পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
বুৰঞ্জীবোধ।

সেই একে সময়তে আহোম ৰজাৰ হাতৰপৰাও অসম দেশ বৃটিচ, গৱৰ্ণমেণ্টৰ হাতলৈ লাচতে পাৰ হল। ইয়াকে “ইয়াণ্ডাবু সন্ধি" বোলে।

 মুঠ্‌-কথা।—আগৰ দিনত বৰ্ম্মাদেশৰ মানুহক মান বোলা হৈছিল। সেই মানে অসম দেশ তিনিবাৰ আক্ৰমণ কৰেহি। সেই আক্ৰমণতে অসম দেশ জুৰুলা হয়। সেই সময়ত অসমীয়া প্ৰজাৰ দুখ-দুৰ্গতিৰ সীমা নাছিল। পাচলৈ “মানৰ দিন” বুলি অসম দেশত অত্যাচাৰৰ ঢৌ উঠিছিল। সেই “মানৰ দিনেই” “আহোমৰ দিনৰ" সামৰণি পেলায়। শেহান্তৰত বৃটিচ্‌ ৰাজৰ আগমনে অসমক মানৰ উৎপাতৰপৰা ৰক্ষা কৰিলে। ১৮২৫ খ্ৰীষ্টাব্দৰ সন্ধিমতে আহোম ৰজাক বৃটিচ্‌ ৰাজৰ পেঞ্চনভোগী কৰা হয়। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হয়। সেই সন্ধিমতে বৰ্ম্মা ৰজাৰপৰা আৰাকান, মাৰ্টাবান আৰু টেনাচেৰিম এই কেইখন ৰাজ্য বৃটিচ্‌ৰাজে লাভ কৰে। আৰু, সেই ছেগতে অসম দেশো বৃটিচৰ হাতলৈ পাৰ হয়।