পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
বুৰঞ্জীবোধ।

লাগি উঠিল। চাৰিওফালে “মানৰ দিন” বুলি বিপদৰ ঢৌ বিয়াপি পৰিল!

 অসম দেশত মানৰ এদনীয়া এক্তিয়াৰ চলিল। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে আকৌ ৰজা হবৰ আশা কৰি মানৰ শৰণাগত হৈছিলগৈ। কিন্তু, তেওঁৰ সেই আশা নফলিয়ালে। মান-সেনাপতিয়ে তেওঁক ক্ষমা নকৰি, ৰংপুৰতে বন্দী কৰাই থলে। ইয়াৰ পাচত, মানৰ মন দোপত্‌‌‌‌দোপে বাঢ়িবলৈ ধৰিলে। অসমৰ লগত চামিল কৰি লবৰ মনেৰে মান-সেনাপতিয়ে কাছাৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। কাছাৰৰ ৰজা চৰজিতসিংহই বৃটিচ্‌, গৱৰ্ণমেণ্টৰ ওচৰত সহায় ভিক্ষা কৰিলেগৈ। সেইমতে, কাছাৰ আক্ৰমণ নকৰিবলৈ মান-সেনাপতিক বৃটিচ, গৱৰ্ণমেন্টে অনুৰোধ কৰিলে। কিন্তু, মানে তালৈ যে কটাহি নকৰিলেই, চাহপুৰ নামে বৃটিচৰ দখলৰ ঠাই এডোখৰ বলেৰে দখল কৰিলেগৈ। সেই কথাত অপমান পাই লৰ্ড আমহাৰ্ষ্ট্‌ গৱৰ্ণৰ জেনেৰেলে মানৰ লগত ৰণ দিবলৈ স্থিৰ কৰিলে। সেই অনুসৰি, ১৮২৪ খ্ৰীষ্টাব্দত, স্কট আৰু মেক্‌মৰিণ্‌, চাহাবে দুদল বৃটিচ্‌ সৈন্য লৈ দুফালৰপৰা মানক বেৰি ধৰিলেগৈ। চাহপুৰত মানৰ লগত বৃটিচৰ এখন ৰণ লাগিল। সেই ৰাত মানহঁতে ঠাৱৰিব নোৱাৰি উজাই পলাবলৈ ধৰিলে, আৰু বৃটিচে পিচে-পিচে খেদি আনিলে। সেই ছেগতে, অসমীয়া প্ৰজাবিলাকেও ইফালৰপৰা হাটবৰ নামে ঠাইত মানহঁতক আগচি ধৰিলেগৈ। ইয়াতে আকৌ এখন ৰণ লাগিল। ৰণত মান উঠিব নোৱাৰাকৈ পৰিল; শেহান্তৰত সিহঁতৰ দুভাগ ৰণত পৰিল, এভাগ উধাতু খাই পাৰ হওঁতে