স্বৰ্গদেৱ গৌৰীনাথসিংহ স্বৰ্গী হল। তেওঁৰ পাচত, ১৭৯৫ খ্ৰীষ্টাব্দত, ৰূদ্ৰসিংহ মহাৰজাৰ ভায়েক নামৰূপীয়া ৰজা লেচাই গোহাঞিদেৱৰ নাতিৰ-নাতি কিণাৰাম গোহাঞিদেৱক ৰজা পতা হয়। ৰজা হোৱাৰ পাচত, তেওঁ কমলেশ্বৰসিংহ নাম লয়। তেওঁৰ দিনত নগৰ শাত আছিল যদিও, ভিতৰি ৰাজ্যত সুখ-শান্তি নাছিল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া আৰু কলিয়া-ভোমোৰা বৰফুকনৰ বলত মাথোন তেওঁ নিৰাপদে ১৬ বছৰ ৰাজপাট খাইছিল। তেওঁ স্বৰ্গী হোৱাত, তেওঁৰ ভায়েক চন্দ্ৰকান্তসিংহক ৰজা পতা হয়। ৰাজপাটত উঠোঁতে তেওঁৰ বয়স মুঠেই ১২ বছৰ হৈছিল। সেই কাৰণে, তেওঁ নামত হে ৰজা আছিল, ৰাজ্য চলাইছিল পুৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই।
লৰাকালত চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে সাধাৰণ লৰা-ছোৱালীৰ লগত উমলিয়েই দিন নিয়াইছিল। সেই ছেগতে গোটাদিয়েক সামান্য মানুহৰ লৰাই স্বৰ্গদেৱৰ বৰকৈ আশৈ পাই উঠিছিল। তাৰ ভিতৰত ভুত নামেৰে কুকুৰাচোৱা বৰা এজনৰ পুতেক শতৰাম ঘাই। শতৰামে ৰজাৰ লাই পাই ভেম্ ধৰি উঠিলে। পাচলৈ সি কাকো গণিতাকে নকৰা হল। আন কি, ৰাজ্যৰ ধৰণী যেন পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰে সৈতেও সি ফেৰ পতা হল। এই কথা অসহনীয় হোৱাত ডাঙ্গৰীয়াই তাৰ উচিত বিধান কৰিবলৈ মন দিলে। তাৰ গম্ পাই, ইফালে শতৰামেও আগৰ লগৰীয়া ভালেমান ডাঙ্গৰীয়া-বিষয়াৰ লৰাৰে সৈতে গোট খাই ডাঙ্গৰীয়াৰ অপকাৰ কৰিবলৈ আলচ পাতিলে। আন কি,