক ছাৰি প্ৰজা নিজে তৰিব নোৱাৰাত পৰিল। মিঙ্গিমাহা তিলোৱাৰ লগত যি দহ হাজাৰ মানসেনা ৰাখিছিল, সিহঁতক পুহিবলৈ উপায় নোহোৱা হল। গতিকে, সেনাপতিৰ সঙ্কেত পাই সিহঁতে নিজে লুটপাট কৰি খাবলৈ ধৰিলে। সেই উদ্দেশ্যে মান-সেনাবিলাক দুভাগ হল। এভাগে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু ইভাগে দক্ষিণ পাৰে অসমীয়া প্ৰজাক লুটি খাবলৈ ধৰিলে। যি ফালেই মানসেনা যায়, সেইফালেই গাওঁ-ভুই উছন যোৱাৰ নিচিনা হয়। প্ৰজাৰ দুৰ্গতি দেখিব নোৱাৰি চন্দ্ৰকান্ত সিংহ, পুৰন্দৰসিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই বেজিনী, ভোটান আৰু ইফাল-সিফালৰপৰা গোটাই লৈ এজাক বৰবৰণীয়া ৰণুৱাৰে সৈতে, ১৮২১ খ্ৰীষ্টাব্দত মহগড় নামে ঠাইত মানক আক্ৰমণ কৰিলেগৈ। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে মনৰ বেজাৰত প্ৰাণটাকি খুঁজিবলৈ ধৰিলে। পাচলৈ মান-সেনাপতি তিলোৱা বিবুদ্ধি হৈছিলগৈ। এনেতে, বৰ্ম্মাদেশৰপৰা ভালেমান সৈন্যৰে সৈতে মিঙ্গিমাহা বন্দুলা নামেৰে আন এজন