হয়। যেনে, যুবতী জায়া যাৰ সি যুবজানি, সেই দৰে, সীতাজানি (ৰাম)।
২৫। সহ আৰু সমান শব্দ সমস্ত পদৰ আগত থাকিলে, সিহঁতৰ স মাথোন থাকে, আৰু সহ (সহিত) শব্দৰ যোগত হোৱা সমস্ত পদৰ শেষত প্ৰায় এটা ক হয়। যেনে, কৰ্ম্মৰ সহিত আছে যি সি সকৰ্ম্মক, স্ত্ৰীৰ সহিত আছে যি সি সস্ত্ৰীক, সমান গোত্ৰ যাৰ সি সগোত্ৰ, সমান পিণ্ড যাৰ সি সপিণ্ড, সমান (একে) উদৰৰ পৰা জন্ম যাৰ সি সোদৰ। কেতিয়াবা সহ শব্দ তেনেই থাকে। যেনে, সহোদৰ।
২৬। গন্ধ শব্দৰ আগত সু (সুন্দৰ) শব্দ দি সমাস কৰিলে, তাৰ দুটা ৰূপ হয়, সুগন্ধ আৰু সুগন্ধি। স্বভাৱতে যাৰ গন্ধ ভাল সি সুগন্ধি, আৰু আন বস্তুৰ যোগত যাৰ গন্ধ ভাল হৈছে সি সুগন্ধ। যেনে, সুগন্ধি ফুল, সুগন্ধ বায়ু, জল ইত্যাদি।
২৭। বিশেষ্য আৰু বিশেষণ পদৰ বহুব্ৰীহি সমাস হলে, সংস্কৃতত বিশেষণ পদ আগত থাকে। তাৰ উদাহৰণ আগত দিয়া হৈছে। যেনে, স্থিৰ বুদ্ধি = স্থিৰবুদ্ধি, দুষ্ট মতি = দুষ্টমতি। কিন্তু অসমীয়াত বিশেষণ পদ পাচত বহে। যেনে, হিয়া যাৰ খাল সি হিয়াখাল, হাত যাৰ দীঘল সি হাতদীঘল, ৰদেই যত ঘাই সি ৰদঘাই। সেইদৰে, মাজডাঙৰ, কঁকালসৰু, জাৰঘাই, জহঘাই।
অসমীয়া ভাষাত বহুব্ৰীহি সমাসৰ নিয়ম যে অলপ