সেই বিষয়ত গুৱাহাটীৰপৰা বদনচন্দ্ৰ বৰফুকনেও তলে তলে শতৰামক উদ্গাই টিপ দিছিল। কাৰণ, পূৰ্ণানন্দ ডাঙ্গৰীয়াৰে সৈতে বদনচন্দ্ৰ বৰফুকনৰ পেটে পেটে ভাল নাছিল। পিছে, যথাসময়ত বৰমুৰীয়া বিষয়াসকলৰে সৈতে তিনিওজনা ডাঙ্গৰীয়া চৰাত বহিল। তিনিওজনা ডাঙ্গৰীয়া একেলগে চৰাত বহিলে ৰজাকো ভাঙ্গিব পাৰে। সেই কাৰণে, স্বৰ্গদেৱ চৰালৈ নোলাল। বিচাৰত শতৰামক নগৰৰ বাজকৈ আঁতৰাই বন্দী কৰিবলৈ স্থিৰ হল। শতৰামৰ লগত ভালেমান ডাঙ্গৰীয়া-বিষয়াৰ লৰাও যোগ আছিল। সেই কাৰণে, সেই কথা লৈ উজনি অসমত তোলপাৰ লাগি পৰিছিল। ইয়াকে “কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ" বোলে।
“কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ” যেতিয়া গুৱাহাটী পালেগৈ, তেতিয়া বদনচন্দ্ৰ বৰফুকন ভয়ত অস্থিৰ হৈ পৰিল। কাৰণ, সেই সময়ত তেওঁ কামৰূপীয়া প্ৰজাৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল; আৰু নগৰত ডাঙ্গৰীয়াই তাৰ সম্ভেদ পাই আছিল। তাতে শতৰামৰ লগত বৰফুকন ভিতৰি যোগ থকা কথাও ওলাই পৰিল। এনেতে, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই নগৰৰ ভিতৰৰ উৎপাত, গুচাই লৈ কামৰূপৰ ফালে মন দিলে। বদনচন্দ্ৰ বৰফুকনক ধৰি আনিবৰ নিমিত্তে মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিওৱা হল। কিন্তু, এই কথাৰ সম্ভেদ বদনচন্দ্ৰই আগধৰিয়েই পালে। বৰফুকনৰ জীয়েক পিজৌ গাভৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বোৱাৰীয়েক। তেওঁৰ দেউতাকৰ বিৰুদ্ধে নগৰত যি আয়োজন হৈছিল, তাৰ বিষয়ে তেওঁ গোপনে