ৰখীয়া থৈ, বাকীবিলাকৰে সৈতে তেওঁ নিজ দেশলৈ উলটি গল। এয়ে অসমত মানৰ দ্বিতীয় আক্ৰমণ।
মানৰ ৩, আক্ৰমণ।—অসম আক্ৰমণত দুবাৰকৈ জিকি মানহঁতৰ নটা লাগিল। তাতে আহোম ৰাজ্যৰ ভিতৰুৱা দুৰৱস্থা দেখি গৈ সিহঁতৰ মন আৰু বাঢ়িল। তাৰ উপৰি, অসম দেশৰ বহুমূলীয়া বস্তু-বেহানি আদি দেখি গৈ সিহঁতৰ বৰকৈ লোভ লাগিল। সেই কাৰণে, মানে এইবাৰ আপোন মনেৰে অসমদেশ আক্ৰমণ কৰিবলৈ আগ বাঢ়িলে। এনে সময়তে ইফালে চন্দ্ৰকান্ত- সিংহ স্বৰ্গদেৱেও আগলৈ মান আহিব নোৱাৰা কৰিবৰ মনেৰে উজনিৰ জয়পুৰত এটা গড় মৰাবলৈ স্থিৰ কৰিলে। পতাল বৰবৰুৱাৰ গাত সেই কামৰ ভাৰ পৰিল। গড় মৰাওঁতে বৰবৰুৱাৰ লগত মানদেশী বনুৱা মানুহো কিছুমান আছিল। সেই বনুৱাবিলাকে গড় মৰাৰ আচল উদ্দেশ্য বুজিব পাৰিলে। সেই কাৰণে, সিহঁতে বৰবৰুৱাক তাতে বধ কৰি নিজ দেশলৈ পলাই গুচি গল। তাৰ পাচত, সিহঁতে বৰ্ম্মা ৰজাৰ আগত ইফালৰ সকলো কথা বিবৰি কলেগৈ। বৰ্ম্মাৰ ৰজা খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে অসম দেশ আকৌ আক্ৰমণ কৰিবলৈ আজ্ঞা দিলে। সেই মতে, ভালেমান সৈন্য লগত লৈ মিঙ্গিমাহা তিলোৱা নামেৰে এজন মান-সেনাপতিয়ে অসমলৈ যাত্ৰা কৰিলে। মান অহা শুনি চন্দ্ৰকান্তসিংহ পলাই গুৱাহাটী পালেগৈ। গতিকে, মানে কোনো হকা-বধা নোপোৱাকৈয়ে আহোম ৰজাৰ নগৰ দখল কৰিলেহি। তাৰ পাচত, মিঙ্গিমাহা তিলোৱাই নিজৰ ৰজাৰ জেঠেৱীয়েক, বগা