ইতৰেতৰ দ্বন্দ্ব।
৭। যি দ্বন্দ্ব সমাসত প্ৰত্যেক ব্যস্ত পদৰ অৰ্থ থাকে,
তাক ইতৰেতৰ দ্বন্দ্ব বোলে। ইতৰেতৰ দ্বন্দ্বৰ সমস্ত পদটো
সদায় বহুবচন হয়। যেনে, ৰাম আৰু লক্ষ্মণ = ৰামলক্ষ্মণ,
ৰাম আৰু ৰাৱণ = ৰামৰাৱণ, লৱ আৰু কুশ= লৱকুশ, ভীম
আৰু অৰ্জ্জুন = ভীমাৰ্জুন, লাই আৰু লেচাই = লাইলেচাই,
সেই দৰে ৰামকৃষ্ণ, হৰিহৰ, সুৰাসুৰ, আকাশ পাতাল, স্বৰ্গনৰ্ক,
শিকিয়াবিৰিয়া, ধেনুশৰ, গাখীৰগুড়, ধানচাউল, টকাকড়ি,
তিলকুশ, খাৰুমণি, ফোঁটৰেঘা, ঢাৰিপাটী, তেলপানী।
আৰু যেনে, আম আৰু কঁঠাল = আমকঁঠালবোৰ, হাঁহ
আৰু পাৰ = হাঁহপাৰবোৰ, বেঙেনা আৰু জনকীয়া = বেঙেনা-
জলকীয়াবোৰ, সেই দৰে ধানচাউলবোৰ, গৰুছাগলীবোৰ,
ধনসম্পত্তিবোৰ, কাপোৰকানিবোৰ, পাচিখৰাহিবোৰ।
আৰু যেনে, কনা, কুজা, আৰু ভেঙ্গুৰা = কনাকুজাভেঁঙ্গুৰা
বা কনাকুজাভেঙ্গুৰ; লৰা, বুঢ়া, আৰু ডেকা = লৰাবুঢ়াডেকা;
দধি, দুগ্ধ, আৰু মধু = দধিদুগ্ধমধু; মাহ, সৰিয়হ, আৰু
ধান = মাহসৰিয়হধান।
আৰু যেনে, ধনবিত আৰু কাপোৰ কানি = ধনবিত-
কাপোৰকানি, লৰা বুঢ়া আৰু মতামাইকী = লৰাবুঢ়ামতা-
মাইকী, ঘৰবাৰী আৰু খেতিপথাৰ = ঘৰবাৰীখেতিপথাৰ।
৮। দ্বন্দ্ব সমাসত গোট খোৱা পদবিলাকৰ ভিতৰত মান্য বুজুৱা পদ প্ৰায় আগত বহে। যেনে, ৰামলক্ষ্মণ,