পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
মানৰ দিন।

মান-সেনাপতিয়ে যোগ দিলেহি। গতিকে, ৰণত মান জিকিল। চন্দ্ৰকান্তসিংহ হুহকি পৰিল। ইয়াকে “মহগড়ৰ ৰণ” বোলে।

 “মহগড়ৰ ৰণ"ত মান জিকিল হয়, কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ হাতত সিহঁতে ভালকৈয়ে এসেকা পালে। সেই খঙ্গতে সিহঁত মতলীয়া হৈ উঠিল। সিহঁত নেগুৰত গছা সাপৰ দৰে হল। সিহঁতে নিৰ্জ্জু অসমীয়া প্ৰজাৰ ওপৰত তাৰ হোৰ তুলিবলৈ ধৰিলে। সিহঁতৰ উৎপাত আৰু অত্যাচাৰৰ কথা কবলৈ কথা নোলায়। নিঠুৰ মানতে সৰু সৰু লৰা-ছোৱালীক ফৰ্ম্মুটিয়াই গছৰ গুটী পাৰি খাইছিল। পাষণ্ডহঁতে গৰ্ব্ভাৱতী নাৰীৰ গৰ্ব্ভ ছিৰি ৰং চাইছিল। কিমান লৰা-ছোৱালীক পিচলৈ হাত জঁপাই শলা মাৰি থৈ এৰি গৈছিল। কুমলীয়া বাঁহগাজেৰে মৰিয়াই তাৰ সুং লগাই কিমানক লেলাত ভূঞ্জাইছিল। লৰা, ছোৱালী, মুনিহ, তিৰোতা ভালেমান মানুহ গোটাই একেটা ঘৰৰ ভিতৰত সুমুৱাই লৈ তাত জুই লগাই দি ৰং চাইছিল। বাঁহৰ ছাং পাতি তাৰ ওপৰত কেঁচুৱা লৰা-মাইকী, বুঢ়া, বুঢ়ী, লৰা ছোৱালী জাকৰুৱাকৈ তুলি তলত ধোঁৱা দি শাস্তি দি বধিছিল! এনে আৰু বিবিধ অত্যাচাৰৰ কথা কবলৈ গলে হিয়া বিদৰে! মানৰ এনে অসহনীয় উৎপাতৰ লগতে ছেগ ধৰি অসমৰ দাঁতি-কাষৰীয়া পৰ্ব্বতীয়া জাতিৰ মানুহেও অসমীয়া প্ৰজাৰ ওপৰত ডকাইতি কৰিবলৈ ধৰিলে। আন কি, পেটৰ পোৰণিত পৰি অসমীয়া মানুহেও মানৰ বেশ ধৰি গাওঁৱে-ভূইয়ে ডকাইতি কৰিবলৈ বাকী এৰা নাছিল। এনে মহা আপদত অসমীয়া প্ৰজাৰ মাজত হাহাকাৰ